ছাত্ৰ-ছাত্ৰীৰ হাতত ম’বাইল নিষেধ অসমৰ শিক্ষানুষ্ঠানত!

অসমৰ সকলো শিক্ষানুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ হাতত ম’বাইল ফ’ন নিষিদ্ধ কৰা বাবে নিৰ্দেশ দিবলৈ শিক্ষা মন্ত্ৰীক বুধবাৰে আহ্বান (ask) জনাইছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ম’বাইল ফ’নে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে বুলি মন্তব্য কৰি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত এই নিৰ্দেশ দিছে মুখ্য মন্ত্ৰীগৰাকীয়ে।

“ম’বাইল ফ’নে বিনষ্ট কৰিছে শিক্ষানুষ্ঠানৰ পৰিৱেশ। ছাত্ৰ-ছাত্ৰীয়ে আজিকালি বেছি সময় ম’বাইল ফ’নত ব্যস্ত থাকে,” ভাষণত মন্তব্য সোণোৱালৰ।

আনহাতে শিক্ষক দিৱসৰ দিনাই অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ অধীনত ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ কেইবা হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে মহানগৰীত ব্যাপক প্ৰতিবাদ কৰাৰ বিপৰীতে সমস্যা সমাধানৰ বাবে শিক্ষকসকলক ‘ধৈৰ্য্য’ ধৰাৰ আহ্বান জনাইছে মুখ্য মন্ত্ৰীয়ে।

“শিক্ষকসকলৰ সমস্যা সমাধান আমি আন্তৰিকতাৰে বিচাৰো। কিন্তু অলপ সময় লাগিব। আপোনালোকে অলপ ধৈৰ্য্য ধৰক, আমি বিনম্ৰতাৰে সমস্যাৰ সমাধান কৰিম। শিক্ষামন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে আলোচনা কৰি আছে। শিক্ষকসকলে যেতিয়া আন্দোলন কৰে, আত্মজাহ দিয়াৰ সিদ্ধান্ত হাতত লয়, আমি ব্যথিত হওঁ,’’ মন্তব্য মুখ্য মন্ত্ৰীৰ।

মুখ্য মন্ত্ৰীয়ে লগতে কয়, “শিক্ষা ব্যৱস্থাৰ প্ৰতি প্ৰতিগৰাকী ব্যক্তিয়ে বিশেষ গুৰুত্ব দিব লাগিব। প্ৰতিযোগিতাৰ পৃথিৱীত নিজৰ শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ প্ৰচেষ্টা হাতত ল’ব লাগিব। তাৰ বাবে ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক সকলোৰে সাধনা লাগিব। ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক সকলৰ যৌথ অৱদান লাগিব।”

লগতে পঢ়ক অসমৰ সকলো শিক্ষকলৈ অনলাইন সেৱাৰ নতুন সুবিধা ঘোষণা শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য্যৰ

আনহাতে অনলাইনযোগে অভিযোগ দাখিলৰ বাবে শিক্ষা বিভাগে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি একেটা অনুষ্ঠানতে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

ইয়াৰ উপৰিও গুণোৎসৱৰ সময়ত বিদ্যালয়সমূহত দেখা পোৱা আঁসোৱাহসমূহ দূৰ কৰিবলৈ চৰকাৰে ৯৬,২৯২ লাখ টকা বাজেটত ধাৰ্য্য কৰিব বুলিও শিক্ষা মন্ত্ৰীয়ে ভাষণত ঘোষণা কৰে।

শিক্ষা মন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে প্ৰতিখন বিদ্যালয়ত অভিভাৱকৰ সৈতে শিক্ষকৰ সভা বাধ্যতামূলক কৰিবলৈ চৰকাৰে প্ৰচেষ্টা লৈছে।

শিক্ষক দিৱসৰ কাৰ্যসূচীত ৰাজ্যৰ ১০খন বিদ্যালয়ক ১ লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে ২৩গৰাকী শিক্ষকক কৃতি শিক্ষকৰ ৰাজ্যিক বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সোণোৱালৰ লগতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মন্ত্ৰী পল্লৱ লোচন দাস আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অলক কুমাৰ বুঢ়াগোহাঁই উপস্থিত আছিল।