২০ বছৰৰো অধিক সময়ৰ বিচ্ছেদৰ অন্তত অৱশেষত নিজ পৰিয়ালৰ মাজলৈ ঘূৰি আহিল এগৰাকী দুৰ্ভগীয়া যুৱতী। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত কড়িৱিল বঙালী গাঁৱৰ মঞ্জু মাৰ্ডী নামৰ যুৱতীগৰাকী মাত্ৰ সাত বছৰ বয়সতে গহপুৰৰ পৰা নিৰুদ্দেশ হৈছিল। এই অসম্ভৱক সম্ভৱ কৰি তুলিলে ‘ডিষ্ট্ৰিক্ট কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰেম’ (DCDP) নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ তৎপৰতাই।
জানিব পৰা মতে, ২০০১ চনত মঞ্জুৰ পিতৃ কৃষ্ণৰাম মাৰ্ডীয়ে আন এগৰাকী মহিলাৰ সৈতে মঞ্জুক ডিমাপুৰলৈ লৈ গৈছিল আৰু তাত এগৰাকী নাগা লোকৰ ঘৰত ঘৰুৱা সহায়িকা হিচাপে কামত থৈ আহিছিল। কিন্তু কিছুদিন পিছতে তেওঁলোকৰ সৈতে যোৱা মহিলাগৰাকীৰ মৃত্যু হোৱাত নিয়োগকৰ্তাৰ সৈতে পৰিয়ালৰ সকলো যোগাযোগ বিছিন্ন হৈ পৰে। চৰম দৰিদ্ৰতাৰ মাজতো পিতৃ কৃষ্ণৰামে নিজৰ পোহনীয়া পশু বিক্ৰী কৰি বছৰ বছৰ ধৰি কন্যাক বিচাৰি হাবাথুৰি খাইছিল যদিও কোনো শুংসূত্ৰ পোৱা নাছিল।
মঞ্জুৱে যোৱা ২০ বছৰত দুই-তিনজন নিয়োগকৰ্তাৰ ঘৰত কাম কৰিছিল। যোৱা দুবছৰ ধৰি তেওঁ ভিক্টৰ মুৰী নামৰ এজন ব্যক্তিৰ ঘৰত কৰ্মৰত আছিল। মঞ্জুৱে বাৰে বাৰে ঘৰলৈ ঘূৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰাত ভিক্টৰ মুৰীয়ে অসমৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ সৈতে যোগাযোগ কৰে।
যোৱা ৩১ ডিচেম্বৰত তেওঁ ‘ডিচিডিপি’ (DCDP)-ৰ সম্পাদক ক্ৰেটোফিল ভেংৰাৰ সৈতে যোগাযোগ কৰি মঞ্জুৰ পিতৃ-মাতৃৰ নাম জনায়। সংগঠনটোৰ সম্পাদকে তৎপৰতাৰে অনুসন্ধান চলাই মঞ্জুৰ পিতৃ কৃষ্ণৰাম মাৰ্ডীক বিচাৰি উলিয়াবলৈ সক্ষম হয়।
সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰাৰ পিছত, কেইদিনমান পূৰ্বে নিয়োগকৰ্তা ভিক্টৰ মুৰী, তেওঁৰ পৰিয়ালৰ সদস্য আৰু ডিমাপুৰ এডিচি কাৰ্যালয়ৰ এজন বিষয়াৰ তত্ত্বাৱধানত মঞ্জুক কড়িৱিলস্থিত নিজ গৃহলৈ লৈ অহা হয়। ২০ বছৰৰ মূৰত নিজ কন্যাক কাষত পাই পৰিয়ালটোৱে এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে।
প্ৰথম অৱস্থাত মঞ্জুৱে পৰিয়ালৰ সদস্য বা গাঁৱৰ লোকসকলক চিনি পোৱা নাছিল যদিও লাহে লাহে তেওঁলোকক চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছে। নিজ গৃহলৈ ঘূৰি আহি মঞ্জুৱে স্বেচ্ছাসেৱী সংগঠনটোৰ লগতে ডিমাপুৰৰ নিয়োগকৰ্তাৰ শলাগ লয়। এনজিঅ’টোৰ এই মানৱীয় পদক্ষেপক সমগ্ৰ অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।





