দেশত তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত মিজোৰাম চৰকাৰে শুকুৰবাৰে ৰাজ্যখনত ল’কডাউন ৩১ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।
ৰাজ্যখনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মিজোৰাম চৰকাৰে উল্লেখ কৰে।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দল তথা বিভিন্ন সংগঠনে মুখ্য মন্ত্ৰী জোৰামথাংগাক ল’কডাউন বৃদ্ধিৰ বাবে আহ্বান জনাইছিল।
মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাৰ নেতৃত্বত বৈঠকখন অনুষ্ঠিত হৈছিল।
আনহাতে, বৈঠকত কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে বিশেষ টাস্ক ফোৰ্চ গঠনৰ প্ৰসংগতো আলোচনা কৰা হয়।
তদুপৰি, বহিঃৰাজ্যৰ পৰা নিজ গৃহৰাজ্যলৈ উভতি অহিবলগীয়া লোক সকলৰ সম্পৰ্কতো বৈঠকত বিভিন্ন পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়।
উল্লেখযোগ্য যে, মিজোৰামৰ একমাত্ৰ কোভিড-১৯ আক্ৰান্ত ৰোগী গৰাকী ৯ মে’ত সুস্থ হৈ উঠাৰ পাছত ৰাজ্যখন গ্ৰীণ জ’ন হিচাপে ঘোষণা কৰা হৈছিল।