• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰিয়হৰ ডুলিতে ভূত : কোন আইপিএছ বিষয়াৰ সৈতে যোগাযোগ কৰিছিল নিপু কলিতাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2019 8:52 am
52350395_1998349043804238_5731673224182235136_n

অভিযুক্ত আৰক্ষী বিষয়া নিপু কলিতা।

1.3k
VIEWS
Share on FacebookShare on Twitter

চাৰি কোটি টকাৰ সোণ হৰলুকি কৰি আত্মগোপন কৰি অৱস্থাত আৰক্ষী উপ-পৰিদৰ্শক নিপু কলিতাই মোবাইলৰ জৰিয়তে শোণিতপুৰ জিলাৰ এজন শীৰ্ষ আই পি এছ বিষয়াৰ লগত সঘন যোগাযোগ ৰাখিছিল। ধৃত নিপু কলিতাৰ মোবাইল কল লিষ্টত এই তথ্য আছে যদিও আৰক্ষীয়ে বিষয়টো গাপ দিয়াৰ চেষ্টা চলাইছে।

ইপিনে, এমাহ অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে বৃহৎ পৰিমানৰ সোণখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ লোকৰ মাজতে সংঘটিত হোৱা এই ঘটনাটো প্ৰকৃততে গাপ দিয়াৰ চেষ্টা কৰা হৈছে নেকি তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

আৰক্ষী বিষয়া নিপু কলিতাৰ মোবাইলৰ কল লিষ্টত উদ্ধাৰ হোৱা তথ্যৰ আলমত আৰক্ষীয়ে তদন্ত আগবঢ়োৱা নাই। কিয়নো সেয়া কৰা হ’লে ইতিমধ্যে ঘটনাৰ ওৰ ওলাই পৰাৰ সম্ভাৱনা নিশ্চিত আছিল। তদুপৰি, সোণ লুট কৰা এই ঘটনাৰ আঁৰত আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত থকাৰ অভিযোগে বিষয়টোক গভীৰ ৰহস্যৰ মাজলৈ ঠেলি দিছে।

আনহাতে, সাত দিন আৰক্ষীৰ জিম্মাত থকাৰ পাছত নিপু কলিতাক বৃহস্পতিবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে ধৃত কলিতাক বৃহস্পতিবাৰে পুনৰ চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে।

জানিব পৰা মতে, আৰক্ষীৰ জিম্মাত থকা সময়ত চাৰি কোটি টকাৰ সোণ হৰলুকিৰ মূল অভিযুক্ত দিচপুৰ থানাৰ উপ-পৰিদৰ্শক নিপু কলিতাই শীৰ্ষ আৰক্ষী বিষয়াই পৃথকে পৃথকে কৰা জেৰাত বিভিন্ন সময়ত বিভিন্ন স্বীকাৰোক্তি দি বিভ্ৰান্ত কৰাৰ চেষ্টা চলায়।

তদন্তকাৰী আৰক্ষী বিষয়াৰ জেৰাত কলিতাই চাৰি কোটি টকাৰ সোণখিনি সেনা বাহিনীয়ে তেওঁৰ হাতৰ পৰা লুট কৰি নিয়া বুলি স্বীকাৰোক্তি দিয়ে। এইদৰে উপ-পৰিদৰ্শক নিপু কলিতাই তদন্তকাৰী আৰক্ষী বিষয়াৰ ওচৰত বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰা বাবে আৰক্ষীয়ে কলিতাৰ ভাষ্য বিশ্বাসত ল’ব পৰা নাই। সেয়েহে, পুনৰ আৰক্ষীয়ে তেওঁক চাৰিদিনৰ জিম্মাত ৰাখি জেৰা কৰিব।

আনহাতে, গোটেই ঘটনাটোত সাঙোৰ খাই পৰা শোণিতপুৰ জিলাৰ আই পি এছ বিষয়াগৰাকী কোন তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে। ঘটনাটোত শীৰ্ষ আৰক্ষী বিষয়াৰ ভূমিকাৰ বাবে এতিয়া তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ পৰা বুলি অনুমান কৰা হৈছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd