DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোদীৰ অসম সম্পৰ্কীয় জ্ঞানৰ নমুনা: লাচিত বৰফুকনক সজালে ভাৰতৰ স্বাধীনতা সংগ্ৰামী!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2021 2:58 pm
A narendra-mo
629
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ সময়ত বাৰে বাৰে অসমৰ কথা মনত পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম সম্পৰ্কে থকা জ্ঞানৰ নমুনা পুনৰ বাৰ পোৱা গ’ল।

অসমৰ সমাজ জীৱনৰ সৈতে জৰিত হৈ থকা এটা নাম হৈছে লাচিত বৰফুকন।

আহোমৰ সেনাপতি লাচিত বৰফুকনৰ কথা ভালদৰে নজনাকৈয়ে মোদীয়ে লাচিতৰ বিষয়ে দিয়া ভাষণে এতিয়া প্ৰধানমন্ত্ৰী গৰাকী অসম সম্পৰ্কে কিমান আগ্ৰহী সেই কথাই প্ৰমাণ কৰিছে।

১৬৭১ চনত পৰম সাহসেৰে যুঁজি মোগলক অসমৰ পৰা খেদি পঠিওৱা বীৰ লাচিত বৰফুকনক মোদীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামী বুলি কোৱাৰ পিছতে এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

मां भारती के वीर सपूतों का इतिहास देश के कोने-कोने में, गांव-गांव में है। इतिहास के इस गौरव को सहेजने के लिए देश पिछले छह सालों से सजग प्रयास कर रहा है। #AmritMahotsav pic.twitter.com/yvQQZDXOuw

— Narendra Modi (@narendramodi) March 12, 2021

কালি আহমেদাবাদৰ সৱৰমতী আশ্ৰমৰ পৰা ‘পদ যাত্ৰা’কাৰ্যসূচী উদ্বোধন কৰি মোদীয়ে স্বাধীনতা সংগ্ৰামত সাহসেৰে জঁপিয়াই পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰে।

‘আজাদী কী অমৃত মহোৎসৱ’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মোদীয়ে ভাষণত কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গোমধৰ কোঁৱৰ,লাচিত বৰফুকনৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে দেশ স্বাধীন কৰাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াই গৈছে।

লাচিত বৰফুকনক স্বাধীনতা সংগ্ৰামী বুলি কোৱা কথাই অসম সম্পৰ্কে যে মোদীৰ জ্ঞান তেনেই সীমিত সেই কথাই প্ৰমাণ কৰিছে।

উল্লেখ্য অসমৰ ইতিহাসক আজিও ভালদৰে বাহিৰত উপস্থাপন কৰাত চৰকাৰ তথা সংশ্লিষ্ট ব্যক্তিসকল বিফল হৈছে।

সেইবাবেই অসমৰ ইতিহাস সম্পৰ্কে বাহিৰৰ লোকৰ এতিয়া বিশেষ কোনো স্পষ্ট ধাৰণা গঢ় লৈ উঠা নাই বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।

কিন্তু প্ৰধানমন্ত্ৰীৰ দৰে ব্যক্তি এগৰাকীয়ে ভাষণত কবলগীয়া কথাৰ কোনো সত্যাসত্য বিচাৰ নকৰি  তেনে কথা ৰাজহুৱা কৰাৰ  বিষয়টোৱে সকলোকে স্তম্ভিত কৰি তুলিছে।

লাচিত বৰফুকন সম্দৰ্ভত দিয়া ভুল তথ্য শুধৰণি কৰাৰ বাবেও এতিয়া মোদীক  বহুতে দাবী জনাইছে।

তাৎপৰ্যপূৰ্ণ  কথাটো হ’ল অসমৰ ইতিহাস বিকৃত কৰা মোদীৰ এনে মন্তব্যৰ বিৰুদ্ধে  প্ৰতিবাদৰ নামত টু শব্দ এটাও উচ্চাৰণ কৰা নাই জাতীয় দল-সংগঠন সমূহে।

Recent News

Umrah pilgrims

চৌদি আৰৱত শোকাৱহ দুৰ্ঘটনা: মক্কাভিমুখী বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ২০ জন তীৰ্থযাত্ৰী

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

গামোচা …Fakes can be stopped

গামোচা …Fakes can be stopped

আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত আইএছ-ৰ আত্মঘাতী আক্ৰমণত নিহত ৬ জন

আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত আইএছ-ৰ আত্মঘাতী আক্ৰমণত নিহত ৬ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd