• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মিথুন মানহাছ হ’ব বিচিচিআইৰ নতুন সভাপতি! কোন এই মানহাছ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2025 4:32 pm
103
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ৰিকেট ব’ৰ্ড বিচিচিআইত অধিষ্ঠিত হ’ল এগৰাকী নতুন সভাপতি। পূৰ্বৰ সভাপতি ৰ’জাৰ বিন্নীৰ কাৰ্যকাল শেষ হোৱাৰ পিছৰ পৰাই নতুন সভাপতিত্বক লৈ জল্পনা কল্পনা চলি আছিল। শেহতীয়া তথ্য অনুসৰি প্ৰাক্তন ক্ৰিকেটাৰ মিথুন মানহাছ বিচিচিআইৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে। বিচিচিআইৰ শীৰ্ষ পদত আৰোহণ কৰা মানহাছ জম্মু-কাশ্মীৰৰ পৰা অহা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে ৪৫ বছৰীয়া মিথুন মানহাছ ঘৰুৱা ক্ৰিকেটত এক পৰিচিত নাম। দিল্লীৰ হৈ ১৫৭ খন প্ৰথম শ্ৰেণীৰ মেচত ৯,৭১৪ ৰান সংগ্ৰহ কৰাৰ লগতে তেওঁ ১৩০ খন লিষ্ট এ আৰু ৯১ খন টি–২০ মেচ খেলিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰতিনিধিত্বৰ সুযোগ নাপালেও আই পি এলত দিল্লী ডেয়াৰডেভিলছ, পুনে ৱাৰিয়ৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল। শেহতীয়াকৈ তেওঁ জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু দুলীপ ট্ৰফীৰ উত্তৰ মণ্ডলৰ আহ্বায়ক তথা গুজৰাট টাইটানছৰ সহায়ক কৰ্মচাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Apply Now

বিচিচিআইৰ নিয়ম অনুসৰি ৭০ বছৰৰ ওপৰত কোনো বিষয়ববীয়া এই পদত বহিব নোৱাৰে। সেয়ে ৰ’জাৰ বিন্নীয়ে ছেপ্তেম্ব মাহত পদত্যাগ কৰিছিল। নতুন সভাপতি নিৰ্বাচনৰ দৌৰত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিং আৰু ৰঘুৰাম ভট্টো আছিল।ইফালে ব’ৰ্ডৰ সচিব পদত অসমৰ দেৱজিৎ শইকীয়া পুনৰবাৰ দায়িত্বত বাহাল থাকিব। আনহাতে কৰ্ণাটকৰ ৰঘুৰাম ভট্টক কোষাধ্যক্ষ আৰু ছত্তীশগড় ক্ৰিকেট সন্থাৰ প্ৰভতেজ সিং ভাটিয়াক যুটীয়া সম্পাদক নিয়োগ কৰা হৈছে। উপ-সভাপতি পদত ৰাজীৱ শুক্লা পুনৰ দায়িত্বত বাহাল থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd