• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিছন ইন্দ্ৰধনুস ৪.০ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই

দেশৰ ৩৩ খন ৰাজ্যত শিশু আৰু গৰ্ভৱতী মহিলাক টিকাকৰণৰ বৃহৎ পদক্ষেপ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
February 7, 2022 3:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সাধাৰণ টিকাকৰণৰ উপৰি ‘সৰ্বাত্মক মিছন ইন্দ্ৰধনুস’ৰ যোগেদি ৰাজ্যখনৰ সৰ্বস্তৰৰ নৱজাতক আৰু গৰ্ভৱতী মহিলাক সামৰি লোৱা হ’ব আৰু এনেদৰে অসমৰ বছৰি ৬ লাখৰ লক্ষ্যত আমি উপনীত হ’ব পাৰিম৷’ আজি দিল্লীত কেন্দ্ৰীয়ভাৱে ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰা ‘সৰ্বাত্মক মিছন ইন্দ্ৰধনুস’ৰ উদ্বোধনী অনুষ্ঠানত কামৰূপৰ আজাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ভাগ লৈ সাংবাদিকেৰে হোৱা বাৰ্তলাপত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এইদৰে কয়৷

তেওঁ আৰু কয় যে নিয়মীয়া প্ৰতিষেধক প্ৰদান কাৰ্য চলি থকাৰ উপৰি এই বিশেষ অভিযানেৰে প্ৰতিষেধক ল’বলৈ বাকী ৰৈ যোৱা শিশু তথা গৰ্ভৱতী মহিলাসকলক সামৰি লোৱাৰ বাবে তিনিটা মাহৰ নিৰ্দিষ্ট দিন নিৰ্দ্ধাৰণ কৰা হৈছে৷ সেই অনুসৰি চলিত মাহত আজিৰ পৰা অহা ১৫ ফেব্ৰুৱাৰীলৈ, মাৰ্চ মাহত ৭ পৰা ১৫ মাৰ্চলৈ আৰু এপ্ৰিল মাহত ৪ পৰা ১২ এপ্ৰিললৈ তিনিটা পৰ্যায়ত এই অভিযান চলোৱা হ’ব৷

Apply Now

মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোত শিশুক প্ৰতিষেধক প্ৰদান কৰি ৰাজ্যখনত এই অভিযান মুকলি কৰি বিশেষকৈ কোভিডৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে টিকাগ্ৰহণৰ পৰা বঞ্চিত হোৱা শিশুসকলক প্ৰতিষেধক প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷

আনহাতে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে দিল্লীৰ পৰা দেশৰ ৩৩ খন ৰাজ্যত শিশু আৰু গৰ্ভৱতী মহিলাক টিকাকৰণৰ বাবে ৰূপায়ণ কৰিবলগীয়া ‘চতুৰ্থ সৰ্বাত্মক মিছন ইন্দ্ৰধনুস’ৰ শুভ উদ্বোধন কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বিশ্বই এতিয়া ভাৰতৰ পৰা অনুপ্ৰেৰণা লয়৷

‘সৰ্বাত্মক মিছন ইন্দ্ৰধনুস ৪.০’ পূৰ্ণ সফলতাৰে সম্পন্ন কৰি এতিয়া ভাৰতে বিশ্বৰ বাবে আন এক উদাহৰণ প্ৰস্তুত কৰিব লাগে৷ ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে এই টিকাকৰণ হৈছে দেশৰ ভৱিষ্যত নাগৰিকক সুৰক্ষিত কৰাৰ অভিযান৷ সেয়ে এই কাৰ্যত জড়িত সকলোৱে ভাবিব লাগে যে তেওঁলোকে ইয়াৰ যোগেদি জনতাক উৎকৃষ্ট সেৱা আগবঢ়াই আছে, কিয়নো এই সেৱাই কাৰোবাৰ জীৱন সুৰক্ষিত কৰি আছে৷

এই প্ৰতিষেধক প্ৰদানৰ হাৰ ২০১৪ চনৰ ৪৩ শতাংশৰ বিপৰীতে এতিয়া ৭৬ শতাংশ হোৱা বুলি উল্লেখ কৰি ‘সকলোৰে প্ৰয়াস’ৰ জৰিয়তে এইবাৰ ইপ্সিত ৯০ শতাংশৰ লক্ষ্যত উপনীত হ’ব পাৰিব বুলিও তেওঁ কয়৷ চিকিৎসা কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত হাজাৰ বাধা-বিঘিনি অতিক্ৰম কৰি এতিয়ালৈ দেশত ১৭০ কোটি কোভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ দৰে সেই একেই দায়বদ্ধতা আৰু প্ৰচেষ্টাৰ ফলত মিছন ইন্দ্ৰধনুসো সফল হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত পৌৰসভা, গাঁও পঞ্চায়ত প্ৰশাসনৰ সহায় লোৱাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷

ইয়াৰ আগেয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সচিব ৰাজেশ ভূষণে তেওঁৰ আদৰণি ভাষণত ভাৰতক বিশ্বৰ ভিতৰতে সকলোতকৈ বৃহৎ সাৰ্বজনীন টিকাকৰণ অভিযান চলোৱা দেশ বুলি উল্লেখ কৰি কয় যে এইবাৰৰ অভিযানত দেশৰ ৩৩ খন ৰাজ্যৰ ১১৬ খন জিলা সামৰি লোৱা হ’ব৷ ইয়াৰ জৰিয়তে প্ৰতিষেধকৰে নিবাৰণ কৰিব পৰা ১২ টা বেমাৰৰ প্ৰতিষেধক প্ৰদান নিশ্চিত কৰা হ’ব আৰু প্ৰতিগৰাকী গৰ্ভৱতী মহিলা আৰু দুবছৰলৈকে শিশুৰ যাতে সম্পূৰ্ণ টিকাকৰণ কৰা হয়, তাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷ এইবাৰ এই মিছন দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰথম পৰ্যায়ত অসমকে ধৰি ১১ খন ৰাজ্যই ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত আৰু বাকী ২২ খন ৰাজ্যই মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত এই অভিযান চলাব বুলি কয়৷

আজি আজাৰৰ পৰা এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালককে ধৰি বিভাগৰ অন্যান্য বিষয়াসকল, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ উপৰি আজাৰা অঞ্চলৰ হিতাধিকাৰীসকল উপস্থিত থাকে৷

উল্লেখযোগ্য যে বিশেষভাৱে সাতটা ৰোগ যেনে ডিপথেৰিয়া, টিটেনাচ, হুপিংকাঁহ, টিবি, হেপাটাইটিছ বি, পলিঅ’ আৰু বসন্ত আদি ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰি সাতোৰঙী ৰামধেনুৰ দৰে সুৰক্ষিত ৰঙীণ জীৱন শিশুক উপহাৰ দিয়াৰ বাবে প্ৰাথমিকভাৱে এই মিছন ২০১৪ চনৰ ২৫ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল৷ পিছলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে ২০১৭ চনৰ ৮ অক্টোবৰত সৰ্বাত্মক ৰূপত এই মিছন আৰম্ভ কৰা হয় আৰু আজি চতুৰ্থ বাৰৰ বাবে এই সৰ্বাত্মক অভিযান মুকলি কৰা হয়৷

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd