প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থক সকলৰ মতে তেওঁৰ কোনো বিকল্প নাই, আৰু সেয়ে বিকল্পৰ অভাৱত মোদীয়ে আকৌ এবাৰ প্ৰধান মন্ত্ৰী হ’ব। মোদী-বিৰোধী সকলৰ মতে ভাৰতৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ হ’লে মোদী আৰু বিজেপি-আৰ এছ এছক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ আন কোনো বিকল্প নাই।
২০১৯ চনৰ নিৰ্বাচনত মোদী বিৰোধী সকলে তেওঁৰ বিকল্প দাঙি ধৰিব পাৰিবনে? নে মোদী বিকল্পহীন বুলি প্ৰমাণ হ’ব?– শেষ সিদ্ধান্ত দিব ভাৰতৰ নাগৰিকে।
আমি বিজেপিয়ে বিকল্পহীন বুলি প্ৰতিষ্ঠা কৰিব বিচৰা নৰেন্দ্ৰ মোদী নামৰ মানুহজনৰ কথা আলোচনা কৰিব বিচাৰিছো। ব্যক্তিপূজা আৰু কুৎসা ৰটনা দুয়োটাৰে পৰা আঁতৰত বস্তনিষ্ঠ যুক্তিসংগত আলোচনাহে গণতন্ত্ৰৰ বাবে প্ৰয়োজনীয়।
ডাৰ্ক ট্ৰায়েড (dark triad) ৰাজনীতি বিজ্ঞান আৰু মনোবিজ্ঞানৰ ক্ষেত্ৰৰ এটা ধাৰণা। ই এটা মানসিক বিকাৰ। সাংবাদিক কৰন থাপাৰে লোৱা এটা সাক্ষাৎকাৰত প্ৰখ্যাত সাংবাদিক আৰু এসময়ৰ বিজেপি চৰকাৰৰ মন্ত্ৰী অৰুণ শ্বোৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই ডাৰ্ক ট্ৰায়েডৰ দ্বাৰা আক্ৰান্ত বুলি কৈছে। অতীত আৰু বৰ্তমান পৃথিৱীৰ বহু ডাঙৰ ৰাষ্ট্ৰনেতা এই ব্যাধিত আক্ৰান্ত। এই বিকাৰত আক্ৰান্তসকলৰ একনায়কত্ববাদী প্ৰৱণতাও লক্ষ্য কৰা যায়। ডাৰ্ক ট্ৰায়েডত আক্ৰান্ত ব্যক্তিৰ চৰিত্ৰত তিনিটা বিশেষত্ব বা দোষ দেখা যায়। এই ৰোগত আক্ৰান্ত ব্যক্তিগৰাকী– ১.নাৰ্চিচিজম (narcissism), ২. মেকিয়াভেলিয়ানিজম (Machiavellianism) আৰু ৩. চাইক’পেথি (psychopathy)ৰ বা চচিয়’পেথি (sociopathy)ৰে আক্ৰান্ত হয়।
১. নাৰ্চিচিজম শব্দটো নাৰ্চিচাচৰ সাধুটোৰ পৰা উৎপত্তি হৈছে। এইটো এটা গ্ৰীক সাধু। নাৰ্চিচাচ পুখুৰীৰ পানীত দেখা নিজৰেই প্ৰতিবিম্বৰ প্ৰেমত পৰিছিল। নিজৰ প্ৰতি, নিজৰ ৰূপ, যৌৱন, শক্তি, সামৰ্থ্যৰ প্ৰতি সীমাহীন অযুক্তিকৰ ভালপোৱাই হ’ল নাৰ্চিচিজমৰ লক্ষণ। এই নাৰ্চিচাচবোৰ কেৱল অতিৰিক্ত আত্মপ্ৰেমৰ চিকাৰেই নহয়, লগতে তেওঁলোক নিৰপত্তাহীনতাৰেও আক্ৰান্ত হয়। নাৰ্চিচিজমৰ বিকাৰত আক্ৰান্ত সকল নিজৰ ভাবমূৰ্তিৰ প্ৰতি সদা তথা অতি সচেতন হোৱাৰ লগতে অনবৰত সেই ভাবমূৰ্তি কায়েম ৰখাক লৈ নিৰাপত্তাহীনতাত ভোগে।
অৰুণ শ্বোৰীৰ মতে নিজৰ সাজ পোচাক, চুলি ডাঢ়িৰ ষ্টাইল, চাল চলনক লৈ গঢ়ি উঠা নিজৰ ভাবমূৰ্তিক লৈ প্ৰধানমন্ত্ৰী মোডী অতি সচেতন আৰু নিজৰ ভাবমূৰ্তি কায়েম ৰখাক লৈ তেওঁ অনবৰত নিৰাপত্তাহীনতাত ভুগি থাকে। প্ৰধান মন্ত্ৰী মোদী সেয়েহে শ্বোৰীৰ মতে নাৰ্চিচিজমৰ দ্বাৰা আক্ৰান্ত।
মই মনোবিজ্ঞানৰ একো নাজানো যদিও মোদী ডাঙৰীয়া যে নিজৰ ভাবমূৰ্তি গঢ়াৰ প্ৰতি আৰু তাক বজাই ৰখাৰ প্ৰতি অত্যন্ত সচেতন তাক বুজিবলৈ বিশেষ অসুবিধা নহয়। মোদী ডাঙৰীয়াৰ ভাবমূৰ্তি গঢ়িবলৈকে হাজাৰ হাজাৰ কোটি টকা বিজ্ঞাপনৰ নামত খৰচ কৰি থকা হৈছে। শ্বোৰীয়ে লগতে কৈছে যে নাৰ্চিচিজমত আক্ৰান্তসকলে নিজকে তোষামোদকাৰীৰে আগুৰি ৰাখে। নিজতকৈ অধিক জ্ঞানী গুণী মানুহৰ সংগ তেওঁলোকে পৰিহাৰ কৰে, কাৰণ তেনে মানুহৰ সংগই তেওঁলোকৰ অন্তৰত থকা নিৰাপত্তাহীনতাৰ ভাবটো আৰু অধিক গভীৰ কৰি তোলে। তেওঁলোকে হয় হুজুৰ ধৰণৰ মানুহৰ সংগহে পচন্দ কৰে। মোদী ডাঙৰীয়াই আজিলৈকে এখনো সংবাদ মেলত অংশ লোৱা নাই। আজিলৈ তেওঁ বাচি বাচি এনে কিছুমান সাংবাদিকক সাক্ষাৎকাৰ দিছে যিসকলে এনেকুৱা প্ৰশ্ন সোধে যাৰ দ্বাৰা তেওঁৰ সাজি লোৱা ভাবমূৰ্তিটোৰ কোনো হানি বিঘিনিটো নঘটেই বৰং সি অধিক উজ্জ্বল ৰূপত প্ৰতিষ্ঠিত হয়।
২. মেকিয়াভেলিয়ানিজম– ডাৰ্ক ট্ৰায়েডৰ দ্বিতীয়টো লক্ষণ হ’ল এই বিকাৰত আক্ৰান্তসকল মেকিয়াভেলিয়ানিজমৰ দ্বাৰাও আক্ৰান্ত হয়। নিক্কোলো মেকিয়াভেলি নৱ জাগৰণৰ সময়ৰ ইটালিৰ এগৰাকী কূটনীতিবিদ আছিল। তেওঁৰ মতে ক্ষমতাত বৰ্তি থাকিবলৈ যিকোনো উপায় অৱলম্বন কৰাটো ন্যায়সংগত। ক্ষমতাত থাকিবলৈ যিহকে দৰকাৰ তাকেই একোটা উপায় হিচাপে বা সঁজুলি হিচাপে ব্যৱহাৰ কৰিব পাৰি।
মোদীয়ে প্ৰতিটো উপলক্ষকে তেওঁৰ ক্ষমতাৰ ৰাজনীতিত সহায় কৰা একোটা উপায়লৈ বা সঁজুলিলৈ ৰূপান্তৰিত কৰিছে। নীতি আৰু প্ৰতিশ্ৰুতিসমূহকো একোটা উপায় বা সঁজুলি ৰূপে ব্যৱহাৰ কৰা হৈছে। আনকি মানুহো হৈ পৰে ক্ষমতাত বৰ্তি থকাৰ এটা উপায় বা সঁজুলি। নীতি, আদৰ্শ, মানুহকে আদি কৰি সকলোখিনিকে ক্ষমতাত বৰ্তি থকাৰ একোটা সঁজুলি বা আহিলালৈ অধঃপতিত কৰাৰ কৌশলক ন্যায্যতা প্ৰদান কৰা হয়, আৰু কাৰণ দৰ্শোৱা হয় এই বুলি যে এই সকলোবোৰ কৰা হৈছে এটা মহৎ উদ্দেশ্য সিদ্ধিৰ উদ্দেশ্যে। সেই মহৎ উদ্দেশ্যই সকলোখিনি ন্যায্য আৰু ন্যায়সংগত কৰি তোলে। মোদীৰ শাসনত হিন্দু জাতি গঠন, হিন্দু ৰাষ্ট্ৰ গঠন আদিক তেনে মহৎ উদ্দেশ্য ৰূপে তুলি ধৰা হৈছে আৰু সেই উদ্দেশ্য সিদ্ধিৰ বাবে গণতন্ত্ৰৰ মূল আধাৰ গঢ়ি তোলা অনুষ্ঠানসমূহকেই একোটা সঁজুলিৰূপে ব্যৱহাৰ কৰা হৈছে। আজি ৰিজাৰ্ভ বেংক, চি বি আই, বিশ্ববিদ্যালয়সমূহকে আদি কৰি অনুষ্ঠানসমূহ বিজেপিৰ বাবে ক্ষমতা ৰক্ষাৰ একোটা আহিলা মাথোন। ইন্দিৰা গান্ধীৰ শাসনো আছিল এই মেকিয়াভেলিয়ানিজমৰ উদাহৰণ, যাৰ পৰিণতিত ভাৰতে দেখিছিল জৰুৰী কালিন অৱস্থা।
৩. চাইক’পেথ বা চচিয়’পেথ– ডাৰ্ক ট্ৰায়েডৰ তৃতীয়টো লক্ষণ হ’ল চাইক’পেথ বা চচিয়’পেথ। কাৰোবাক ব্যৱহাৰ কৰাৰ বাবে, প্ৰতাৰণা কৰাৰ বাবে, প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে এই বিকাৰত ভোগা ব্যক্তিৰ কোনোধৰণৰ অনুশোচনা নহয়। কাৰণ তেওঁ বিশ্বাস কৰে যে তেওঁ যিবোৰ কৰি আছে সেইবোৰ এটা মহৎ উদ্দেশ্য সাধনৰ বাবে কৰি আছে। অনুশোচনাহীনতা এনে ব্যক্তিৰ এটা প্ৰধান লক্ষণ। হিটলাৰে ৪০ লাখ ইহুদীক হত্যা কৰাৰ বাবে তেওঁৰ কোনো অনুশোচনা হোৱা নাছিল, কাৰণ হিটলাৰে এই হত্যাকাণ্ড সংঘটিত কৰিছিল বিশুদ্ধ জাৰ্মান জাতি গঢ়াৰ মহৎ উদ্দেশ্য সাধন কৰিবলৈ। ষ্টালিনে তেওঁৰ দীঘলীয়া শাসন কালত সংঘটিত অলেখ অবৰ্ণনীয় অত্যাচাৰৰ বাবে কোনো ধৰণৰ অনুশোচনা কৰা নাছিল, কাৰণ তেওঁ সেই অত্যাচাৰ চভিয়েট সমাজবাদ প্ৰতিষ্ঠাৰ মহান লক্ষ্যৰ বাবেহে কৰিছিল। ইন্দিৰা গান্ধীয়েও জৰুৰী কালিন অৱস্থাৰ বাবে অনুশোচনা কৰা নাছিল; কাৰণ তেওঁ জৰুৰী কালিন অৱস্থা ঘোষণা কৰি মানুহৰ স্বাধীনতা হৰণ কৰিছিল, বিৰোধীৰ ওপৰত ৰাষ্ট্ৰ সন্ত্ৰাস জাপি দিছিল ভাৰতক শক্তিশালী দেশৰূপে গঢ়ি তোলাৰ মহৎ উদ্দেশ্য আগত ৰাখি।
মোদীৰ প্ৰধান মন্ত্ৰিত্বৰ কালটো সংঘটিত হৈ থকা মানৱতা বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী নানান কামৰ বাবে তেখেতৰ কোনো ধৰণৰ অনুশোচনা হোৱা নাই কাৰণ তেখেতে এইবোৰ হ’বলৈ দিছে হিন্দু জাতি আৰু হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰে ভাৰত মাতাৰ সেৱা কৰাৰ মহৎ উদ্দেশ্য আগত ৰাখি।
বিজেপিৰ বৰ্তমানৰ শাসন কালত মোদী ডাঙৰীয়াৰ গাত এই ডাৰ্ক ট্ৰায়েডৰ লক্ষণবোৰ ফুটি উঠা আমি দেখিবলৈ পাওঁ।
উল্লেখ কৰা সাক্ষাৎকাৰটোত অৰুণ শ্বোৰীয়ে আন এটা তাৎপৰ্য্যপূৰ্ণ কথা কৈছে। শ্বোৰীৰ মতে ২০১৯ চনৰ নিৰ্বাচনত যদি বিজেপি দল আৰু মোদী পুনৰ ক্ষমতালৈ আহে তেনেহ’লে ভাৰতৰ মানুহে তাৰ পিছত আৰু মুক্ত আৰু নিকা নিৰ্বাচন আশা কৰি লাভ নাই। আকৌ এবাৰ ক্ষমতালৈ আহিলে বিজেপিয়ে ৰাষ্ট্ৰ ব্যৱস্থাটোক এনেধৰণে নিজৰ সাঁচত ঢালি ল’ব যে ভাৰতৰ বৰ্তমানৰ সাংবিধানিক গণতন্ত্ৰৰ ৰূপেই সলনি হৈ যাব। ২০১৯ চনৰ নিৰ্বাচনে নিৰ্ণয় কৰিব ভাৰতীয় গণতন্ত্ৰই কোনটো পথেৰে গতি কৰিব।
ডাৰ্ক ট্ৰায়েডত আক্ৰান্ত ব্যক্তিৰ স্বাভাৱিকতে একনায়কত্ববাদী প্ৰৱণতা থাকে আৰু এনে একনায়কত্ববাদী প্ৰৱণতাই ব্যক্তি পূজাৰ জন্ম দিয়ে। বিজেপিত ইতিমধ্যে নৰেন্দ্ৰ মোদীক প্ৰায় ভগৱানৰ পৰ্য্যায়লৈ তুলি তেওঁৰ পূজা অৰ্চনা আৰম্ভ হৈছে।
বিজেপি আৰু এই দলৰ সমৰ্থক প্ৰচাৰ মাধ্যমে ইতিমধ্যে প্ৰচাৰ কৰা আৰম্ভ কৰিছে যে নৰেন্দ্ৰ মোদীৰ কোনো বিকল্প নাই। ইংৰাজীত ইয়াক কোৱা হয় There is no alternative, (TINA), কোনো বিকল্প নাই। মোদী সমৰ্থকসকলৰ এই যুক্তি অনুসৰি ভাৰতৰ মানুহে মোদীকেই আকৌ প্ৰধান মন্ত্ৰীৰূপে নিৰ্বাচিত কৰিব লাগিব, কাৰণ মোদীৰ বাহিৰে প্ৰধান মন্ত্ৰী হ’ব পৰা মানুহ এজনো আমাৰ দেশত নাই। মোদী বিনে ভাৰতৰ ৰাইজৰ গতি নাই।
২০১৪ চনত বিজেপিৰ যি জনসমৰ্থন আছিল সি এতিয়া বহু পৰিমাণে টুটি আহিছে আৰু নৰেন্দ্ৰ মোদীৰ ভাবমূৰ্তিও মোলান পৰিছে। ২০১৪ চনটো বিজেপিয়ে মুঠ ভোটৰ ৩১ শতাংশহে লাভ কৰিছিল। ভোটৰ সংখ্যা ৩-৪ শতাংশ কমিলেও নিৰ্বাচনৰ ফলাফলত সি ব্যাপক প্ৰভাৱ পেলাব। বিৰোধী দলবোৰে এক হৈ বিজেপিৰ বিৰুদ্ধে নামিলে বিজেপিৰ বাবে জয় ২০১৪ চনৰ সমান সহজ নহ’ব। চৰকাৰ চলোৱাৰ ক্ষেত্ৰত বিজেপিৰ ব্যৰ্থতাৰ তালিকাখন যিমানেই দীঘলীয়া হৈ গৈ আছে, সিমানেই জোৰেৰে চলিছে নৰেন্দ্ৰ মোদীৰ বিকল্প নাই বুলি কৰা প্ৰচাৰ।
সামন্তবাদী, অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী চিন্তাৰ ফলতে এজন ব্যক্তিক অপৰিহাৰ্য্য আৰু বিকল্পহীন বুলি প্ৰতিষ্ঠা কৰিব বিচৰা ব্যক্তি পূজাৰ উন্মেষ ঘটে। মানুহ মৰণশীল জীৱ। পুৰণি পুৰুষে নতুন পুৰুষৰ বাবে ঠাই আজৰি কৰি দি আঁতৰি যায়। পৃথিৱীখনৰ বাবে, এটা জাতিৰ বাবে বা এখন দেশৰ বাবে এজন ব্যক্তি অপৰিহাৰ্য্য নহয়। এজন ব্যক্তিৰ অবিহনে জাতি দেশ আনকি পৰিয়াল এটাৰ অস্তিত্ব নোহোৱা নহয়।
এজন ব্যক্তিৰ বিকল্প নাই বুলি কোৱাৰ অৰ্থ হ’ল মানুহজন অবিনশ্বৰ অতিমানৱ বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰা। এজন ব্যক্তি বিকল্পহীন বুলি প্ৰতিষ্ঠা কৰিবলৈ হ’লে তেওঁক সাধাৰণ মানুহতকৈ বেলেগ, অসাধাৰণ শক্তি সামৰ্থ্যৰ অধিকাৰী ভগৱানসদৃশ অতিমানৱ বুলি প্ৰতিষ্ঠা কৰিব লাগিব। বিজেপিয়ে নৰেন্দ্ৰ মোদীক তেনে এজন অতিমানৱ বুলি প্ৰতিষ্ঠা কৰিবলৈ ২০১৪ চনৰ আগৰ পৰাই দিনে ৰাতিয়ে চেষ্টা চলাই আহিছে। চৰকাৰ গঠন কৰাৰ পিছৰ পৰা মোদীক এগৰাকী ক্ষণজন্মা অৱতাৰী অতিমানৱৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে ৰাইজৰ হাজাৰ হাজাৰ কোটি টকা বিজ্ঞাপন আৰু প্ৰচাৰৰ নামত খৰচ হৈ আছে।
মোদীক অতিমানৱ ৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰ সমান্তৰালভাৱে চলিছে আনসকল নেতাক ৰাইজৰ চকুত হেয় কৰাৰ প্ৰচেষ্টা। ৰাহুল গান্ধীক ‘পাপ্পু’ বুলি পেংলাই কৰি তেওঁক ৰাইজৰ চকুত হেয় কৰাৰ প্ৰচেষ্টা বিজেপিয়ে অনবৰত চলাই থাকে। নিজকে ডাঙৰ কৰাৰ আটাইতকৈ সহজ উপায় হ’ল আনক সৰু কৰা।
বিজেপিয়ে মোদীৰ কোনো বিকল্প নাই বুলি কৈ এই কথা মানি লৈছে যে বিজেপি দলৰ মোদীত বিনে আন গতি নাই। বিজেপি দলৰ মোদীৰ কোনো বিকল্প নাথাকিব পাৰে, কিন্তু ভাৰতৰ দৰে এখন বিশাল দেশত, যিখনত অলেখ ৰাজনৈতিক দল আছে, অলেখ ৰাজনীতিৰ বাবে যোগ্য আৰু সমৰ্থ আৰু পাৰদৰ্শী লোক আছে, তেনে এখন দেশত এটা ৰাজনৈতিক দলৰ এজন নেতাৰ বাহিৰে আন কোনো বিকল্প নাই?
ভাৰত নহয় বিজেপি দলহে আজি মোদীৰ ওপৰত সম্পূৰ্ণ ৰূপে নিৰ্ভৰশীল, বিজেপি দলৰহে মোদীৰ বিকল্প নাই। বিজেপিয়ে অনবৰত কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বিৰুদ্ধে মাত মাতি আহিছে। এতিয়া কিন্তু বিজেপি নিজেও এটা মোদী-অমিত চাহকেন্দ্ৰিক দল হৈ পৰিছে। বিজেপিৰ যদি নৰেন্দ্ৰ মোদীৰ কোনো বিকল্প নাই আৰু এই দলটো যদি সম্পূৰ্ণৰূপে মোদী নিৰ্ভৰশীল এটা দলত পৰিণত হৈছে, সেইটো বিজেপি দলৰ নিজৰ সমস্যা, ভাৰতৰ ৰাইজৰ সমস্যা নহয়।
একোটা বিশেষ ঐতিহাসিক পটভূমিয়ে একোজন নেতাৰ সৃষ্টি কৰে। নেতাজনৰ দক্ষতা বা সামৰ্থ্যই নেতা হোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়, কিন্তু নেতা সৃষ্টি কৰা ঐতিহাসিক পটভূমি অবিহনে নেতা সৃষ্টি হ’ব নোৱাৰে। ভাৰত বৃটিচৰ অধীন হোৱাৰ পিচত সৃষ্টি হোৱা ঐতিহাসিক পটভূমিয়ে স্বাধীনতা আন্দোলনৰ জন্ম দিছিল আৰু এই পটভূমিতেই মহাত্মা গান্ধীৰ সৃষ্টি হৈছিল। এই পটভূমি অবিহনে ভাৰত এখন অখণ্ড ৰাষ্ট্ৰৰূপে গঢ় নল’লেহেঁতেন আৰু মোহনদাস কৰমচান্দ গান্ধী হয়তো দক্ষিণ আফ্ৰিকাৰ এজন উকীল হৈয়ে থাকিলহেঁতেন।
গান্ধীৰ লগতে স্বাধীনতা আন্দোলনে নেহৰু, পেটেল, আজাদ আদি নেতাৰো সৃষ্টি কৰিছিল। এওঁলোক একোজন প্ৰতিভাশালী ব্যক্তি আছিল, কিন্তু তেওঁলোকক নেতা ৰূপে গঢ়িছিল স্বাধীনতা আন্দোলনৰ ঐতিহাসিক পটভূমিয়ে। অসম আন্দোলনৰ ঐতিহাসিক পটভূমিত অসমত এচাম নেতাৰ সৃষ্টি হৈছিল। মনমোহন সিঙৰ ১০ বছৰীয়া কংগ্ৰেছী চৰকাৰে গঢ়া ঐতিহাসিক পটভূমিত বিজেপিয়ে নৰেন্দ্ৰ মোদীক গুজৰাটৰ পৰা আনি সৰ্বভাৰতীয় প্ৰেক্ষাপতত প্ৰতিষ্ঠা কৰিছিল। এতিয়া নৰেন্দ্ৰ মোদীৰ পাঁচ বছৰীয়া শাসনে অন্য এক ঐতিহাসিক পটভূমিৰ সৃষ্টি কৰিছে। এই পটভূমিয়েই নৰেন্দ্ৰ মোদীৰ বিকল্পৰো সৃষ্টি কৰিব।
২০১৩ চনলৈকে নৰেন্দ্ৰ মোদীৰ প্ৰভাৱ গুজৰাটতেই সীমিত হৈ আছিল। ২০১৪ চনৰ পৰা হঠাৎ মোদী ডাঙৰীয়া ভাৰতৰ আটাইতকৈ বিশালাকাৰ নেতা হৈ পৰিল। ২০১৯ চনত এতিয়ালৈ অখ্যাত কোনোবা এখন ৰাজ্যৰ নেতা এজনো নৰেন্দ্ৰ মোদীৰ বিকল্প হৈ উঠিব পাৰে বা সকলো বিৰোধীৰ সন্মিলিত শক্তিও নৰেন্দ্ৰ মোদীৰ বিকল্প হৈ উঠিব পাৰে।
এজন বিশেষ ব্যক্তি নৰেন্দ্ৰ মোদীৰ বিকল্প হোৱাতো অপৰিহাৰ্য্য নহয়। এজন ব্যক্তি অপৰিহাৰ্য্য বা বিকল্পহীন হৈ পৰাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। গণতন্ত্ৰত ৰাইজে বিকল্প বাচি উলিয়ায়।
(লেখক গুৱাহাটীস্থিত এগৰাকী ৰাজনৈতিক বিশ্লেষক। তেখেতৰ ফ’ন নম্বৰ-৯৮৬৪০৯২১৩৭)