ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে গণ প্ৰহাৰৰ দ্বাৰা হত্যা কাণ্ড সংঘটিত হোৱা ঘটনা।
ঝংকাৰ শইকীয়াৰ পৰা আৰম্ভ কৰি অভিজিত নিলোৎপল আৰু শেহতীয়াকৈ মৰিয়নীৰ দেবাশীষ গগৈলৈকে বহু উদীয়মান যুৱক বা কিশোৰে গণ নিগ্ৰহৰ সন্মুখীন হৈ মৃত্যুক আঁকোৱালি লৈছে।
ক্ৰমান্বয়ে এনে ঘটনা বৃদ্ধি পোৱাকলৈ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল।
সকলোৰে মনত এটাই প্ৰশ্ন ” এনেধৰণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থকাৰ আঁৰত কি আছে?
কোনে উন্মত্ত জনতাক আইন হাতত তুলি লৈ এটা জীৱন লোৱাৰ অধিকাৰ দিলে কোনে?
এয়া অৰাজকতা নে অসহিষ্ণুতা?
এনেবোৰ প্ৰশ্ন উত্তৰ বিচাৰি আমাৰ সাংবাদিকে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ লগত কথা পাতিছিল।
সকলোৱে আইন ব্যৱস্থাৰ সুৰুঙা তথা অপৰাধীয়ে কঠোৰ শাস্তি নোপোৱাৰ বাবেই এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হৈ থকা বুলি মতপোষণ কৰে।
তলত বিভিন্ন গৰাকী লোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ’ল :-
উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে কয়, ‘লাহে লাহে আইনৰ ওপৰত মানুহৰ বিশ্বাস নথকা যেন অনুভৱ হৈছে। মানুহ এজনক সন্দেহৰ ভিত্তিত গণ নিগ্ৰহৰ দ্বাৰা হত্যা কৰি পেলোৱাটো সুলভ হৈ পৰিছে। ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰুওৱাৰ ফলত এজন লোকক অপৰাধী সজাই কিছুমান জনসাধাৰণে প্ৰহাৰ কৰি হত্যা কৰে।’
‘দ্বিতীয়তে, মানুহ বহু সময়ত অন্ধ বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আহিছে। মানুহৰ মানৱীয় অনুভূতি একেবাৰে নোহোৱা হৈছে। ভৱিষ্যতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ফাষ্টট্ৰেক আদালতত এইবোৰ বিচাৰ প্ৰক্ৰিয়া চলিব লাগে যাতে সোনকালে দোষীয়ে কঠোৰ শাস্তি পায়।অসহিষ্ণুতা আৰু অৰাজকতা দুয়োটাই ইয়াৰ কাৰণ।’ তেওঁ লগতে আৰু কয়।
সমাজ কৰ্মী মীৰা বৰঠাকুৰে কয়, ‘ৰাজনীতিত আইনৰ বেক গ্ৰাউণ্ডৰ পৰাই সকলো নেতা মন্ত্ৰী হৈ আছে। ভাৰতবৰ্ষৰ আইনখনত যিমান সুৰুঙা আছে, আজি অভি নীলৰ হত্যাকাণ্ডৰ দোষীয়ে ফ্ৰাষ্টট্ৰেক আদালতত বিচাৰ হৈ দোষীয়ে শাস্তি পাব লাগিছিল।আইনৰ ওপৰত আস্থা আৰু বিশ্বাস থাকিলেও কিছু কিছু ক্ষেত্ৰত হতাসগ্ৰস্ততাও থাকে। ৰাজনৈতিক নেতাসকলে এই আইনখন কঠোৰ হোৱাটো নিবিচাৰে।’
‘গনহত্যা বা আইন হাতত তুলি লোৱাৰ কাৰণ অর্থনৈতিক হতাশগ্ৰস্ততা। উঠি অহা যুৱ প্ৰজন্মৰ হাতত আৰ্থিক ভাৱে স্বচ্ছল বা আত্ম নিৰ্ভৰশীল হ’ব পৰা ব্যৱস্থা কোনো চৰকাৰে কৰা নাই।’ বৰঠাকুৰে আৰু কয়।
মানৱ অধিকাৰ কৰ্মী ডঃ দিব্য জ্যোতি শইকীয়াই কয়, ‘সমগ্ৰ দেশতে এখন গণপ্ৰহাৰ বিৰোধী আইনৰ নিত্যান্ত প্ৰয়োজন। উৰাবাতৰিয়েও গণপ্ৰহাৰৰ দৰে ঘটনাবোৰ সংঘটিত কৰে আৰ্থিক স্বচ্ছতা,সমাজ পৰিবৰ্তনৰ শিক্ষা আৰু মানৱতাৰ কথাও ইয়াত জড়িত হৈ আছে।
তৃণমূল পৰ্য্যায়ৰ পৰা শিক্ষা ব্যৱস্থা টনকিয়াল নোহোৱালৈকে এইধৰণৰ ঘটনাবোৰ ঘটি থাকিব। আমি প্ৰতিজনে সজাগ হ’ব লাগিব যে আজি বেলেগৰ লগত এনে হোৱাৰ পাছতো যদি আমি মাত নামাতো বা সজাগ-সতৰ্ক নহওঁ তেন্তে নিজৰ লগতো তেনেকুৱা কেতিয়াবা হ’ব।’
গোৱালপাৰাৰ সমাজ সচেতক মহিলা ৰেইহানা হাজেৰা মাৰাকে কয়, ‘গণহত্যাৰ দৰে আমানৱীয় কাণ্ড আৰু পুনৰাই আমাৰ সমাজত সংঘটিত হোৱাটো কেতিয়াও নিবিচাৰো। অভি-নীল, সনাতন ডেকা, মৰিয়নীৰ দেৱাশীষ গগৈৰ লগত হোৱা ঘটনাৰ পৰা আমি শিক্ষা লোৱা উচিত যে আমিও এদিন এনে ঘটনাৰ সন্মুখীন হ’ব পাৰো। গতিকে গণহত্যা বিৰোধী এখন কঠোৰ আইনৰ দৰকাৰ যাতে মানুহে এনে ঘটনা সংঘটিত কৰিবলৈ ভয় কৰে। লগতে এই ঘটনা সংঘটিত হোৱাৰ সময়ত ওচৰত থকা লোকেও যাতে উন্মত্ত লোকক বাধা দি এই আইনৰ কথা মনত পেলাই দিয়ে। আইনখন প্ৰণয়ন হ’লে ইয়াৰ বহুল প্ৰচাৰৰো প্ৰয়োজনীয়তা আছে।’
ইপিনে, আজিৰ এই অভিশপ্ত দিনটোত অভিৰ পিতৃ তথা ঝংকাৰ শইকীয়াৰ পিতৃয়েও এই বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ঝংকাৰ শইকীয়াৰ পিতৃ তথা অধিবক্তা হৰেন শইকীয়াই কয়, ‘ এতিয়া কোনো লোক ক’তো সুৰক্ষিত নহয়। মানুহৰ মাজত এই অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে তথা এইটো চিন্তনীয় বিষয় হৈ পৰিছে। ঝংকাৰক যেতিয়া হত্যা কৰিছিল তেতিয়াই মই কৈছিলো এই ঘটনাই শেষ ঘটনা হওক। কিন্তু এনে ধৰণৰ গণ নিগ্ৰহৰ ঘটনা কমক চাৰি বেছি হৈ গৈ আছে। চৰকাৰৰ এই ক্ষেত্ৰত কৰণীয় আছে। ঝংকাৰ হত্যাৰ ৰায় পাওঁতে সাত বছৰ প্ৰয়োজন হ’ল। পিতৃ মাতৃৰ বাবে এই কথা সহ্য কৰি থকাটো সহজ নহয়।’
‘এতিয়া ঝংকাৰ জীয়াই থকাহেঁতেন ২৬ বছৰীয়া হ’লহেঁতেন। তাৰ বয়সৰ ল’ৰাবোৰ দেখিলে মোৰ আৰু মাকৰ বৰ দুখ লাগে।’ হৰেন শইকীয়াই লগতে কয়।
তেওঁৰ মতে এখন গণ বিৰোধী আইন চৰকাৰে প্ৰণয়ন কৰিব লাগে।
অভিজিতৰ পিতৃ অজিত কুমাৰ নাথে কয়, ‘অভি নীল আৰু ঝংকাৰ শইকীয়াৰ বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ বাবে আৰু অভি নীলৰ হত্যাকাৰীয়ে এতিয়ালৈকে শাস্তি এতিয়ালৈকে পোৱা নাই। সেইবোৰ কাৰণে অপৰাধ প্ৰৱণতা থকা লোকৰ মনত উৎসাহ যোগাইছে।’
তেওঁ আৰু কয়, ‘কাৰণ নোহোৱাকৈ মানুহ মাৰিব লাগে আৰু আনন্দ ল’ব লাগে। তেওঁলোকে ভাবিছে যে কোনোধৰণৰ শাস্তি নহয়েই। সেয়েহে এনেবোৰ অপৰাধত তদন্ত প্ৰক্ৰিয়া খৰতকীয়া হৈ সোনকালে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।’