DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাকৈজানা সংৰক্ষিত বনাঞ্চলত জাপানীজ মিয়াওকি পদ্ধতিত গছপুলি ৰোপণ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 6, 2021 6:23 pm
hhg
229
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও আই ভেলি বন সংমণ্ডলৰ অধীনষ্ঠ বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ অধীনৰ চিটকাগাঁও জৈৱ বৈচিত্ৰ্য উদ্যান( সাহিত্য মনীষী উপবন ) উদ্যানখনত জাপানীজ মিয়াওকি পদ্ধতিতো গছ পুলি ৰোপণ কৰা আৰম্ভ কৰা হৈছে ৷ জানিব পৰা মতে জাপানীজ উদ্ভিদবিদ জাকিৰা মিয়াওকিয়ে আৰম্ভ কৰা এই এই পদ্ধতিত সাধাৰণ পদ্ধতিত ৰোপণ কৰা গছপুলিত কৈ বহুগুণে বেছি ঘনত্ব হয় আৰু অতি কম সময়ত এই গছপুলি সমূহ ডাঙৰ- দীঘল হয় ৷ এই পদ্ধতিত ৰোপন কৰা গছত সূৰ্যৰ পোহৰ পোনে পোনে ওপৰৰ অংশত পৰে। ফলত গছবোৰ কাষলৈ হাউলি পৰাৰ সলনি চিধাই বাঢ়ি যায়।

ইপিনে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷

এই অনুষ্ঠানত আইভেলি বন সংমণ্ডলৰ বন প্ৰাধিকাৰী এ এফ আৰিফ , বন বিষয়া ৰাজেন চৌধুৰী সহ আৰু কেবাজনো বিষয়া তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ইপিনে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বঙাইগাঁও জিলা জাফাই জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত এক গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে । এই গছপুলি ৰোপণ কাৰ্যসূচী আনুষ্ঠানিক ভাবে মুকলি কৰে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু জাফাৰ কেন্দ্রীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰীয়ে।৷ গছপুলি ৰোপণৰ পিছতেই পৰিৱেশ সুৰক্ষাৰ বাবে আৰক্ষী আৰু জাফাৰ কৰ্মকৰ্তাসকলে হাতে হাত ধৰি কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে। সংকল্প পত্ৰ পাঠ কৰোৱায় জাফাৰ বঙাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সদস্য কুলেন্দ্ৰ শইকীয়াই। অনুষ্ঠানটোৰ আঁত ধৰে জাফাৰ বঙাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ অধিকাৰীয়ে। আনহাতে বঙাইগাঁও জিলাৰ অন্যতম পৰ্যটনস্থলী নাককাটিতো পালন কৰা হয় বিশ্ব পৰিবেশ দিবস ৷

নাককাটি পৰ্যটনস্থলীৰ সৌন্দৰ্য বৰ্ধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই পালন কৰা হয় এই দিৱস ৷ নাককাটি ফৰেষ্ট প্ৰটেকচন এণ্ড ৰিজেনাৰেছন কমিটিৰ উদ্যোগত এই দিৱস পালন কৰা হয় ৷ পৰ্যটনস্থলীৰ সমতল ভূমিত সৌন্দৰ্য বৰ্ধিত গছপুলি ৰোপণ কৰি এই দিৱস পালন কৰা হয় ৷ এই কাৰ্যসূচীত আইভেলি বন সংমণ্ডলৰ বন প্ৰাধিকাৰী এ এফ আৰিফ , বন বিষয়া পুষ্প লোচন নাথ , স্থানীয় ৰাইজ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথ সহ আৰু কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

সেইদৰে বঙাইগাঁৱৰ বৰ্ষণগাঁও শ্ৰীশ্ৰী হৰি পূজা সমিতিৰ উদ্যোগতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷ সমিতিৰ সম্পাদক লিপচৰণ চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত সভাপতি ধনঞ্জয় সিংহ, বিত্ত সম্পাদক অজিত কুমাৰ দাস , টেঙাইগাও হাইস্কুলৰ শিক্ষক ৰমা কান্ত বৰ্মন আৰু ৰাকেশ সিংহই বিশ্ব পৰিৱেশ দিৱসৰ ভাষণ প্ৰদান কৰে।‌আনহাতে অজিত কুমাৰ দাসে সুৰক্ষিত ধৰিত্ৰীৰ কাৰণে গছপুলিৰোপণ অতিশয় জৰুৰী বুলি কৈ তাহানি গুৰুজনাই এক বৃক্ষ দশ পুত্ৰ সম বুলি কৈ বৃক্ষৰ গুৰুত্ব মানৱ সভ্যতাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেয়া অনুধাৱন কৰিব পাৰি বুলি কয়। শেষত আটায়ে একোজপাকৈ গছপুলি ৰোপণ কৰি অনুষ্ঠানৰ সামৰণি মাৰে।

আনহাতে সদৌ বঙাইগাঁও জিলা আৰু আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাইও বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয় চৌহদত এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা সমিতিৰ উপ সভাপতি সঞ্জীৱ ৰায়ে আঁত ধৰা কাৰ্যসূচীত সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ, সদৌ কোচ ৰাজবংশী মহিলা সন্মিলনীৰ যুটীয়া সম্পাদিকা পূৰ্ণিমা চৌধুৰী ,অভেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মঞ্জুপ্ৰভা বৰুৱা ডাকুৱা, মহিলা সন্মিলনীৰ সভানেত্ৰী জ্যোস্নাপ্ৰিয়া দেৱী,বীৰঝৰা ছোৱালী হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষয়িত্ৰী দ্ৰুপদী দেৱী আদি উপস্থিত থাকি গছপুলি ৰোপণ কৰে ৷ সেইদৰে বিভিন্ন সংগঠনেও পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰে ৷

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd