• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“লিপিৰ নামতকৈ বিষয়বস্তু বেছি কৰাত গুৰুত্ব দিয়ক”, য়ুনিক’ড মান সম্পৰ্কীয় বক্তৃতানুষ্ঠানত কিশোৰী মোহন কোঁৱৰ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
October 4, 2019 6:58 pm
য়ুনিক'ড মান সম্পৰ্কীয় বক্তৃতানুষ্ঠানত এজন আলোচক কিশোৰী মোহন কোঁৱৰ।

য়ুনিক'ড মান সম্পৰ্কীয় বক্তৃতানুষ্ঠানত এজন আলোচক কিশোৰী মোহন কোঁৱৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

য়ুনিক’ডে অসমীয়া বৰ্ণমালাৰ আখৰবোৰক বেংগলী নে অসমীয়া নামৰ অধীনত ৰাখিছে সেইটো গুৰুত্বপূৰ্ণ নহয় আৰু কেৱল আৱেগতে এইটোত লাগি থকা হৈছে বুলি মন্তব্য কৰিছে কিশোৰী মোহন কোঁৱৰে।

তেওঁ অসমীয়া লিপিক য়ুনিক’ড কনছৰ্টিয়ামে বেংগালী নামেৰে উপস্থাপন কৰা সন্দৰ্ভত বক্তব্য দাঙি ধৰিবলৈ গৈ এইদৰে কয়।

Apply Now

জানিব পৰামতে, কোঁৱৰ আমেৰিকাৰ মেছাচুছেটছ ইনষ্টিটিউট অব টেকন’লজিৰ গৱেষক পণ্ডিত।

যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ পাঠ্যক্ৰম বিভাগে যোৰহাট প্ৰেছ ক্লাবত ৩ অক্টোবৰত আয়োজন কৰা “য়ুনিক’ড আৰু অসমীয়া ভাষাৰ ভৱিষ্যত” শীৰ্ষক এটা বক্তৃতানুষ্ঠানত ভাগ লৈছিল কোঁৱৰে।

তেওঁ ইণ্টাৰনেট জগতত অসমীয়া ভাষাত অধিক বিষয়বস্তু থকাটোহে গুৰুত্বপূৰ্ণ বুলি কয়।

উল্লেখ কৰিব পাৰি যে য়ুনিক’ড কনছ’ৰ্টিয়ামে আই এছ অ’ৰ (International Organization for Standardization) হৈ বিশ্বৰ বিভিন্ন ভাষাবোৰৰ লিপিবোৰক ডিজিটেল জগতৰ বাবে নাম সহ স্বীকৃতি দিয়ে আৰু ইয়াকে ISO মান (বিকল্পে য়ুনক’ড মান) বুলি কোৱা হয়। সেই স্বীকৃতিৰ পিছতে লিপিবোৰক (আখৰ, চিহ্নবোৰ) কনছ’ৰ্টিয়ামে য়ুনিক’ড নামৰ এটা সৰ্বজননী ধৰণৰ encoding পদ্ধতিৰ ভিতৰলৈ নিয়ে আৰু ফলত উক্ত লিপিৰ আখৰ, চিহ্নবোৰ তথ্য-প্ৰযুক্তিৰ জগতখনত সাৱলীল ব্যৱহাৰ সম্ভৱ হয়।

লিপি সম্পৰ্কীয় কাম কৰা আন আন আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰেও এই স্বীকৃতি আৰু মানক ভিত্তি কৰিয়ে সিদ্ধান্ত লয় আৰু কাম কৰে।

য়ুনিক’ড কনছ’ৰ্টিয়াম নামৰ এই বেচৰকাৰী সংস্থাটোৱে অসমীয়া লিপিটোক বেংগালী লিপি বুলি চিহ্নিত কৰি সেইমতে তেওঁলোকৰ code chart-ত উপস্থাপন কৰি থৈছে, যিটো কথাক লৈ অসমীয়া মানুহে দীৰ্ঘদিনৰ পৰা আপত্তি আৰু প্ৰতিবাদ কৰি আহিছে। ইয়াৰ বাবে বিভিন্ন অসুবিধাও হৈছে লিপিটোৰ ব্যৱহাৰকাৰীৰ।

আপত্তি আৰু প্ৰতিবাদৰ প্ৰভাৱতে কনছ’ৰ্টিয়ামে লিপিটোৰ নাম লিপিবিলাকৰ তালিকাত কিছু বছৰৰ পূৰ্বে Bengali and Assamese বুলি নামকৰণ কৰিবলৈ বাধ্য হৈছিল।

কিন্তু তৎসত্ত্বেও ভিতৰৰ মূল script-খনৰ নাম Bengali আৰু character-বোৰৰ নামো Bengali বুলিয়েই ৰাখি ইয়াক এটা আভুৱা ভাৰা যেন কাম কৰে য়ুনক’ড কনছ’ৰ্টিয়ামে।

যোৱা বছৰ জুন মাহত লণ্ডনৰ ISO-ৰ বৈঠকত এই সমস্যাটো উপস্থাপনৰ বাবে অসমৰ পৰা চৰকাৰী উদ্যোগত এটা প্ৰতিনিধি দল গৈছিল। কিন্তু বিষয়টোত অধিক বিস্তাৰিত প্ৰতিবেদনৰ প্ৰয়োজন দেখুৱাই দলটোক কেৱল আশা দিয়ে বিমুখ কৰে ISO/Unicode কৰ্তৃপক্ষই।

কোঁৱৰে অৱশ্যে নিজৰ ভাষণত এইবোৰত লাগি থকাৰ পৰিৱৰ্তে ভাষাটোত অধিক বিষয়বস্তু ইণ্টাৰনেট জগতত উপলব্ধ কৰাৰ সপক্ষে জোৰ দিয়ে। য়ুনিক’ড কনছৰ্টিয়ামৰ দ্বাৰা অসমীয়া লিপিৰ নাম, মৰ্য্যাদা আৰু ইতিহাস অৱমাননাক সৰু আৰু আৱেগিক বিষয় আখ্যা কোঁৱৰৰ।

“অসমীয়া লিপিৰ বাবে সুকীয়া শ্লটৰ দাবী আৱেগৰ ওপৰত ভিত্তি কৰিছে আৰু কেনেকৈ নামটো থাকে তাৰ ওপৰত কোনো পাৰ্থক্য নাহে। গোটেই বিশ্বজুৰি কেইবাটাও ভাষাই ইংৰাজী বৰ্ণমালাখন ব্যৱহাৰ কৰে, কিন্তু কোনেও সুকীয়া শ্লট বিচাৰি আপত্তি কৰি থকা নাই। এই সকলোকে ৰোমান বৰ্ণমালাৰ অধীনত সামৰি লোৱা হৈছে”, য়ুনিক’ড কনছ’ৰ্টিয়ামে নাম বিকৃত বা সলনি নকৰা ৰোমান লিপিৰ উদাহৰণ দি কোঁৱৰৰ মন্তব্য।

কিছু বছৰৰ পূৰ্বে কোঁৱৰে লুইতপেড নামৰ এটা অসমীয়া টাইপিং টুলো নিৰ্মাণ কৰিছিল।

কোঁৱৰৰ সৈতে তেওঁৰ এজন বন্ধু তথা কম্পিউটাৰ ইঞ্জিনীয়াৰ নীল বাৰূৱতীয়েও আলোচনাটোত ভাগ লয়।

বাৰূৱতীয়ে কয় যে যদিহে অসমীয়া মানুহে সুকীয়া শ্লট বিচাৰে, তেতিয়া হ’লে তেওঁলোকে ইতিপূৰ্বে য়ুনিক’ড এনক’ডিং হৈ থকাবোৰৰ পৰা পৃথক ধৰণৰ আখৰ, চিহ্ন লৈ আগ বাঢ়িব লাগিব, যিটোত সময়, টকা-পইচা, বিশেষ জ্ঞান আদিৰ প্ৰয়োজন আছে। কোঁৱৰৰ দৰে তেৱোঁ অসমীয়া ভাষাৰ বিষয়বস্তু অনলাইনত বৃদ্ধি কৰাৰ পোষকতা কৰে। অসমীয়া অভিধান, অৰ্থ-অভিধান (thesaurus), স্পেলচেক, অসমীয়া OCR আদিৰ প্ৰয়োজনীয়তা দোহাৰে।

বক্তৃতানুষ্ঠানটোত আছামীজ ছ’চাইটি ফৰ ইণ্টাৰনেশ্যনেল ক’অপাৰেইশ্যনেও সহযোগ কৰিছিল।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd