• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন বিতৰ্কিত বিধায়ক ,MLA Sherman Ali’ক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
October 4, 2021 11:12 am
MLA Sherman Ali expelled
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ কেইগৰাকীমান শ্বহীদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক অৱশেষত আজি কংগ্ৰেছৰ পৰা নিলম্বন কৰা হয়।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি শ্বেৰমান আলীক নিলম্বনৰ নিৰ্দেশ দিয়ে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই স্বাক্ষৰ কৰা বিবৃতিত কোৱা হৈছে যে দলীয় শৃংখলা ভংগৰ অভিযোগতে শ্বেৰমান আলীক দলৰ পৰা নিলম্বন কৰা হৈছে।

উল্লেখ্য শ্বহীদক অপমান কৰাৰ প্ৰসংগত কাৰণ দৰ্শাবলৈ আলীক তিনিদিনৰ সীমা বান্ধি দিছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। কি কাৰণত শ্বহীদক অপমান কৰিছিল তাৰ বাবে কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল শ্বেৰমানক।

ইতিমধ্যে আদালতে দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে শ্বেৰমানক। শ্বেৰমানৰ বিৰুদ্ধে ১৫৩/১৫৩(এ) ধাৰাত ৫১০/২১ নম্বৰত পানবজাৰ থানাত ৰুজু হৈছে গোচৰ।

Latest news : Pandora papers: শচীন টেণ্ডুলকাৰকে ধৰি বহু ধনী লোকৰ গোপন অৰ্থনৈতিক তথ্য ফাদিল

ইয়াৰোপৰি দিছপুৰ আৰু গীতানগৰ থানাতো ৰুজু হৈ আছে গোচৰ। শ্বহীদক অপমানসূচক আৰু তাচ্ছিল্য মন্তব্য কৰাৰ পাছতে ৰাজ্য জুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে শনিবাৰে সন্ধ্যা ৭:১৫ বজাত দিছপুৰৰ বিধায়ক আবাসৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়ে পানবজাৰ থানালৈ। কাইলৈ পুনৰ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে শ্বেৰমানক।

kk
kk

উল্লেখযোগ্য যে, এসময়ত AIUDF দলত থাকোতে বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ অনুচৰ হিচাপে পৰিচিত শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ প্ৰসংগৰ পাছতে অসমৰ শ্বহীদৰ সম্পৰ্কত অতি অশোভনীয়-অপমানসূচক তথা বিৰূপ মন্তব্য কৰিছিল।

নেলীৰ প্ৰসংগ উত্থাপনৰে শ্বহীদ দয়ানাথ শৰ্মাক কেন্দ্ৰ কৰি অপমানসূচক মন্তব্য দি শ্বেৰমানে সংবাদ মাধ্যমৰ আগত কৈছিল ‘নেলীৰ দৰেই চাউলখোৱা চাপৰিত দয়ানাথ শৰ্মাৰ নেতৃত্বত মিঞা মানুহখিনিক হত্যাযজ্ঞ চলোৱা হৈছিল।

হাতত বন্দুক লৈ দয়ানাথ শৰ্মাৰ নেতৃত্বত কেইবাহাজাৰো মিঞালোকক হত্যা কৰা হৈছিল। মিঞা মানুহখিনিয়ে আত্মৰক্ষাৰ কাৰণে তেওঁলোকক হত্যা কৰিছিল। হত্যাকাৰীক শ্বহীদ বুলি ক’লে ইতিহাস বিকৃত কৰা হ’ব।‘

Also read : তেজপুৰত ১ কিলোগ্ৰামতকৈও অধিক নকল সোণৰ বিস্কুট জব্দ,এজনক আটক

তেওঁ লগতে শ্বহীদক অপমান কৰি কৈছিল, ‘হত্যাকাৰী-ঘাতক কেতিয়াও বন্দিত হ’ব নোৱাৰে তেওঁলোক নিন্দিত। আনকি যিসকলে নেলীত হত্যা কৰিবলৈ গৈছিল তেওঁলোকো ঘাতক। কিন্তু তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰি ৫ লাখকৈ টকা দিয়া হৈছে। তেওঁলোক শ্বহীদ নহয়।‘

বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক কালি কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰাৰ প্ৰস্তাৱ দিছিল কংগ্ৰেছ বিধায়িনী দলে। উল্লেখ্য যে, শ্বেৰমান আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছত কংগ্ৰেছ বিধায়িনী দলে জৰুৰী বৈঠকৰ আয়োজন কৰিছিল ৷ এই বৈঠকতে কংগ্ৰেছ বিধায়িনী দলে শ্বেৰমান আলীক নিলম্বনৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ বৈঠকত APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছৰ বিধায়কসকল উপস্থিত আছিল।

বিধায়িনী দলৰ বৈঠকৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছিল- ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ মতে আমাৰ বিধায়িনী দলৰ বৈঠক আয়োজন কৰো৷ এই বৈঠকত বিৰূপ মন্তব্য কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক আমি বিধায়িনী দলে প্ৰস্তাৱ দিছো৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এই বিষয়ত সিদ্ধান্ত ল’ব৷’

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd