• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

মোদীৰ মুখৰ পৰা ২০১৪-২০ লৈ স্বপ্ন দেখুওৱা বহুকেইটা প্ৰতিশ্ৰুতি উধাও

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 23, 2021 7:37 pm
Modi-28
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণৰ পৰা আঁতৰিল বহুকেইটা প্ৰসংগ।

যিকেইটা প্ৰসংগই ২০১৪ চনৰ পৰা আৰম্ভ কৰি ২০২০ ৰ ভিতৰৰ সময়ছোৱাত অসমৰ প্ৰত্যেকখন ৰাজনৈতিক-চৰকাৰী সভাত বৰকৈ স্থান লাভ কৰিছিল।

Apply Now

কিন্তু হঠাৎ শিৱসাগৰত আহি মোদীৰ মুখৰ পৰা উধাও হ’ল সেইকেইটা প্ৰসংগ। যি প্ৰসংগ লৈ ২০১৪ চনত অসমত বিজেপিৰ সমৰ্থন আদায় কৰি সাতোগৰাকী সাংসদ জয়ী কৰাই নিছিল।

ঠিক সেইদৰে ২০১৬ চনতো সেইকেইটা প্ৰতিশ্ৰুতিৰে পৰিৱৰ্তনৰ মিছা স্বপ্ন দেখি সৰ্বানন্দ সোণোৱালক শাসনৰ গাদীত বহুৱালে অসমৰ ৰাইজে।

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও সেই স্বপ্ন পুনৰ দেখুৱাই পুনৰ শাসনলৈ আহিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ আশ্বাস অসমৰ ৰাইজে শুনিলে।

তথাপিও সেই প্ৰতিশ্ৰুতি কেৱল মুখৰ কথাতেই সীমাৱদ্ধ হৈ থাকিল, কাৰ্য্যতঃ পৰিণত হ’ল ফুটুকাৰ ফেনত।

অসম চুক্তিৰ প্ৰতিটো দফাৰ সফল ৰূপায়ণ, ৬ নং দফা শীঘ্ৰে কাৰ্য্যকৰীকৰণ, NRC, ৬ জনগোষ্ঠীক জনজাতিকৰণ, বান গৰাখহনীয়া সমস্যাৰ সমাধান, মাজুলীৰ দলং নিৰ্মাণ ইত্যাদি কেতবোৰ আছিল মূল প্ৰতিশ্ৰুতি।

কিন্তু সেয়া যেন এতিয়া অতীত হ’ল। অসম চুক্তিৰ প্ৰতিটো দফা সফল ৰূপায়ণৰ ফলাফল দিলে ‘কা’ আইন বলবৎ কৰি তথা পাঁচ নং দফা ভংগ কৰিলে বিজেপিয়ে।

‘কা’ৰ বিৰুদ্ধে ৰাইজৰ বিক্ষোভ উপশম ঘটাবলৈ অন্য এক টোপ আনিলে বিজেপিয়ে। সেয়া হ’ল ৬ নং দফাৰ সফল ৰূপত কাৰ্য্যকৰী কৰিব বিজেপিয়ে। কিন্তু সংসদত এজন কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষণত ওলাই পৰিল যে দিল্লীলৈ অসম চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ প্ৰস্তাৱ দিয়া নাই। অৰ্থ্যাৎ দিচপুৰৰ আলমিৰাতে আৱদ্ধ হৈ থাকিল ৬ দফা কাৰ্য্যকৰীকৰণৰ পৰামৰ্শদাতা কমিটিয়ে দিয়া প্ৰতিবেদন।

ঠিক সেইদৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে এখন কমিটি গঠন কৰি দিছিল।

সেই কমিটিয়ে কেনেধৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পন কৰিলে সেয়া আজি পৰ্য্যন্ত ৰাজহুৱা নহ’ল। বৰঞ্চ কোচৰাজবংশী, মৰাণ আৰু মটকক স্বায়ত্ত শাসিত পৰিষদৰ মৰ্য্যদা প্ৰদান কৰাতেই মূল জনজাতিকৰণৰ প্ৰসংগ ফালৰি কাটি চৰকাৰৰ টোপ গিলিলে একাংশই।

এই ক্ষেত্ৰত কেৱল তিনিটা জনগোষ্ঠীক স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত কৰাত অন্য তিনিটা জনগোষ্ঠী ক্ৰমে আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰাৰো অভিযোগ উঠিছে।

মুঠৰ ওপৰত জনজাতিকৰণৰ প্ৰসংগও সেইবাবেই যেন ভাষণৰ পৰা আতঁৰাই ৰাখিলে প্ৰধান মন্ত্ৰীয়ে।

ঠিক সেইদৰে, NRC ৰ দ্বাৰা বিদেশী বিতাৰণ কৰিবলৈ আজি পৰ্য্যন্ত সক্ষম নহ’ল বিজেপি চৰকাৰ। কিন্তু NRC প্ৰক্ৰিয়াৰ সম্পূৰ্ণ পুনৰীক্ষণহে দাবী কৰিলে চৰকাৰে নিজে। বিদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা আৰু অসমৰ খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাটো আছিল অসম চুক্তিৰ মূল ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি।

তেনেকৈ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি ইয়াৰ স্থায়ী সমাধান কৰাটোৱো যেন বিজেপিৰ এক অন্য মিছা প্ৰতিশ্ৰুতি। সেয়েহে হয়তো সেই প্ৰসংগও অসমলৈ আহিলে ভাষণৰ পৰা এৰাই চলিছে প্ৰধান মন্ত্ৰীয়ে।

আনহাতে, এইসমূহ প্ৰসংগৰ বিপৰীতে মোদীয়ে ভাষণত আনিলে অসমৰ ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ প্ৰসংগ। এন ডি এ চৰকাৰ অসমৰ ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত বদ্ধ পৰিকৰ বুলি মোদীয়ে সদৰী কৰে।

তেওঁ ভাষণ প্ৰসংগতে উল্লেখ কৰি কয় ‘আত্মনিৰ্ভৰ ভাৰতৰ বাবে উত্তৰ-পূবৰ দ্ৰুত উন্নয়ন অতি প্ৰয়োজন। শিৱসাগৰক দেশৰ ৫ প্ৰত্নতাত্বিক স্থানৰ অন্তৰ্ভূক্ত কৰিবলৈ পদক্ষেপ ল’ব চৰকাৰে। অসমৰ চাহ জনগোষ্ঠীৰ লোকক অত্যাৱশ্যকীয় সুবিধাসমূহ প্ৰদান কৰা হৈছে। এক্ট-ইষ্ট প’লিচিয়ে উত্তৰ-পূবক অন্য দেশৰ সৈতে সংযুক্ত কৰি আছে।জলপথৰে উত্তৰ-পূবৰ পৰা বাংলাদেশ, ম্যানমাৰ আদিলৈ যাতায়াতৰ ব্যৱস্থা চলি আছে।‘

ঠিক সেইদৰে উন্নয়নৰ ক্ষেত্ৰত হিতাধিকাৰী কেন্দ্ৰিক কথাবতৰাবোৰহে বেছিকৈ মোদীৰ ভাষণ শোভাবৰ্দ্ধন কৰা দেখিবলৈ পোৱা গ’ল।

অসমৰ খিলঞ্জীয়াই সাংবিধানিক সুৰক্ষা কেনেকৈ পাব, কা’ বলৱৎ হ’লে অসমৰ খিলঞ্জীয়াৰ প্ৰতি আহিব পৰা ভাবুকি কেনেকৈ আঁতৰ হ’ব, বহিৰাগতই দপদপাই থকা অসমৰ ভাষা-সাহিত্য-সংস্কৃতি কেনেকৈ সুৰক্ষিত হ’ব তাৰ কোনো বাস্তৱ সন্মত পদক্ষেপৰ কথা নোলাল প্ৰধান মন্ত্ৰী মোদীৰ মুখত। আৰু ক’বনো কেনেকৈ, এটা বছৰে সেই পদক্ষেপ গ্ৰহণৰ কোনো ইচ্ছাই প্ৰকাশ নকৰিলে চৰকাৰখনে।  তেনেকৈয়ে কেৱল ভাষণৰ ফুলজাৰি মাৰি অসমৰ ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ কথা ক’লে নৰেন্দ্ৰ মোদীয়ে। মুঠৰ ওপৰত অসমৰ খিলঞ্জীয়াক আশ্বস্ত কৰিব লাগে। কাৰণ ’২১ৰ বিধান সভা নিৰ্বাচন সন্মুখত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd