• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জামিয়াৰ হিংসাত্মক কাণ্ড; শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে অতিৰিক্ত চাৰ্জশ্বিট দাখিল দিল্লী আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 18, 2020 4:25 pm

2 min read

sharjeel-imam-3
820
VIEWS
Share on FacebookShare on Twitter

জৱহৰলাল নেহৰু বিশ্বিবদ্যালয়ৰ পি এইচ ডি গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে যোৱা ১৫ ডিচেম্বৰৰ জামিয়া নগৰ আৰু নিউ ফ্ৰেইণ্ডছ ক’লনি হিংসাত্মক কাণ্ডত জড়িত থকাৰ অভিযোগৰ গোচৰত অতিৰিক্ত চাৰ্জশ্বিট দাখিল কৰিছে দিল্লীৰ আৰক্ষীয়ে।

ৰাজেশ দেউৰ নেতৃত্বাধীন স্পেচিয়েল ইনভিষ্টিগেশ্যন দলে ইতিপূৰ্বে উক্ত সংঘৰ্ষত জড়িত থকাৰ অভিযোগত ইমামৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল। যোৱা শুকুৰবাৰে এম এম চাকেট ক’ৰ্টত ইমাম বিৰুদ্ধে অতিৰিক্ত চাৰ্জশ্বিট দাখিল কৰিছে দিল্লী আৰক্ষীয়ে।

অতিৰিক্ত পি আৰ অ’(দিল্লী আৰক্ষী) অনিল মিট্টালে কয় যে এজাহাৰ নং ২৪২/১৯ পি এছ এন এফ চি চাৰ্জশ্বিটত যোৱা ১৩ ডিচেম্বৰ তাৰিখে জামিয়া সংঘৰ্ষত ইমামে দেশদ্ৰোহৰ ভাষণ দিয়াৰ অপৰাধত চাৰ্জশ্বিট দাখিল কৰা হৈছে। ইতিমধ্যে তদন্ত কৰি ইয়াৰ বিৰুদ্ধে তথ্য প্ৰমাণ সংগ্ৰহ কৰি ভাৰতীয় দণ্ডবিধিৰ চেকশ্যন ১২৪ আৰু ১৫৩(দেশদ্ৰোহ আৰু জনগণৰ মাজত শ্ৰত্ৰুতা বিয়পোৱা) ধাৰাত চাৰ্জচিট দাখিল কৰা হৈছে।

যোৱা ১৫ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ নিউ ফ্ৰেইণ্ডছ কলনি আৰু জামিয়া অঞ্চলত জামিয়া ইছলামিয়া বিশ্বিবদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছিল।

উক্ত বিক্ষোভে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগতে যথেষ্ট পৰিমাণৰ ৰাজহুৱা সম্পত্তি অনিষ্ট কৰা হৈছিল। প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ লগতে বিক্ষোভকাৰীয়েও শিল গুটি নিক্ষেপ কৰিছিল।

উক্ত বিক্ষোভত বহু বিক্ষোভকাৰীৰ লগতে আৰক্ষীৰ লোগও আ্হত হৈছিল। উক্ত বিক্ষোভত শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে বিক্ষোভকাৰীক উচতনিমূলক ভাষণ প্ৰদান কৰাৰ অভিযোগ কৰিছিল দিল্লী আৰক্ষীয়ে।

আনহাতে অসম আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত যোৱা ১৬ জানুৱাৰীত ‘কা’ৰ বিৰোধী সমাৱেশত দেশবিৰোধী ভাষণ প্ৰদান কৰাৰ অভিযোগত শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ পঞ্জীয়ন হৈ আছে।

বিহাৰৰ জেহানবাদ জিলাৰ নিজ গাঁৱৰ পৰা যোৱা জানুৱাৰী মাহত ইমামক গ্ৰেপ্তাৰ কৰা হৈছিল।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd