• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মিঞা কবিতাৰ প্ৰসংগ : ৰাইজৰ ঐক্য যেন অটুট থাকে

শিৱজিত দত্ত by শিৱজিত দত্ত
July 18, 2019 12:50 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰগতিশীল দৃষ্টিকোণেৰে যিসকলে অসমৰ সমাজ-জীৱনৰ কথা আলচ কৰিব খোজে, সেইসকলে দুটা দিশৰ পৰা দৃষ্টি আঁতৰ কৰিব নোৱাৰে : নিপীড়িতৰ ঐক্য আৰু জাতিৰ স্বাৰ্থ। আদিতে ‘জাতি’ বা ‘জাতিগঠন’ যদিওবা বুৰ্জোৱা মধ্যবিত্ত শ্ৰেণীৰ কাৰ্যসূচী আছিল, তথাপি ইতিহাসৰ আজিৰ পৰ্যায়তো সাম্ৰাজ্যবাদী পুঁজিৰ গণবিৰোধী দিগ্বিজয় আৰু তাৰেই পৃষ্ঠপোষক শাসক-শ্ৰেণীৰ গণবিৰোধী কাৰ্যসূচীৰ সমুখত ই এক ফলপ্ৰসু ভেটা হৈ থিয় দিব পাৰে – তাৰ নানা সীমাবদ্ধতা সত্ত্বেও।

নিপীড়িত শ্ৰেণী ঐক্যবদ্ধ হৈ পুঁজি আৰু শাসক-পক্ষৰ বিৰুদ্ধে ফলদা সংগ্ৰাম সাজু কৰাৰ সময়লৈকে ‘জাতি’ক থান-বান কৰি পুঁজিৰ শাসন অনিৰুদ্ধ হৈ শেহান্তৰত নিপীড়িতৰ পীড়ন হেজাৰ গুণে বঢ়াই দিব পাৰে। ‘জাতিহীন’ বা বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু পাৰস্পৰিক সদ্ভাৱ নথকা ‘জাতি’ৰ সদস্য হোৱা নিপীড়িতই আৰু বহু যুগলৈ ঐক্যবদ্ধভাৱে মূৰ দাঙি উঠিব নোৱৰা হ’ব পাৰে। তাৰ বিপৰীতে, বৃ্হত্তৰ আৰু শক্তিশালী জাতিৰ অন্তৰ্ভুক্ত নিপীড়িতৰ ককালত বেচ কিছু বল-জোৰ থাকে বা তাৰ সম্ভাৱনা থাকে। ‘জাতীয় ঐক্য’ৰ বজ্ৰেৰে পীড়ক পুঁজি আৰু শাসক-শ্ৰেণীৰ সংযুক্ত গণ-বিৰোধী অভিযানৰ প্ৰতিমুখে প্ৰতিৰোধ ৰচি নিপীড়িতই নিজৰ ঐক্যবদ্ধ সংগ্ৰামৰ বুনিয়াদ গঢ়িব পাৰে। সেইবাবেই এক শক্তিশালী জাতিগঠনৰ কাৰ্যসূচী আজিৰ তাৰিখত নিপীড়িত শ্ৰেণীৰ স্বাৰ্থৰ প্ৰতিকুলে নহয়।

Apply Now

জাতীয় শ্ৰমৰ মান আৰু পৰিমাণৰ ওপৰতে জাতিৰ স্বাস্থ্য নিৰ্ভৰশীল। অসমৰ জাতীয় শ্ৰমৰ বিপুল অংশ সমাধা কৰে চাহমজদুৰ আৰু মিঞাসকলে। শ্ৰম আৰু পুঁজিৰ অমোঘ দ্বন্দ্ব বুজাসকলে নুবুজাকৈ নাথাকে যে বৃ্হৎ পুঁজিৰ তন্ত্ৰীসকলে শ্ৰম আৰু তাৰ ধাৰক শ্ৰমিকক যেনে-তেনে দমিত কৰি ৰখাৰ সহস্ৰ উপায় কৰিব। তাৰে এটা ফলপ্ৰসু উপায় হৈছে সমাজৰ মূলসুঁতিৰ পৰা বিপুল শ্ৰমৰ ধাৰক-শ্ৰেণীক একাষৰীয়া কৰি ৰখা – ধৰ্মৰ নামত, ভাষাৰ নামত, জাতিৰ নামত, গোষ্ঠীৰ নামত। মূলসুঁতিৰ লগতে মূলসুঁতিৰ বাহিৰৰো সাধাৰণ জনতা পুঁজিতন্ত্ৰীৰ এই ফান্দত নপৰাকৈ নাথাকে।

‘মিঞা কবিতা’ৰ অনুশীলনকাৰী, আলোচক, সমালোচক, সমৰ্থক সকলোৱে ওপৰত ৰেখাংকিত সমাজ-বাস্তৱিক প্ৰেক্ষাপট নাপাহৰাকৈ আগবঢ়া সমীচিন হ’ব।

সাহিত্য ৰাজনীতিৰ পৰা সমূলি আঁতৰত নহয়, কিন্তু সেইবুলি সকলো সাহিত্য পোণপটীয়াকৈ ৰাজনীতি নহয়। ৰাজনৈতিক সাহিত্যও প্ৰাথমিকভাৱে সাহিত্যহে। কিন্তু, আন সকলো প্ৰপঞ্চৰ দৰে সাহিত্যকো ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব পৰা যায়, কৰা হয়। সাহিত্যৰ চমজদাৰ আৰু সাধাৰণ পাঠকৰ বাবে সাহিত্যৰ অভিপ্ৰেত অৰ্থ ভিন ভিন হয়।

সাহিত্যৰ আদৰ্শ ভাষা যে পোণপটীয়া নহৈ ব্যঞ্জনাত্মকহে, সেয়া সাধাৰণ পাঠকে বুজাৰ আশা ক্ষীণ। সকলো কবি-সাহিত্যিকে এইকথা মনত ৰাখিবই লাগিব বুলি ফতোৱা জাৰি কৰিব নোৱাৰি; কিন্তু মনত ৰাখি অনুশীলন কৰিলে তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ পৰিসৰ বাঢ়ি যায়। সাধাৰণ পাঠকক, অদীক্ষিত পাঠকক, কোনেনো বুজাব যে কলা-কুশল কবিতাৰ বক্তব্যৰ চিধা-চিধি ‘সাৰাংশ’ কৰা নাযায়, তাৰ প্ৰতীকাত্মক, ব্যঞ্জনাত্মক, উপমা-নিৰ্ভৰ বক্তব্যৰ সাৰাংশ কৰিলে কবিতাটো নাথাকে। প্ৰসিদ্ধ সমালোচক ক্লেয়ান্থ্ ব্ৰুকছে ইয়াকে “heresy of paraphrase” (সাৰাংশকৰণৰ পাপ) বুলিছে।

কিন্তু, মিঞা কবিতা যিহেতু বিশেষভাৱে চৰ্চিত হৈছে – মানুহে তাক পঢ়িবই, সাৰাংশ কৰিবই, সাৰাংশৰ ভিত্তিতে তাৰ ৰাজনৈতিকীকৰণ কৰিবই, জন-গণৰ শক্তিক দমাই ৰাখিব খোজা মহলবোৰে তাৰ সুযোগ লোৱাৰ প্ৰয়াস কৰিবই। এনে পৰিস্থিতিত সাহিত্যৰ প্ৰতি দায়িত্ব আৰু সমাজৰ প্ৰতি দায়িত্বৰ এক দ্বন্দ্ব, মনৰ মুক্ত প্ৰকাশ আৰু মনৰ সমাজ-দায়বদ্ধ প্ৰকাশৰ মাজৰ এক দ্বন্দ্ব আহি উপস্থিত হয়, যিটো এক আদৰ্শ গণতান্ত্ৰিক আৰু মুক্ত পৰিস্থিতিত হয়তো নহ’লহেঁতেন।

মিঞা কবিতাৰ অনুশীলনকাৰী আৰু সমৰ্থকসকলে কেতবোৰ গুৰুত্বপূৰ্ণ দিশলৈ অৱশ্যেই আঙুলিয়াই দিছে। তেওঁলোকৰ মতে মিঞা কবিতা আজিৰ বস্তু নহয় – ত্ৰিশৰ দশকতে তাৰ আৰম্ভণি। তেওঁলোকৰ ফালৰপৰা কোৱা হৈছে যে মিঞা কবিতাৰ শতকৰা আশী ভাগেই অসমীয়া ভাষাত লিখিত, খুব বেছি এক-পঞ্চমাংশ মানহে মিঞা দোৱানত লিখা হৈছে – তাকো সাধাৰণ মিঞা ৰাইজ আৰু শিক্ষিত মিঞাৰ মাজৰ একাত্মতা ঘোষণা কৰিবলৈ আৰু অভিব্যক্তিত স্বাচ্ছন্দ্য আনিবলৈ, যিদৰে বহুতে নলবৰীয়া, কামৰূপীয়া দোৱানতো লিখিছে।

তেওঁলোকৰ মতে একাংশ মিঞা কবিতাৰ দোৱান মিঞা হ’লেও তাৰ লিপি অসমীয়া, সেয়ে ই অসমীয়া ভাষা আৰু লিপিৰ অনুকুলেই কাম কৰিব। টিভিৰ এক আলোচনাত হাফিজ আহমেদে কৈছে যে মিঞা কবিতা অসমীয়াৰ বিৰুদ্ধে নহয়, সি হৈছে উৎপীড়ক শাসক-পক্ষৰ বিৰুদ্ধে। লগতে তেওঁলোকে কৈছে যে মিঞা কবিতাই কেৱল অত্যাচাৰৰ কথাকে কোৱা নাই, মিঞা সমাজৰ নানা দুৰ্বলতাৰ কথাও উন্মোচন কৰিছে। তেওঁলোকৰ মতে আন আন অসমীয়া কবিয়েও – সমীৰ তাঁতী, সনন্ত তাঁতী আদিয়ে– এনে “অত্যাচাৰৰ টোকাবহী” লিখিছে।

এই প্ৰেক্ষাপটত মূলসুঁতিৰ শুভানুধ্যায়ী লোকে মিঞা কবিতানো আচলতে কি তাক যত্নেৰে বিচাৰ কৰি চাব লাগিব আৰু মিঞা কবিসকলেও অসমৰ বাহিৰে-ভিতৰে মিঞা কবিতা সম্পৰ্কে কি কথানো চৰ্চিত হৈছে তাক সহৃদয়তাৰে অনুধাৱন কৰিব লাগিব।

মিঞা কবিতাই অসমীয়াক জেন’ফ’বিক বুলি নক’বই পাৰে, কিন্তু কোৱা বুলি যদি বাহিৰত চৰ্চিত হৈছে তেন্তে সেই চৰ্চাৰ বিৰুদ্ধে ‘অসমীয়া মিঞা’ হিচাপে তেওঁলোকে তেওঁলোকৰ কৰণীয় উপলব্ধি কৰি আগবঢ়া ভাল। মূলসুঁতিৰ কিছু লোকেও সামাজিক আৰু অন্যান্য মাধ্যমত প্ৰকাশ কৰি থকা “চা চা, আমিতো আগতেই কৈছিলোঁ -এই মিঞাৰ সঞ্জাত নাই” – এনে মনোভাৱ পৰিহাৰ কৰা ভাল। সকলো পক্ষ সংযমী, দায়িত্বশীল আৰু বিচক্ষণতাৰে গণতান্ত্ৰিক নহ’লে মিঞা আৰু অসমীয়াৰ ব্যৱধান আনি উভয়কে দুৰ্বল কৰাৰ পৰিকল্পনা কৰি থকা তৃতীয় শক্তি সফল হ’ব, অসমীয়া জাতি-গঠন প্ৰক্ৰিয়া নিশকতীয়া হ’ব আৰু শেহান্তৰত মিঞা আৰু মূলসুঁতিৰ অসমীয়াৰ অন্তৰ্গত গৰীৱ, নিপীড়িত-চামৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিব।

শিক্ষিত আৰু সাহিত্যৰ চৰ্চা কৰা মিঞাসকলে এটা কথা ভাবি চাওক : অসমৰ তুলনাত অসমৰ বাহিৰত তেওঁলোকৰ সাম্প্ৰতিক কবিতাবোৰে বিশেষ চৰ্চা লাভ কৰিছে কিয় আৰু মিঞা বুলিলেই সাত জাঁপ মৰা বিশেষ ৰাজনৈতিক শক্তি মিঞা কবিতা প্ৰসংগত এই পৰ্যন্ত আপেক্ষিকভাৱে নীৰৱ কিয়? তেওঁলোকৰ মুক্ত আৰু নিৰ্দোষ আত্মপ্ৰকাশক কোনোবাই বিভেদৰ বীজৰূপে প্ৰয়োগ কৰিব খোজা নাইতো? মূলসুঁতিৰ মানুহৰ তুলনাত স্বয়ং শিক্ষিত মিঞা লোকেই যদি এইদিশত অধিক সতৰ্ক আৰু সচেতন হয়, তেন্তে সম্প্ৰীতিৰ সাঁকো মজবুত হোৱাত সহায় হ’ব। তদুপৰি সাধাৰণভাৱে সমূহ মিঞাই আৰু বিশেষভাৱে মিঞা সাহিত্যিকসকল নিজ সম্প্ৰদায়ৰ দুৰ্দশাৰ চেতনাতে সীমিত নাথাকি অসমৰ আন আন সম্প্ৰদায় আৰু জনগোষ্ঠীৰ নিপীড়িত, বঞ্চিত মানুহৰ দুৰ্দশাকো চেতনাৰ অংগীভূত কৰি লোৱাৰ বিশেষ প্ৰয়াস কৰিলেহে নিপীড়িত অসমীয়াৰ সংগ্ৰামখনো বলৱান হৈ উঠিব।

মিঞা সম্প্ৰদায়ৰ মাজৰে কোনো কোনোৱে এক “পৃথক মিঞা দৈৱ”ৰ কথা ভাবিব পাৰে। সেই চিন্তা হঠকাৰী বুলি প্ৰতিৰোধ কৰাত শিক্ষিত মিঞা মানুহেই আগ-ভাগ ল’ব লাগিব। মূলসুঁতিৰ মাজতো কাৰো কাৰো মনত মিঞাক উপেক্ষা কৰাৰ প্ৰৱণতা এটা বাৰুকৈয়ে আছে। সেই হঠকাৰিতাৰ বিৰুদ্ধেও মূলসুঁতিৰ অসমীয়াই সংগ্ৰাম চলাব লাগিব। উভয় পক্ষৰ সংকীৰ্ণ, অগণতান্ত্ৰিক মানুহে মানি নল’লেও এইকথা ‘পাল্টাব’ নোৱৰা ঐতিহাসিক সত্য যে বৈধ মিঞা আৰু মুলসুঁতিৰ অসমীয়াৰ দৈৱ পৰস্পৰক এৰিব নোৱৰাকৈ সাঙোৰ খাই আছে।

মুঠকথা, মিঞা আৰু মূলসুঁতিৰ অসমীয়াৰ মাজত ব্যৱধান বঢ়াব বিচৰা তৃতীয় শক্তিৰ কূট কৌশল ব্যৰ্থ কৰিবলৈ উভয় পক্ষৰ মানুহ সতৰ্ক হ’ব লাগিব, ঐক্যবদ্ধ হ’ব লাগিব, ভুল বুজা-বুজি নাইকিয়া কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগিব। মিঞা কবিতাৰ চেলুৰে যাতে পাৰস্পৰিক সন্দেহৰ বাতাৱৰণ তৈয়াৰ নহয় তাৰ বাবে উভয় পক্ষ সজাগ থাকিব লাগিব। নিপীড়িত, বঞ্চিত মানুহেৰে ভৰি থকা বৃ্হত্তৰ অসমীয়া জাতিৰ লাভ-ক্ষতিৰ বিবেচনাক সবাতোকৈ আগস্থান দিব লাগিব। সকলো সমাজতে, সকলো সম্প্ৰদায়ৰ মাজতে বঞ্চিতও আছে, সুবিধাভোগীও আছে। জাতি থান-বান হৈ পৰিলে ঘাইকৈ বঞ্চিতসকলৰে বিপদ ঘটিব বেছি – কি মূলসুঁতি, কি মিঞা!

 

 

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা

ইমেইলঃ [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Stay Connected

  • 117k Fans

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd