DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ ৪৭ বছৰীয়া মাইকী হাতীৰ মাংসৰে মিজোৰামত বৰভোজ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2019 4:07 pm
mizoram-elephant-People feast on meat of dead elephant in Mizoram

প্ৰাপ্ত ছবি।

713
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰা কাম কৰোৱাবলৈ নিয়া লক্ষ্মী নামৰ হাতী এজনীৰ মাংসৰে ভোজ খোৱাৰ এটা ঘটনা সংঘটিত হৈছে মিজোৰামত।

কেইদিনমান পূৰ্বে হাতীজনীৰ মৃত্যু হোৱাত তাইৰ মাংস কাটি গাৱঁৰ লোকসকলে ভক্ষণ কৰে।

ঘটনাটোৰ ছবি চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত সমগ্ৰ কাণ্ডটো পোহৰলৈ আহে।

হাতীজনীক মিজোৰামৰ ক্বাস্থা বন সংমণ্ডলৰ কানমুন এলেকাত কামৰ বাবে অসমৰ পৰা নিয়া হৈছিল।

বিড়ম্বনাৰ কথাটো হৈছে, এনে ঘটনা ৰোধ, নিৰীক্ষণ বা সেই সন্দৰ্ভত গোচৰ দিয়াৰ বাবে মিজোৰামৰ বন বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী সেই স্থানত উপস্থিত হোৱা নাছিল।

অসমৰ কাছাৰ জিলাৰ সোণাইৰ জনৈক মঃ মাস্তুফা আহমেদ লস্কৰে মিজোৰামৰ কানমুনৰ জনৈক পু খুৱালহিনাক হাতীজনী ভাৰালৈ দিছিল।

ownership-certificate mizoram-elephant-People feast on meat of dead elephant in Mizoram
মালিকী প্ৰমাণ পত্ৰ।

শিলচৰস্থিত বন সংৰক্ষক কাৰ্য্যালয়, দক্ষিণ অসম চক্ৰৰ পৰা ০১.০৯.২০০৯ চনত হাতীজনীৰ মালিকী প্ৰমাণ পত্ৰ জাৰি কৰা হৈছিল আৰু মালিকজনে “আইনী উত্তৰাধিকাৰ” দাবী কৰিছিল।

সেই মালিকীস্বত্ত্বৰ বৈধতা ২০১৪ চনৰ আগষ্টতে উকলি গ’ল।

স্থানীয় এজন শ্ৰমিকৰ মতে হাতীজনীৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে।

অঞ্চলটোৰ আশে-পাশে বাস কৰা লোকৰ পৰা পোৱা খবৰ মতে, অতি বেছিকৈ কাম কৰোৱাৰ ফলতে হাতীজনীৰ মৃত্যু ঘটিছে।

লক্ষণীয় কথাটো হৈছে, মিজোৰামত অসমৰ পৰা নিয়া আৰু বহু হাতী আছে, আৰু সেই আটাইবোৰকে অতি বেছিকৈ কামত খটুওৱা হৈ আছে আৰু সিহঁতৰ শাৰীৰিক অৱস্থা আৰু স্বাস্থ্য ভাল পুতৌজনক।

মিজোৰামৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেনে সংশ্লিষ্ট ডি এফ অ’ক যোগাযোগৰ নিৰ্দেশ দিছিল, আৰু ডি এফ অ’ই হাতীজনীৰ পঞ্জীয়ন পত্ৰখন যোগান ধৰিছিল।

ownership-certificate mizoram-elephant-People feast on meat of dead elephant in Mizoram
মালিকী প্ৰমাণ পত্ৰ।

প্ৰচলিত বিধি অনুসৰি, হাতী নিজ দখলত ৰখা যিকোনো ব্যক্তিয়ে তলৰ বিষয়বিলাকৰ ক্ষেত্ৰত নিৰ্দিষ্টকৈ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ২০০৮ চনত জাৰি কৰা নিৰ্দেশনাৱলীৰ লগতে একেটা মন্ত্ৰ্যালয়ে ২০১৭ চনৰ ২৯ ছেপ্তেম্বৰত জাৰি কৰা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২০ৰ অধীনৰ ৪২ ধাৰাৰ অধীনত হস্তী পুনৰবাসন/ উদ্ধাৰ কেন্দ্ৰ সম্পৰ্কীয় মানক/ নিয়মসমূহ মানি চলিব লাগে:

  • ঠাই আৰু আৱাসৰ সুবিধা
  • খাদ্য
  • কামৰ বোজা আৰু জিৰণি
  • স্বাস্থ্য যতনৰ সুবিধা
  • তথ্য সংৰক্ষণ
  • যিকোনো ধৰণৰ নৃশংসতাৰ পৰা সুৰক্ষা

মিজোৰামত এই সকলো বিধিৰ সৰ্বাংশ উলংঘনৰ ফলত ঘৰচীয়া হাতীজনীয়ে প্ৰাণ হেৰুৱাব লগা হ’ল।

লগতে পঢ়ক– হাতী চোৰাং বেপাৰীৰ নে’টৱৰ্কৰ গ্ৰাসত অসমকে ধৰি উত্তৰ-পূবৰ তিনি ৰাজ্য

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd