• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গণহত্যা: কোনে দিলে আইন হাতত তুলি লৈ জীৱন কাঢ়ি লোৱাৰ অধিকাৰ?

অসহিষ্ণুতা নে অৰাজকতা? কিয় বৃদ্ধি পাইছে গণহত্যাৰ ঘটনা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 8, 2020 3:21 pm
index

প্ৰতিনিধিত্বমূলক ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে গণ প্ৰহাৰৰ দ্বাৰা হত্যা কাণ্ড সংঘটিত হোৱা ঘটনা।

ঝংকাৰ শইকীয়াৰ পৰা আৰম্ভ কৰি অভিজিত নিলোৎপল আৰু শেহতীয়াকৈ মৰিয়নীৰ দেবাশীষ গগৈলৈকে বহু উদীয়মান যুৱক বা কিশোৰে গণ নিগ্ৰহৰ সন্মুখীন হৈ মৃত্যুক আঁকোৱালি লৈছে।

Apply Now

ক্ৰমান্বয়ে এনে ঘটনা বৃদ্ধি পোৱাকলৈ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল।

সকলোৰে মনত এটাই প্ৰশ্ন ” এনেধৰণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থকাৰ আঁৰত কি আছে?

কোনে উন্মত্ত জনতাক আইন হাতত তুলি লৈ এটা জীৱন লোৱাৰ অধিকাৰ দিলে কোনে?

এয়া অৰাজকতা নে অসহিষ্ণুতা?

এনেবোৰ প্ৰশ্ন উত্তৰ বিচাৰি আমাৰ সাংবাদিকে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ লগত কথা পাতিছিল।

সকলোৱে আইন ব্যৱস্থাৰ সুৰুঙা তথা অপৰাধীয়ে কঠোৰ শাস্তি নোপোৱাৰ বাবেই এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হৈ থকা বুলি মতপোষণ কৰে।

তলত বিভিন্ন গৰাকী লোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ’ল :-

উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে কয়, ‘লাহে লাহে আইনৰ ওপৰত মানুহৰ বিশ্বাস নথকা যেন অনুভৱ হৈছে। মানুহ এজনক সন্দেহৰ ভিত্তিত গণ নিগ্ৰহৰ দ্বাৰা হত্যা কৰি পেলোৱাটো সুলভ হৈ পৰিছে। ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰুওৱাৰ ফলত এজন লোকক অপৰাধী সজাই কিছুমান জনসাধাৰণে প্ৰহাৰ কৰি হত্যা কৰে।’

‘দ্বিতীয়তে, মানুহ বহু সময়ত অন্ধ বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আহিছে। মানুহৰ মানৱীয় অনুভূতি একেবাৰে নোহোৱা হৈছে। ভৱিষ্যতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ফাষ্টট্ৰেক আদালতত এইবোৰ বিচাৰ প্ৰক্ৰিয়া চলিব লাগে যাতে সোনকালে দোষীয়ে কঠোৰ শাস্তি পায়।অসহিষ্ণুতা আৰু অৰাজকতা দুয়োটাই ইয়াৰ কাৰণ।’ তেওঁ লগতে আৰু কয়।

সমাজ কৰ্মী মীৰা বৰঠাকুৰে কয়, ‘ৰাজনীতিত আইনৰ বেক গ্ৰাউণ্ডৰ পৰাই সকলো নেতা মন্ত্ৰী হৈ আছে। ভাৰতবৰ্ষৰ আইনখনত যিমান সুৰুঙা আছে, আজি অভি নীলৰ হত্যাকাণ্ডৰ দোষীয়ে ফ্ৰাষ্টট্ৰেক আদালতত বিচাৰ হৈ দোষীয়ে শাস্তি পাব লাগিছিল।আইনৰ ওপৰত আস্থা আৰু বিশ্বাস থাকিলেও কিছু কিছু ক্ষেত্ৰত হতাসগ্ৰস্ততাও থাকে। ৰাজনৈতিক নেতাসকলে এই আইনখন কঠোৰ হোৱাটো নিবিচাৰে।’

‘গনহত্যা বা আইন হাতত তুলি লোৱাৰ কাৰণ অর্থনৈতিক হতাশগ্ৰস্ততা। উঠি অহা যুৱ প্ৰজন্মৰ হাতত আৰ্থিক ভাৱে স্বচ্ছল বা আত্ম নিৰ্ভৰশীল হ’ব পৰা ব্যৱস্থা কোনো চৰকাৰে কৰা নাই।’ বৰঠাকুৰে আৰু কয়।

মানৱ অধিকাৰ কৰ্মী ডঃ দিব্য জ্যোতি শইকীয়াই কয়, ‘সমগ্ৰ দেশতে এখন গণপ্ৰহাৰ বিৰোধী আইনৰ নিত্যান্ত প্ৰয়োজন। উৰাবাতৰিয়েও গণপ্ৰহাৰৰ দৰে ঘটনাবোৰ সংঘটিত কৰে আৰ্থিক স্বচ্ছতা,সমাজ পৰিবৰ্তনৰ শিক্ষা আৰু মানৱতাৰ কথাও ইয়াত জড়িত হৈ আছে।

তৃণমূল পৰ্য্যায়ৰ পৰা শিক্ষা ব্যৱস্থা টনকিয়াল নোহোৱালৈকে এইধৰণৰ ঘটনাবোৰ ঘটি থাকিব। আমি প্ৰতিজনে সজাগ হ’ব লাগিব যে আজি বেলেগৰ লগত এনে হোৱাৰ পাছতো যদি আমি মাত নামাতো বা সজাগ-সতৰ্ক নহওঁ তেন্তে নিজৰ লগতো তেনেকুৱা কেতিয়াবা হ’ব।’

গোৱালপাৰাৰ সমাজ সচেতক মহিলা ৰেইহানা হাজেৰা মাৰাকে কয়, ‘গণহত্যাৰ দৰে আমানৱীয় কাণ্ড আৰু পুনৰাই আমাৰ সমাজত সংঘটিত হোৱাটো কেতিয়াও নিবিচাৰো। অভি-নীল, সনাতন ডেকা, মৰিয়নীৰ দেৱাশীষ গগৈৰ লগত হোৱা ঘটনাৰ পৰা আমি শিক্ষা লোৱা উচিত যে আমিও এদিন এনে ঘটনাৰ সন্মুখীন হ’ব পাৰো। গতিকে গণহত্যা বিৰোধী এখন কঠোৰ আইনৰ দৰকাৰ যাতে মানুহে এনে ঘটনা সংঘটিত কৰিবলৈ ভয় কৰে। লগতে এই ঘটনা সংঘটিত হোৱাৰ সময়ত ওচৰত থকা লোকেও যাতে উন্মত্ত লোকক বাধা দি এই আইনৰ কথা মনত পেলাই দিয়ে। আইনখন প্ৰণয়ন হ’লে ইয়াৰ বহুল প্ৰচাৰৰো প্ৰয়োজনীয়তা আছে।’

ইপিনে, আজিৰ এই অভিশপ্ত দিনটোত অভিৰ পিতৃ তথা ঝংকাৰ শইকীয়াৰ পিতৃয়েও এই বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ঝংকাৰ শইকীয়াৰ পিতৃ তথা অধিবক্তা হৰেন শইকীয়াই কয়, ‘ এতিয়া কোনো লোক ক’তো সুৰক্ষিত নহয়। মানুহৰ মাজত এই অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে তথা এইটো চিন্তনীয় বিষয় হৈ পৰিছে। ঝংকাৰক যেতিয়া হত্যা কৰিছিল তেতিয়াই মই কৈছিলো এই ঘটনাই শেষ ঘটনা হওক। কিন্তু এনে ধৰণৰ গণ নিগ্ৰহৰ ঘটনা কমক চাৰি বেছি হৈ গৈ আছে। চৰকাৰৰ এই ক্ষেত্ৰত কৰণীয় আছে। ঝংকাৰ হত্যাৰ ৰায় পাওঁতে সাত বছৰ প্ৰয়োজন হ’ল। পিতৃ মাতৃৰ বাবে এই কথা সহ্য কৰি থকাটো সহজ নহয়।’

‘এতিয়া ঝংকাৰ জীয়াই থকাহেঁতেন ২৬ বছৰীয়া হ’লহেঁতেন। তাৰ বয়সৰ ল’ৰাবোৰ দেখিলে মোৰ আৰু মাকৰ বৰ দুখ লাগে।’ হৰেন শইকীয়াই লগতে কয়।

তেওঁৰ মতে এখন গণ বিৰোধী আইন চৰকাৰে প্ৰণয়ন কৰিব লাগে।

অভিজিতৰ পিতৃ অজিত কুমাৰ নাথে কয়, ‘অভি নীল আৰু ঝংকাৰ শইকীয়াৰ বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ বাবে আৰু অভি নীলৰ হত্যাকাৰীয়ে এতিয়ালৈকে শাস্তি এতিয়ালৈকে পোৱা নাই। সেইবোৰ কাৰণে অপৰাধ প্ৰৱণতা থকা লোকৰ মনত উৎসাহ যোগাইছে।’

তেওঁ আৰু কয়, ‘কাৰণ নোহোৱাকৈ মানুহ মাৰিব লাগে আৰু আনন্দ ল’ব লাগে। তেওঁলোকে ভাবিছে যে কোনোধৰণৰ শাস্তি নহয়েই। সেয়েহে এনেবোৰ অপৰাধত তদন্ত প্ৰক্ৰিয়া খৰতকীয়া হৈ সোনকালে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd