NORTHEAST NOW (Assamese)

৯ ৰানতে অল আউট : শূন্যৰ ঘৰত ৯ গৰাকীকৈ বেটছমেন

February 22, 2019 9:43 am · এন ই নাও নিউজ
Updated: February 22, 2019 2:23 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক্ৰিকেটক সদাই অনিশ্চয়তাৰ খেল হিচাপে জনা যায় যদিও কেতিয়াবা কিছুমান মেচৰ পৰিসংখ্যা তথা ফলাফলে ক্ৰিকেটপ্ৰেমীক আশ্চৰ্যকৰ কৰি তোলাও পৰিলক্ষিত হয়। তেনে এখন আশ্চৰ্যকৰ ক্ৰিকেট মেচ বুধবাৰে অনুষ্ঠিত হয় পণ্ডিচেৰীত।

মধ্য প্ৰদেশ আৰু মিজোৰামৰ মাজত পালমিৰা ক্ৰিকেট গ্ৰাউণ্ডত ছিনিয়ৰ মহিলা টি-২০ লীগৰ এখন মেচ। মেচখন ভাৰতীয় ক্ৰিকেটৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো মিজোৰামৰ মহিলা দলটো অল আউট হয় মাত্ৰ ৯ ৰানত।

ইফালে ১০ ৰানৰ লক্ষ্য আগত লৈ বেট ধৰিব আহি মধ্যপ্ৰদেশে এটাও উইকেট পতন হ’বলৈ নিদি ১ অ’ভাৰতে মেচখন সমাপ্ত কৰে।

উল্লেখ্য যে মেচখনত প্ৰথমে মিজোৰামে বেট ধৰিবলৈ সুযোগ লাভ কৰে। মিজোৰামৰ বেটছমেন সকলে মধ্যপ্ৰদেশৰ বলাৰৰ আগত তিষ্ঠিব নোৱাৰি এটাৰ পাছত এটাকৈ পেভেলিয়নলৈ উভটিব ধৰে। আৰু ১৩.৫ অভাৰ বেটিং কৰাৰ অন্তত মিজোৰামৰ দলীয় স্ক’ৰ ৯ ৰানত ইনিংছৰ পৰিসমাপ্তি হয়।

মেচখনত মিজোৰামৰ অপূৰ্বা ভৰদ্বাজে ৬ ৰান কৰাৰ বিপৰীতে বাকী ৯ গৰাকী বেটছমেন আউট হয় শূন্যত। যিটো ভাৰতীয় ক্ৰিকেটৰ বাবে এক নতুন অভিলেখ। ভৰদ্বাজৰ ৬ ৰানৰ বিপৰীতে বাকী তিনি ৰান মিজোৰামে এক্সট্ৰাৰ জৰিয়তে লাভ কৰে।

মধ্য প্ৰদেশৰ হৈ ৬ গৰাকী বলাৰেই উইকেট লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত টৰং ঝায়ে ৪ অ’ভাৰত ২ ৰান খৰছ কৰি সৰ্বাধিক চাৰিটা উইকেট লাভ কৰে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ উদ্যোগত চলি থকা ছিনিয়ৰ মহিলা টি-২০ লীগত মিজোৰামে ক্ৰমাগতভাৱে দ্বিতীয়খন মেচত বেটিং বিপৰ্যয়ৰ সন্মুখীন হ’ব লগীয়া হৈছে।

Related News