• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত প্ৰধান মন্ত্ৰীৰ শ্ৰম যোগী মান ধন যোজনাৰ শুভাৰম্ভ

NE NOW NEWS এন ই নাও নিউজ
শিৱসাগৰ , March 5, 2019 2:29 pm

2 min read

Shram Yogi Maandhan Yojana

ফটো : নৰ্থ-ইষ্ট নাও

516
VIEWS
Share on FacebookShare on Twitter

সমগ্র দেশৰ লগতে শিৱসাগৰ জিলাতো আজি প্ৰধান মন্ত্ৰীৰ শ্ৰম যোগী মান ধন যোজনা (PM- SYM)ৰ শুভাৰম্ভ কৰা হয়। উল্লেখ্য যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আহমেদাবাদত দেশৰ অসংগঠিত শ্ৰমিকৰ বৃদ্ধাৱস্থাৰ সুৰক্ষা আৰু সামাজিক সুৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰা এই আঁচনিখনৰ শুভাৰম্ভণি কৰে।

শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰধান মন্ত্ৰীৰ শ্ৰম যোগী মান ধন যোজনাৰ জিলা পর্যায়ৰ এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে। মুখ্য অতিথিৰূপে প্ৰদান কৰা ভাষণত বিধায়ক দুৱৰীয়ে চৰকাৰে প্ৰৱৰ্তন কৰা এই আঁচনিৰ সুফল গ্ৰহণ কৰাৰ লগতে বিভিন্ন জনহিতকৰ আঁচনিৰ বিষয়ে উল্লেখ কৰি ৰাইজক এই সমূহ আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ কয়।

ইয়াৰ উপৰি বিধায়ক গৰাকীয়ে এই আঁচনি সমূহৰ সফলতাৰ বাবে ৰাইজক সচেতন হ’বলৈ আৰু সমাজত কৰ্ম-সংস্কৃতি গঢ়ি তোলাত অংশীদাৰ হ’বলৈও আহ্বান জনায়।

উল্লেখযোগ্য যে, এই আঁচনিখন স্বেচ্ছামূলক অৰিহণাৰ আধাৰত গঠিত এক পেঞ্চন আঁচনি। আচঁনিখনত নিয়মীয়াকৈ অৰিহণা দি থাকিলে ৬০ বছৰ বয়সৰ পৰা মাহে ৩ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব। ইয়াৰ উপৰি পেঞ্চনাৰৰ মৃত্যুত তেওঁৰ পত্নীয়ে ১,৫০০ টকাকৈ আজীৱন পেঞ্চন লাভ কৰিব।

ইফালে এই আঁচনিখনৰ বিষয়ে সবিশেষ জানিবলৈ ৰাইজে ওচৰৰে শ্ৰমিক কল্যাণ বিভাগৰ কাৰ্য্যালয়, জীৱন বীমা নিগমৰ কাৰ্যালয়, ESIC/ EPFO কাৰ্যালয়ত বা প্ৰতিখন পঞ্চায়তত থকা অৰুণোদয় কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰে।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত বিদিত দাস, EPFO ৰ সহকাৰী আয়ুক্ত এ সুৰেন্দ্র সিং আৰু প্লেণ্টেচনৰ চিকিৎসা পৰিদৰ্শক ডাঃ অপূৰ্ব শৰ্মাকে আদি কৰি ভালেসংখ্যক সাধাৰণ ৰাইজ।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd