• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধান সভাত পত্নীৰ ভূমি কেলেংকাৰীৰ সম্পৰ্কে উত্তৰ দিয়ক – মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 5:32 pm
644
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে অসম বিধান সভাৰ সদনৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

বিধান সভাৰ অধিৱেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত সাংবাদিকৰ আগত অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় – “ আজি বিধান সভা অধিৱেশন শেষৰটো দিন। হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে তেন্তে আজি বিধান সভালৈ আহি নিজৰ পত্নীৰ মাটি কেলেংকাৰীৰ বিষয়ে প্ৰশ্নৰ মুখামুখি হওক আৰু আমাক উত্তৰ দিয়ক।” 

কেৱল এয়াই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ টেলিভিশ্যন চেনেলটোও দুই নম্বৰী বুলি অভিযোগ উত্থাপন কৰি কয় যে আপোনাৰ পত্নীৰ টিভি চেনেলটো দুই নম্বৰী বুলি মই কেতিয়াবাও প্ৰমাণ কৰি থৈছোঁ। সেই চেনেল দুই নম্বৰী টকাৰে প্ৰতিষ্ঠা কৰা। সেই চেনেলে এতিয়া কলা টকা বগা কৰিবৰ বাবে এফালৰ পৰা দুই নম্বৰী কাম কৰি আছে। 

“হিমন্ত বিশ্ব শৰ্মাই অসম ভূমি আইন তথা চিলিং এক্ট ভংগ কৰিছে, খেতিয়কৰ মাটি দখল কৰিছে। জোৰ জবৰদস্তি কৰি, ভয় ভাবুকি দি, পুলিচৰ শক্তি দেখুৱাই এই মাটি দখল কৰিছে বুলি আমি জানিব পাৰিছোঁ। মই এজন দায়িত্বশীল বিধায়ক হিচাপে এই অভিযোগ উত্থাপন কৰিছোঁ আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে তেন্তে বিধান সভাত আমাৰ সন্মুখীন হওঁক, ভয়াতুৰৰ দৰে বাহিৰত বেলেগ বেলেগ কথা কৈ থাকিলে নহ’ব।” – লগতে অখিল গগৈয়ে কয়।  

ইয়াৰ লগতে অখিল গগৈয়ে কয়, “মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ আয় বৃদ্ধি কৰিবৰ বাবে প্ৰৱৰ্ত্তন কৰা আঁচনিৰ ৰাজসাহাৰ্য্য লৈছে বা হিতাধিকাৰী হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ হেনো ৰাজসাহাৰ্য্যৰ টকা পোৱা নাই। ৰাজসাহাৰ্য্য বা চাবচিডিৰ টকা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ঘৰলৈ আহি নাযায়। এই পইচা প্ৰথমে অনুমোদন হয়।  তাৰপিছত সেই পইচা ঋণৰ দ্বাৰা মাফ হয়। অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজসাহাৰ্য্য বা চাজচিডিৰ বাবে আবেদন কৰিছিল। যদি আবেদন নকৰাকৈ এই সাহাৰ্য্য অনুমোদন দিছে তেন্তে বিভাগীয় মন্ত্ৰী পীযূষ গোৱেলক গ্ৰেপ্তাৰ কৰিব লাগে।’’ 

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেখেতৰ পত্নীয়ে ১০ কোটি টকা ৰাজসাহাৰ্য্য লোৱা কথা তথ্য সহকাৰে প্ৰমাণ কৰি দিলে তেওঁ ৰাজহুৱা জীৱন বা ৰাজনীতি ত্যাগ কৰিব। ইয়াৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কয়, “হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি ত্যাগ কৰিবই নোৱাৰে। কাৰণ ৰাজনীতিয়েই হ’ল তেখেতৰ জীৱিকা। ৰাজনীতি কৰিয়েই তেওঁ লুটিছে, ৰাজনীতি কৰিয়েই তেওঁ খাইছে। অসমৰ ৰাজনৈতিক ইতিহাসত মাত্ৰ এজনেই ব্যক্তি আছে যি নিজৰ ৰাজনৈতিক কেৰিয়াৰটোক কেৱল নিজৰ পৰিয়ালৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰি আহিছে।  তেওঁ চাহ বাগানৰ মাটিৰ দাম কমাইছে কাৰণ তেওঁ চাহ বাগিছাৰ মাটি ক্ৰয় কৰি আছে। চাহ বাগিছাৰ ১০ শতাংশ মাটি পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি নিয়ম বনাইছে, কাৰণ তেওঁ কাঞ্চনজুৰিত ৰিজৰ্ট নিৰ্মাণ কৰি আছে। অসম কেবিনেট বা বিধান সভাৰ এখন এখন আইন তেখেতৰ নিজৰ পৰিয়ালৰ স্বাৰ্থত অনুমোদন জনাই আছে।” 

“এতিয়া গাঁওবোৰত এটা কথাৰ বাবে মানুহে ভয় খাই আছে। খালী মাটি দেখিলেই মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাটিবোৰ লৈ ল’ব বুলি গাঁৱৰ মানুহ বোৰে ভয় খাই আছে।” – লগতে এইদৰে কয় বিধায়ক অখিল গগৈয়ে। 

ইয়াৰ উপৰিও অখিল গগৈ, সাংসদ গৌৰৱ গগৈ আৰু বিভিন্ন বিৰোধী নেতাই হিমন্ত বিশ্ব শৰ্মাৰ ভূমি কেলেংকাৰী আৰু সম্পত্তিৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। 

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd