NORTHEAST NOW (Assamese)

এডভাণ্টেজ আছাম ব্যৰ্থ ! বিধানসভাত বিধায়কৰ অসন্তুষ্টি

September 28, 2018 9:42 am · এন ই নাও নিউজ
উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

অসম চৰকাৰে গুৱাহাটীত অনুষ্ঠিত কৰা ‘এডভান্টেজ আছাম’ৰ ফলাফলক লৈ বৃহস্পতিবাৰে বিধানসভাত অসন্তুষ্টি প্ৰকাশ কৰে কেইগৰাকীমান বিধায়কে। ‘এডভান্টেজ আছাম’ৰ সন্দৰ্ভত সদনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰশ্নোত্তৰ কালত দিয়া উত্তৰৰ পিছত অসন্তুষ্টি প্ৰকাশ কৰে বিধায়কেইগৰাকীয়ে। পূৰ্বে বিধায়ক পবিন্দ্ৰ ডেকাই সদনত এই প্ৰসংগত প্ৰশ্ন উত্থাপন কৰে।

‘এডভাণ্টেজ আছাম’ৰ অধীনত স্বাক্ষৰিত বুজা-বুজিৰ চুক্তিৰ ভিতৰত এতিয়ালৈকে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনত প্ৰায় ৬,৫৭৫.৮৪ কোটি টকাৰ বিনিয়োগ হোৱা বুলি বৃহস্পতিবাৰে সদনত সদৰী কৰে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

মন্ত্ৰী পাটোৱাৰীয়ে প্ৰকাশ কৰা মতে, ৬,৫৭৫.৮৪ কোটি টকাৰ উপৰি বিভিন্ন বিনিয়োগকাৰীৰ পৰা মুঠ ১,৪৪১.৩৭ কোটি টকা অতিৰিক্ত বিনিয়োগ কাৰ্যকৰী হৈছে। ইয়াৰ উপৰি, উদ্যোগ আৰু বাণিজ্য বিভাগে ইতিমধ্যে বিভিন্ন বিনিয়োগকাৰীৰ পৰা ৩৭,২৫১.৬৫ কোটি টকাৰ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২৭০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ পাইছে যিবোৰ চূড়ান্ত পৰ্যায়ত আছে।

ৰাজ্য চৰকাৰে গুৱাহাটীত অনুষ্ঠিত কৰা ‘এডভাণ্টেজ আছাম’ শীৰ্ষক সন্মিলনৰ সময়ত মুঠ ২০৭ খন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে ইয়াৰ বাহিৰেও বিগত সময়ছোৱাত ৩৪জন বিনিয়োগকাৰীয়ে অসমত বিনিযোগৰ আগ্ৰহ প্ৰকাশ কৰি উদ্যোগ আৰু বাণিজ্য বিভাগত প্ৰস্তাৱ দাখিল কৰিছে।

আনহাতে, মন্ত্ৰী পাটোৱাৰীৰ উত্তৰত অসন্তুষ্টি ব্যক্ত কৰি বিধায়ক ডেকাই কয় যে টিহুত মেগা ফুড পাৰ্ক স্থাপনৰ নামত মাত্ৰ এটা বিস্কুট ফেক্টৰীহে স্থাপন হ’ল। বিধায়ক অতুল বৰাই বৰ্তমানে এটা এটাকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ মৃত্যুমুখী হৈ পৰাৰ বাবে উদ্বেগ প্ৰকাশ কৰি ‘এডভাণ্টেজ আছাম’ৰ ধনেৰে চন্দ্ৰপুৰৰ সাৰ কাৰখানাটোক পুনৰ জীৱিত কৰিব পাৰিলেহেঁতেন বুলি মত ব্যক্ত কৰে। বিধায়ক সঞ্জন কৃষ্ণনে কয় যে ‘এডভাণ্টেজ আছাম’ৰ ধনেৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে উদ্যোগ স্থাপন কৰিব পৰা গ’লহেঁতেন।

ইপিনে মন্ত্ৰী পাটোৱাৰীয়ে জানিব দিয়ে যে চন্দ্ৰপুৰৰ কাৰাখানাটো পুনৰুজীৱিতকৰণ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে।

পাটোৱাৰীয়ে কয় যে এবাৰ ‘এডভাণ্টেজ আছাম’ অনুষ্ঠিত কৰিয়েই বহুসংখ্যক বিনিয়োগৰ আশা কৰাটো সঠিক নহয়। গুজৰাটে এইবাৰ সপ্তমবাৰৰ বাবে ‘ভাইব্ৰেণ্ট গুজৰাট’ অনুষ্ঠিত কৰিছে। য’ত ৪ লাখ কোটি টকালৈকে বিনিয়োগ হৈছে। কিন্তু ৰাজ্যখনে যেতিয়া প্ৰথমবাৰ ‘ভাইব্ৰেণ্ট গুজৰাট’ অনুষ্ঠিত কৰিছিল তেতিয়া মাত্ৰ এক হেজাৰ কোটিহে বিনিয়োগ হৈছিল।

সেয়েহে ‘এডভাণ্টেজ আছাম’ৰ আয়োজনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বিনিয়োগৰ পৰিমাণো বৃদ্ধি পাব বুলি পাটোৱাৰীয়ে আশা প্ৰকাশ কৰে।

Related News