শিৱসাগৰৰ বিভিন্ন স্থানত বান- গৰাখহনীয়া পৰিদৰ্শন বিধায়ক অখিল গগৈৰ

আজি শিৱসাগৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকৰা গাঁৱত দৰিকা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে।

লগতে স্থানীয় ৰাইজক সাক্ষাৎ কৰি অঞ্চলটোৰ বিধ্বস্ত মূলপথটোৰ পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন সমস্যাৰ বুজ লয়।
বিধায়কগৰাকীয়ে শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ বান গৰাখহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীক দাবী জনায় আহিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে।

লগতে তেওঁ দাবী জনায় যে আগন্তুক বাৰিষাৰ আগতে শিৱসাগৰৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ। অন্যথা ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনায়।

উল্লেখ্য যে বাৰিষাৰ সময়ত শিৱসাগৰৰ দিখৌ, দিচাং, দৰিকা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে বিভিন্ন স্থানত বান আৰু গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰে।

কিন্তু শিৱসাগৰৰ এই বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধানৰ বাবে চৰকাৰে কোনো ধৰণৰ স্থায়ী সমাধান নকৰাৰ অভিযোগ কৰিছে ৰাইজে।