• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়াগোম হাতীৰ মাংসৰ শতাধিক ভাগ

বিনা অনুমতিত অসমৰ পৰা নিয়া মাইকী হাতীৰ মৃত্যু আৰু ভক্ষণৰ পিছতো নিদ্ৰাত মিজোৰামৰ বন বিভাগ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
July 16, 2019 6:24 pm
Mizoram Forest Dept “inert” over people feasting on elephant meatTake action against animal cruelty: Appeals Assam MPs

মিজোৰামত হাতীজনীৰ মাংস ভাগ কৰাৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা নিয়া এজনী ঘৰচীয়া হাতী মিজোৰামত শেহতীয়াকৈ ৰাজহুৱা ভোজ হ’লগৈ। কিন্তু দুখৰ কথা হৈছে এই আজৱ কাণ্ডক লৈ এতিয়াও শুই আছে ৰাজ্যখনৰ বন বিভাগ।

ত্ৰিপুৰাৰ জামপুই পাহাৰৰ সীমাত থকা পশ্চিম মিজোৰামৰ মামিত জিলাৰ কানমুন বন ৰে’ঞ্জত কেইদিনমান আগতে ৪৭ বছৰীয়া লক্ষ্মী নামৰ ঘৰচীয়া হাতীজনীৰ মৃত্যু হৈছিল।

মৃত হাতীজনীৰ মাংস গাওঁখনৰ লোকসকলে কাটি ৰাজহুৱাকৈ ভগাই লয় আৰু লগতে মুকলিকৈ সেই মাংসৰে এক ভোজো আয়োজন কৰা হৈছিল।

বাংগালুৰুৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰবাসন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক ন্যাসৰক্ষী সুপৰ্ণা গাংগুলীয়ে সোমবাৰে এই সন্দৰ্ভত বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ হস্তী দিভিজনৰ মুৰব্বী ন’য়াল টমাছৰ ওচৰত এক গোচৰ তৰিছে।

ঘৰচীয়া হাতীৰ কল্যাণক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ত এক লেখ আবেদন (নং ৭৪৩/২০১৪) কৰা গাংগুলীয়ে কয় যে স্থানীয় লোকৰ পৰা খবৰ মতে লক্ষ্মী নামৰ হাতীজনীক অতি বেছিকৈ কামৰ বোজা জপাৰ ফলতে তাইৰ মৃত্যু হৈছে।

আন বহুকেইটা হাতীকো (আটাইবোৰ অসমৰ পৰা নিয়া) বৰ্তমান তাত অতি বেছিকৈ কামত খটুৱাই থকা হৈছে আৰু সিহঁতৰ শাৰীৰিক অৱস্থা আৰু স্বাস্থ্যৰ অৱস্থাও দুখজনক, গাংগুলীয়ে জনায়।

আচৰিত কথা হ’ল, হাতীজনীৰ মৃত্যু আৰু তৎপৰৱৰ্তী ৰাজহুৱা ভক্ষণৰ ঘটনাটো সন্দৰ্ভত মিজোৰামৰ বন বিভাগে এতিয়ালৈকে কোনো গোচৰ ৰুজু কৰা নাই।

“আমি ঘটনাটোৰ তদন্ত কৰাৰ চেষ্টা কৰিছো,” মিজোৰামৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন চি এম ৰাৱে নৰ্থ ইষ্ট নাওক মঙলবাৰে জনায়।

খোদ ৰাৱৰ মতেই ঘটনাটো সন্দৰ্ভত এতিয়াও কোনো গোচৰ ৰুজু কৰা হোৱা নাই। “ঘটনাটোত জৰিত লোকসকলক আমি চিনাক্ত কৰাৰ চেষ্টা কৰিছো,” তেওঁ জনায়।

মিজোৰামৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেনে জনাই যে অসমৰ পৰা বিশেষকৈ বৰাক উপত্যকাৰ পৰা মিজোৰামলৈ প্ৰায়েই হাতী অনা হয়, আৰু নিয়ম মতে, চৰোৱাৰ অনুমতি (grazing permit) দিয়া হয়।

কিন্তু, লক্ষ্মীৰ ক্ষেত্ৰত, মালিক অসমৰ কাছাৰ জিলাৰ সোণাইৰ জনৈক মঃ মাস্তুফা আহমেদ লস্কৰে তাইক জংঘলৰ গধূৰ কাঠ টনা কামত ব্যৱহাৰ কৰা বাবে মিজোৰামৰ কানমুনৰ জনৈক পু খুৱালিয়ানাক ভাৰালৈ দিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, অসমৰ বন বিভাগৰ বিষয়াসকলে এতিয়াও নাজানে যে লক্ষ্মীক মিজোৰামৰ পাহাৰীয়া জংঘলত কাঠ টানিবলৈ ভাৰাত দিয়া হৈছিল।

কাছাৰৰ দিভিজনেল বন বিষয়া চানিদেও চৌধুৰীয়ে জনাই যে মিজোৰামলৈ হাতী স্থানান্তৰৰ বাবে মঃ মাস্তুফা আহমেদ লস্কৰক অসমৰ বন বিভাগে কোনো অনুমতি প্ৰদান কৰা নাছিল।

“আমি মালিকৰ সৈতে কথা পাতিছো, আৰু পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত হাতীজনীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁক কোৱা হৈছে,” মিজোৰামলৈ হাতী স্থানান্তৰ অবৈধ বুলি উল্লেখ কৰি চৌধুৰীয়ে জনায়।

বাতৰি মতে, শিলচৰস্থিত বন সংৰক্ষক কাৰ্য্যালয়, দক্ষিণ অসম চক্ৰৰ পৰা ০১.০৯.২০০৯ চনত হাতীজনীৰ মালিকী প্ৰমাণ পত্ৰ জাৰি কৰা হৈছিল আৰু মালিকজনে “আইনী উত্তৰাধিকাৰ” দাবী কৰিছিল। কিন্তু সেই মালিকীস্বত্ত্বৰ বৈধতা ২০১৪ চনৰ আগষ্টতে উকলি গ’ল।

চানিদেও চৌধুৰীয়ে কয় যে কাছাৰত ৩৮টা ঘৰচীয়া হাতী আছে, আৰু তাৰে ৩৩টাৰ দেহত মাইক্ৰ’চিপ সংৰোপণ কৰা হৈছে। আৰু ৩৮টাৰ কেৱল ২৬টাৰহে বৈধ মালিকী প্ৰমাণ পত্ৰ আছে।

মাস্তুফা লস্কৰক দিয়া লক্ষ্মীৰ মালিকীস্বত্ত্বৰ ম্যাদ যদি ২০১৪ চনৰ আগষ্টতেই উকলি গৈছে, তেন্তে আচৰিত কথাটো হৈছে, মিজোৰামৰ বন বিভাগে হাতীজনী জব্দ কৰা নাছিল কিয়?

মিজোৰামলৈ অবৈধভাৱে স্থানান্তৰ কৰা হাতীজনীক ২০১৯ চনৰ ৭ জুনত চৰোৱাৰ অনুমতি কিদৰে প্ৰদান কৰিলে মিজোৰামৰ বন বিভাগে?

ষ্টক বিধি ঘোষণাপত্ৰৰ ১২নং বিধি মতে, মালিকী প্ৰমাণ পত্ৰ নথকা বা নিদিয়া ঘৰচীয়া হাতীক চৰকাৰী সম্পত্তিৰূপে গণ্য কৰিব পাৰি।

কোনো ঘৰচীয়া হাতী যদি জব্দযোগ্য হয়, তেন্তে মুখ্য বন্যপ্ৰাণী ৱাৰ্দেনে তেনে হাতীৰ দখল চমজি ল’ব পাৰে বা তাক যাৱতীয় সুশ্ৰূষা যোগাব পৰা ৰাজহুৱা বা ব্যক্তিগত পক্ষক তাক গতাই দিব পাৰে।

লগতে পঢ়ক– অসমৰ ৪৭ বছৰীয়া মাইকী হাতীৰ মাংসৰে মিজোৰামত বৰভোজ

গাংগুলীয়ে মত প্ৰকাশ কৰে যে মিজোৰামৰ বন বিভাগৰ বিষয়াই অতি শীঘ্ৰে অসমৰ বিষয়াসকলৰ লগত সংযোগ স্থাপন কৰিব লাগে, আৰু মৃত্যুৰ কাৰণ নিশ্চিত কৰাৰ বাবে হাতীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাব লাগে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd