Mizoram: দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত মিজোৰামৰ একমাত্ৰ বিজেপি বিধায়ক সহ ১৩ গৰাকীক ১ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ

দুর্নীতিৰ গোচৰত আদালতৰ শাস্তিৰ সন্মুখীন হোৱা মিজোৰামৰ বিজেপি বিধায়ক বি ডি চাকমা।

Mizoram’s lone BJP MLA sentenced to 1-year jail মিজোৰামত একমাত্ৰ বিজেপি বিধায়ক বুদ্ধ ধন চাকমা (বিডি চাকমা) আৰু আন ১২ জন চাকমা নেতাক বিশেষ ন্যায়াধীশৰ (দুৰ্নীতি প্ৰতিৰোধ আইন) আদালতে এটা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত সোমবাৰে তেওঁলোকৰ শাস্তি ঘোষণা কৰে।

আদালতে ৰাজ্যখনৰ একমাত্ৰ বিজেপি বিধায়কগৰাকীকে ধৰি আটাইকেইগৰাকীকে ১ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনাৰ শাস্তি ঘোষণা কৰে।   

বিডি চাকমা মিজোৰামৰ টুইচাং বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক।

লগতে পঢ়ক: নাবালিকাৰ পৰ্ণ ভিডিঅ’ৰ বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ হ’ল নিউজ চেনেলৰ ২ সাংবাদিক

মিজোৰামৰ বিজেপি বিধায়কগৰাকীৰ উপৰিও দোষী সাব্যস্ত ব্যক্তিসকলৰ ভিতৰত আছে চাকমা স্বায়ত্তশাসিত জিলা পৰিষদৰ (চিএডিচি) মুখ্য কাৰ্যবাহী সদস্য (চিইএম) বুদ্ধ লীলা চাকমা।

আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা আনসকলৰ ভিতৰত আছে চিএডিচিৰ দুগৰাকী কাৰ্যবাহী সদস্য (ইএম), জিলা পৰিষদৰ (এমডিচি) দুগৰাকী বৰ্তমানৰ সদস্য আৰু চিএডিচিৰ ৩ গৰাকী প্ৰাক্তন চিইএম। আনসকল হৈছে প্ৰাক্তন ইএম।

১৩ গৰাকী চাকমা নেতাক দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ১৩(২)ৰ ১৩(১)(ঘ) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল।

দোষী সাৱ্যস্ত হোৱাৰ পিছতে মিজোৰামৰ বিজেপি বিধায়ক বি ডি চাকমাই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰায়টোক প্ৰত্যাহ্বান জনাব বুলি জানিবলৈ দিছিল।

লগতে পঢ়ক: জগৰ একেই ফেচবুক প’ষ্ট! বৰ্ষাশ্ৰীৰ পিছত এইবাৰ মুক্তিৰ দাবী উঠিছে বিতুপন চাংমাইৰ

দোষী সাৱ্যস্ত কৰা নিৰ্দেশটোত কোৱা হৈছিল যে উন্নয়নমূলক কামৰ বাবে আৱণ্টন কৰা ১৩৭.১০ লাখ টকা দোষী নেতাসকলৰ দ্বাৰা অপব্যৱহাৰ কৰা হৈছিল।

মিজোৰামৰ দোষী সাব্যস্ত চাকমা নেতাসকলে এই ধন আগতীয়া দৰমহা হিচাপে মোকলাই নিছিল।