আগন্তুক লোকসভা নিৰ্বাচনত ১২ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে শিৱসাগৰ জিলাত SVEEP (Systematic Voters’ Education and Electoral Participation) ৰ অন্তৰ্গত জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে আজি ‘১ ৰ পৰা ১১’ শীৰ্ষক এক অভিযানৰ শুভাৰম্ভ কৰে।
অভিযানৰ শুভাৰম্ভণি উপলক্ষে উপায়ুক্ত কাৰ্য্যালয়ত থকা চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ তিনিওটা সমষ্টিৰ পৰা বাচনি কৰা ১৮ খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ মাজত এই আঁচনিৰ প্ৰচাৰ সামগ্ৰী বিতৰণ কৰাৰ উপৰিও
উপায়ুক্তগৰাকীয়ে এই অভিযান সম্পৰ্কে প্ৰস্তুত কৰা এটা চুটি ভিডিঅ’ অনুষ্ঠানিকভাৱে উন্মোচন কৰে। জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত নিৰ্মিত এই ভিডিঅ’ৰ দৃশ্য-শ্ৰাব্য ৰূপ দিছে প্ৰাঞ্জল প্ৰতীম চেতিয়াই।
‘১ ৰ পৰা ১১’ অভিযানৰ অধীনত ১৮ খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্র-ছাত্ৰী সকলক গণতন্ত্ৰৰ দূত ৰূপে গণ্য কৰি তেওঁলোকৰ সহায়ত ৰাইজৰ মাজত ভোটদান সম্পৰ্কে সজাগতা বৃদ্ধি কৰা হ’ব। ভোটদানৰ দিনা এই ছাত্র-ছাত্ৰী সকলে নিজ নিজ অঞ্চলৰহ গাঁও, চুবুৰীৰ পৰা প্ৰতিজনে অতিকমেইও ১০ গৰাকী ভোটাৰৰ ভোটদান নিশ্চিত কৰিব।
‘১ ৰ পৰা ১১’ আঁচনিখন উদ্বোধন কৰি জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্তগৰাকীয়ে ইয়াৰ জৰিয়তে সমষ্টি কেইটাত ভোটদানৰ হাৰ বহু পৰিমাণে বৃদ্ধি হোৱাৰ লগতে গণতন্ত্ৰৰ দূতস্বৰূপ ছাত্ৰ- ছাত্ৰী সকলো সজাগ আৰু সচেতন হ’ব বুলি আশা প্ৰকাশ কৰে।
সভাত নির্বাচনী বিষয়া জগদীশ ব্ৰহ্ম, SVEEP ৰ নডেল বিষয়া অধ্যাপক ডঃ প্ৰতীম শৰ্মা, বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল উপস্থিত থাকে।