অসমৰ সৈতে বিবাদমান সীমান্ত অঞ্চলৰ পৰা মিজোৰামে নিৰাপত্তাৰক্ষী বাহিনী প্ৰত্যাহৰ কৰি বি এছ এফক দায়িত্ব অৰ্পন কৰিব।
মিজোৰামৰ মুখ্য সচিৱ লালনুনমাৱিয়া চাউংগোই এই কথা সদৰী কৰে।
কেন্দ্ৰীয় গৃহ সচিৱ অজয় কুমাৰ ভাল্লাৰ উপস্থিতিত অসমৰ মুখ্য সচিৱৰ সৈতে মিজোৰামৰ ৰাজধানী আইজলত অনুষ্ঠিত হোৱা এখন সাংবাদমেলত অংশগ্ৰহণ কৰি লালনুনমাৱিয়াই এইদৰে কয়।
বৈঠকৰ সময়ত মিজোৰামে সীমান্ত অঞ্চলৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহৰ কৰাৰ বিপৰীতে অসমে ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰ্থনৈতিক অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লালনুনমাৱিয়াই সোমবাৰৰ পৰা অসমলৈ মিজোৰামৰ পৰা যান-বাহনৰ চলাচল আৰম্ভ হ’ব বুলিও লগতে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, মিজোৰামে অসমৰ ভূমিত অবৈধভাৱে প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ পাছত অসমৰ কাছাৰ জিলাৰ লাইলাপুৰ গাঁৱৰ লোকসকলে মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ কৰি অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছিল।
আনহাতে, উক্ত বিবাদমান পৰিস্থিতিৰ সময়তে মিজো লোকৰ আক্ৰমণত এগৰাকী অসমৰ লোকৰ মৃত্যু হোৱাৰ পাছত ৯ নৱেম্বৰত ১২ ঘণ্টীয়া বৰাক উপত্যকা বন্ধ ঘোষণা কৰা হৈছিল।