• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীৰ সন্মুখতে আত্মহত্যাৰ সকীয়নি শ্বিলং লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
April 12, 2019 4:51 pm
771
VIEWS
Share on FacebookShare on Twitter

পুনৰ শাসনলৈ আহিলে নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিয়ে লোকসভা নিৰ্বাচনত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় সংকল্পৰ প্ৰতিবাদত আত্মহত্যাৰ হুংকাৰ দিছে দলটোৰে শ্বিলং সমষ্টিৰ প্ৰাৰ্থী চানবৰ চুলায়ে।

গেৰুৱা দলটোৰ আকোৰগোঁজ স্থিতিৰ বিপৰীতে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা অব্যাহত ৰাখি বৃহস্পতিবাৰে এই ঘোষণা কৰিছে সাংসদ প্ৰাৰ্থীগৰাকীয়ে।

“চানবৰ চুলাই জীয়াই থকা পৰ্য্যন্ত নাগৰিকত্ব বিধেয়ক কাৰ্য্যকৰী কৰিব নোৱাৰিব। মই নিজকে হত্যা কৰিম, বিধেয়ক যদি কাৰ্য্যকৰী কৰে, মই নৰেন্দ্ৰ মোদীৰ সন্মুখতে আত্মহত্যা কৰিম। মই নাগৰিকত্ব বিধেয়ক কাৰ্য্যকৰী হ’বলৈ নিদিওঁ,” শ্বিলঙত সাংবাদিকৰ আগত চুলাইৰ মন্তব্য।

লগতে পঢ়ক– মোদী-শ্বাহলৈ কঢ়া চিঠি মেঘালয় বিজেপি নেতা চুলাইৰ

তাৎপৰ্য্যপূৰ্ণভাৱে চুলাইৰ এই মন্তব্যৰ দিনটোতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ এখন নিৰ্বাচনী সভাত বিধেয়কখন গৃহীত কৰাৰ আশ্বাস প্ৰদান কৰিছে।

যোৱা ফেব্ৰুৱাৰিত শ্বিলঙত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হোৱা ৪০ হাজাৰোধিক লোকৰ বিশাল প্ৰতিবাদত ভাগ লোৱাৰ পিছতে মেঘালয়ৰ বিজেপি নেতা চুলায়ে এক কঢ়া পত্ৰ প্ৰেৰণ কৰিছিল মোদী-অমিতশ্বাহলৈ।

গৃহ ৰাজ্য মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ-পূবক আওতাৰ পৰা বাদ নিদি বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত গৃ্হীত কৰিলে এমাহৰ ভিতৰত হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে দল এৰাৰ হুংকাৰ দিছিল বিজেপি নেতাজনে।

Tags: নিৰ্বাচন ২০১৯

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd