মিজোৰামত পৰৱৰ্তী চৰকাৰ এম এন এফৰ : পৰৱৰ্তী মুখ্য মন্ত্ৰী হ’বলৈ সাজু জোৰামথাংগা

mnf-mizoram-750x375

ফটো : নৰ্থইষ্ট নাও

মিজোৰামৰ ৰাজধানী চহৰ আইজলকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া উৎসৱ মুখৰ পৰিৱেশ। নিৰ্বাচনত বিজয় সাৱ্যস্ত কৰি ৰাজ্যখনৰ আঞ্চলিক দল মিজো নেশ্যনেল ফ্ৰন্ট (এম এন এফ)এ বিজয় উৎসৱ পালন কৰা আৰম্ভ কৰিছে।

২৮ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ দিশত আগবঢ়াৰ সময়ত এম এন এফে ইতিমধ্যে ২০ খন আসনত জয়লাভ কৰিছে আৰু আন ৭ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হোৱা শাসকীয় ভাৰতীয় জাতীয় কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ইয়াৰ খোপনি হেৰুওৱা হেৰুৱাইছে।

তিনিটাকৈ ধাৰাবাহিক কাৰ্যকালৰ বাবে ৰাজ্যখনত কংগ্ৰেছক নেতৃত্ব দিয়াৰ লালথান হাৱলাৰ সপোন অপূৰ্ণ হৈয়ে ৰ’ল কিয়নো জনসাধাৰণে ইয়াৰ দ্বিতীয়টো কাৰ্যকালৰ শেহৰ কেইমাহত উত্থাপিত হোৱা কেইবাটাও দুৰ্নীতিৰ অভিযোগৰ বাবে আটাইতকৈ পুৰণি দলটোক বিদায় দিলে।

এম এন এফৰ মুৰব্বী তথা প্ৰাক্তন মুখ্য মন্ত্ৰী জোৰামথাংগাই মুখ্য মন্ত্ৰী লালথান হাৱলাৰ প্ৰস্থানৰ পাছত ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী হোৱাৰ বাবে সাজু হৈছে।

চৰকাৰী তথ্য অনুসৰি মিজো নেশ্যনেল ফ্ৰন্টে ৩৮ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৩০.৭ শতাংশ ভোট।

যোৱা ২৮ নৱেম্বৰত ৰাজ্যখনত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। অহা ১৫ ডিচেম্বৰত বৰ্তমান বিধানসবাৰ কাৰ্যকালৰ অন্ত পৰিব। ৪০ জনীয়া বিধানসভাখনৰ বাবে যিকোনো দলেই ২১ খন আসন পালেই একক সংখ্যা গৰিষ্ঠতা অৰ্জন কৰিব।

বিগত ২০১৩’ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে অভিলেখ সংখ্যক ৩৪ খন আসনত বিজয় সাৱ্যস্ত কৰিছিল। ইয়াৰ বিপৰীতে এম এন এফে লাভ কৰিছিল মাত্ৰ ৫খন আসন আৰু অন্যান্যই মাত্ৰ ১খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, এইবাৰ এতিয়ালৈ ঘোষণা কৰা মুঠ ৩৫ খন আসনৰ ভিতৰত এম এন এফে ২০খন, কংগ্ৰেছে ৬ খন, জেদ পি এমে ৭খন আৰু ১খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।