• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমত প্ৰতি ১০লাখ লোকৰ বিপৰীতে মাত্ৰ ৯৭ গৰাকীৰহে COVID19 পৰীক্ষা হৈছে : অসম সংগ্ৰামী মঞ্চ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 18, 2020 3:24 pm

2 min read

অসমত প্ৰতি ১০লাখ লোকৰ বিপৰীতে মাত্ৰ ৯৭ গৰাকীৰহে COVID19 পৰীক্ষা হৈছে : অসম সংগ্ৰামী মঞ্চ

প্ৰতিনিধিত্বমূলক ছবি

3.8k
VIEWS
Share on FacebookShare on Twitter

অসমত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৯৭ গৰাকী ব্যক্তিৰহে COVID19 পৰীক্ষা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংগ্ৰামী মঞ্চই।

মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্য্যকৰী সভাপতি অদীপ ফুকনে নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত কয়, ‘অসমত অতি নগণ্য সংখ্যক লোককহে এতিয়ালৈকে ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰীক্ষা কৰিছে। অসমৰ ১০ লাখ লোকৰ ভিতৰত মাত্ৰ ৯৭ জনৰ অৰ্থাৎ ৩ কোটি ৫০ লাখ লোকৰ ভিতৰত মাত্ৰ ৩,৬১৩ জনৰহে পৰীক্ষা কৰা হৈছে। এনেক্ষেত্ৰত এই মাৰাত্মক ভাইৰাছৰ ভয়াৱহতা প্ৰতিৰোধ কৰা নিশ্চয় সম্ভৱ নহয়।‘

তেওঁলোকে লগতে কয়, ‘অসম চৰকাৰে ৩৪ জন লোক আক্ৰান্ত হোৱাৰ সম্ভেদ পোৱাৰ পিছত সেইসকলৰ সংৰ্স্পশলৈ অহা সকলকহে আৰু ৰাজ্যৰ বাহিৰৰ পৰা অহা কিছু সংখ্যক লোকক পৰীক্ষা কৰিছে।‘

ইপিনে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টি আকৰ্ষণ কৰি নেতাদ্বয়ে কয় ‘ক’ৰ’না ভাইৰাছৰ ক্ষেত্ৰত অসমত অধিক লোকক পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ৰ অশোক ভূষন আৰু ৰবিন্দ্ৰ এচ ভাটৰ খণ্ড বিচাৰপীঠে ৪ এপ্ৰিলত দিয়া ৰায়ত কেন্দ্ৰীয় চৰকাৰক COVID19 ৰ প্ৰসঙ্গত বিনামূলীয়াভাৱ অধিক পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।‘

ইয়াৰোপৰি, নেতাদ্বয়ে অন্য ৰাজ্যৰ তথ্য দাঙি ধৰি কয়, ‘মুঠ জনসংখ্যাৰ ১০ লাখৰ ভিতৰত দিল্লীত ৮৩০ জনৰ, কেৰালাত ৫০০ জনৰ, ৰাজস্থানত ৫৫০ জনৰ, মহাৰাষ্ট্ৰত ৪২৫ জনৰ, তামিলনাডুত ৩১০ জনৰ, গুজৰাটত ২৬৫ জনৰহে পৰীক্ষা কৰোৱা হৈছে।‘

তেওঁলোকে কয় যে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজখনত চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনিৰ সমান্তৰালকৈ ব্যাপক হাৰত লোকক পৰীক্ষা কৰোৱাতো গুৰুত্বপূৰ্ণ। সেয়ে চৰকাৰে ইতিমধ্যে চিনাক্ত কৰা অঞ্চলসমূহত ব্যাপক হাৰত COVID19 ৰ পৰীক্ষা কৰিবলৈ সংগ্ৰামী মঞ্চই মুখ্য মন্ত্ৰী সোণোৱালক আহ্বান জনায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd