NORTHEAST NOW (Assamese)

বিধায়ক ৰূপজ্যোতিয়ে সাধাৰণ লোকৰ কথা চিন্তা কৰি মন্ত্ৰী হিমন্তলৈ লিখিলে এখন বিশেষ চিঠি

April 18, 2020 4:07 pm · দীপজ্যোতি শৰ্মা
Updated: April 18, 2020 6:41 pm
ৰূপজ্যোতি কুৰ্মী। ফাইল ফটো।

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে আজি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ লিখিছে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

মহামাৰী ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে আহ্বান জনোৱা লকডাউনে ক্ষতিগ্ৰস্ত কৰা মৰিয়নী সমষ্টিৰ দৰিদ্ৰ পৰিয়াল সমূহক সহায় কৰাৰ বাবে পত্ৰৰ জৰিয়তে বিধায়ক কুৰ্মীয়ে পুঁজি বিচাৰিছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি লিখা পত্ৰখনত কুৰমীয়ে লিখিছে, ‍‘মৰিয়নি সমষ্টিৰ কৃষিজীৱী, শ্ৰমজীৱী মধ্যবিত্ত লোক তথা চাহ শ্ৰমিক দুখীয়া পৰিয়াল সমূহলৈ ৫০০ টকাকে প্ৰায় ১৮০০০ পৰিয়ালক ৯০লাখ টকা প্ৰয়োজন হব, সেয়ে বিধায়ক ফাণ্ড ২০২০-২০২১ বর্ষ শিতানৰ পৰা অতি শীঘ্ৰে চৰকাৰী মাধ্যমৰে প্ৰত্যেক পৰিয়ালক সাহায্য প্ৰদান কৰক’।

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হিমন্তলৈ প্ৰেৰণ কৰা চিঠি

আনহাতে বিধায়ক কুৰ্মীয়ে অহা দুদিনৰ ভিতৰত সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ তালিকা যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত জমা দিয়াৰ বাবেও প্ৰস্তুতি চলাই থকাৰ কথা জানিবলৈ দিয়ে।

উল্লেখ যোগ্য যে লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰিছে দিনহাজিৰা কৰা শ্ৰমিক, চাহ কৰ্মী, কৃষকসকলক সহায় কৰিবলৈ এনেদৰে বিধায়কে পুঁজি বিচৰা কাৰ্য এক উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে।

Related News