NORTHEAST NOW (Assamese)

বিশ্বনাথত আদৰ্শ কোভিড টিকাকৰণ কেন্দ্ৰ উদ্বোধন : প্ৰথম দিনাই তিনিশৰো অধিক লোকক ভেকচিন প্ৰদান

May 31, 2021 4:50 pm · কাজী জেইদুল ইছলাম
Updated: May 31, 2021 5:01 pm

আজি বিশ্বনাথত আদৰ্শ কোভিড টিকাকৰণ কেন্দ্ৰ উদ্ধোধন কৰা হয়৷‌

বিশ্বনাথ মহাবিদ্যালয়ত উদ্বোধন কৰা এই কেন্দ্ৰটোত প্ৰায় শতাধিক লোকৰ উপস্থিতিত বিশ্বনাথ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই শুভ উদ্ধোধন কৰে৷

এই আদৰ্শ প্ৰতিষেধক কেন্দ্ৰটোত ১৮ বছৰৰ পৰা ৪৫ বছৰৰ লোকসকলক আৰু ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তিসকলক আজিৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হ’ব।

এই কোভিড প্ৰতিষেধক কেন্দ্ৰটোত ফ্ৰন্ট লাইন ওৱাৰ্কাৰ হিচাপে পেট্ৰল পাম্পৰ কৰ্মচাৰী, গেছ এজেঞ্চিৰ কৰ্মচাৰী, গাঁওৰক্ষী বাহিনীৰ ইত্যাদি লোকসকলক সামৰি লোৱা হৈছে বুলি জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

বিশ্বনাথ মহাবিদ্যালয়ত মুকলি কৰা এই প্ৰতিষেধক কেন্দ্ৰটোত আজিৰ দিনটোত তিনিশ লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব আৰু এই কেন্দ্ৰটোত ধাৰাবাহিক ভাবে প্ৰতিষেধক প্ৰদান কৰি থকা হ’ব।

উক্ত আদৰ্শ টিকাকৰণ কেন্দ্ৰটোত উপস্থিত থাকি কণ্ঠশিল্পী নাহিদ আফ্ৰিনে কোভিড ভেকচিন গ্ৰহণ কৰি কণ্ঠশিল্পীগৰাকীয়ে যুৱ প্ৰজন্মৰ লগতে ৰাইজক কোভিড ভেকচিন ল’বলৈ আহ্বান জনায়৷

Related News