সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সন্মানাৰ্থে গুৱাহাটীস্থিত মডাৰ্ণ ইংলিছ স্কুলত শৈক্ষিক দিৱস পালন

শিক্ষাৰ্থীসকলৰ শাৰীৰিক বিকাশৰ বাবে এমইএছ ক্ৰীড়া একাডেমী মুকলি

তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শৈক্ষিক ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শনকাৰীসকলক সম্বৰ্ধনা জনোৱাৰ লক্ষ্যৰে, ৯০% অথবা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলৰ সন্মানাৰ্থে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুল (এমইএছ)ত আজি প্ৰথম শৈক্ষিক দিৱস পালন কৰা হয়।

শিক্ষাৰ্থীসকলৰ শাৰীৰিক বিকাশৰ বাবে বিদ্যালয়খনে বাস্কেটবল, বেডমিণ্টন, ক্ৰিকেট, ফুটবল, টাইকোৱাণ্ডো আৰু যোগাসন আদিৰ অন্তৰ্ভুক্তিৰে তেওঁলোকৰ এমইএছ ক্ৰীড়া একাডেমী মুকলি কৰে। এই উপলক্ষে অসম চৰকাৰৰ দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগৰ প্ৰধান সচিব ড০ বি. কল্যাণ চক্ৰৱৰ্তী মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰু প্ৰাক্তন মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই সন্মানীয় অতিথিৰ আসন শুৱনি কৰে।  

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অধ্যক্ষা শ্ৰীমতী জোনালী দাসে কয়, “কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে সদায় শিক্ষাৰ্থীসকলৰ শৈক্ষিক উৎকৰ্ষতাৰ লগতে সামগ্ৰিক বিকাশৰ দিশটোত বিশ্বাস আৰু গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰথম এমইএছ শৈক্ষিক দিৱস উপলক্ষে আমি আমাৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক সাফল্য উদযাপন কৰি গৌৰৱান্বিত আৰু আনন্দিত হোৱাৰ লগতে আমাৰ শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ বাবে ক্ৰীড়া একাডেমী মুকলি কৰাৰ কথা ঘোষণা কৰিছো।” 

এই উদ্দীপনাময় অনুষ্ঠানটোক শৈক্ষিক উৎকৰ্ষতাৰ লগতে কুমলীয়া মনবোৰক যথোচিত লালন-পালনেৰে বিকশিত কৰি তোলাৰ প্ৰতি থকা দৃঢ় দায়বদ্ধতাৰ ৪০ বছৰীয়া যাত্ৰাৰ এক চিন হিচাপে সূচিত কৰা হৈছে।