চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক! মোদী চৰকাৰে পুনৰ নিষিদ্ধ কৰিলে ৫৪টা চীনা এপ

WhatsApp Image 2022-02-14 at 11.08.39 AM

প্রতিনিধিত্বমূলক ফটো।

কিছুদিন বিৰতিৰ পিছত পুনৰ চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক আৰম্ভ কৰি ৫৪টা চীনা এপ নিষিদ্ধ কৰিলে মোদী চৰকাৰে।

বাতৰি অনুসৰি, এই ৫৪টা এপৰ মাজত কেইবাটাও প্ৰসিদ্ধ কোম্পানীৰ এপো আছে। ভাৰতীয়সকলে এতিয়া টেনচেন্ট, আলিবাবাৰ দৰে কোম্পানীৰ এপৰ পৰা ছেল্ফি কেমেৰা, ভিভা ভিডিঅ’ এডিটৰ, এপ লকৰ দৰে এপসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব।

দেশৰ নাগৰিকৰ নিৰাপত্তা তথা তথ্যৰ গোপনীয়তাৰ স্বাৰ্থত এই এপসমূহ মোদী চৰকাৰে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে।

লগতে পঢ়ক: IPL Auction: দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক; চাওক সম্পূৰ্ণ তালিকা

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে গুগল প্লে ষ্ট’ৰকে ধৰি আগশাৰীৰ এপ ষ্ট’ৰবোৰক এই ৫৪টা এপ যাতে অঁতৰাই দিয়ে তাৰ বাবে নিৰ্দেশ দিছে।

য়ুজাৰসকলে যাতে কোনোধৰণে এই এপসমূহ ডাউনলোড কৰি ব্যৱহাৰ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ কোৱা হৈছে।

তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯-এ অনুসৰি তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে এই নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২০চনৰ জুন মাহত পূব লাডাখ সীমান্তত ভাৰত আৰু চীনৰ মাজত হোৱা সংঘৰ্ষত দেশৰ ২০গৰাকী সেনা জোৱান শ্বহীদ হৈছিল। তাৰ পিছতেই দেশজুৰি চীনৰ সামগ্ৰী বয়কট কৰাৰ দাবী উঠিছিল।

তেতিয়াই কেন্দ্ৰীয় চৰকাৰে প্ৰথম চীনৰ এপ নিষিদ্ধ কৰা সিদ্ধান্ত লৈছিল। ভাৰতত শতকৰ ঘৰত চীনা এপ নিষিদ্ধ কৰা হৈছিল। পৰ্যায়ক্ৰমে টিকটক, উইচ্যাট, হেলোকে ধৰি বহু জন প্ৰিয় চীনা এপ নিষিদ্ধ কৰি দিয়া হৈছিল। নিষিদ্ধ কৰা হৈছিল PUB-G গেমো।  

লগতে পঢ়ক:ৰাজস্থানত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণ; হাত-ভৰি বান্ধি হোটেলৰ প্ৰথম মহলাৰ পৰা পেলাই দিলে তললৈ

শেহতীয়াকৈ ভাৰত-চীনৰ সম্পৰ্কৰ কোনো উন্নতি  হোৱা নাই। বৰঞ্চ সীমান্তত এতিয়াও উত্তেজনা অব্যাহত আছে। এনে তিক্ততাপূৰ্ণ সম্পৰ্ক অব্যাহত থকাৰ মাজতে ভাৰত চৰকাৰে পুনৰ চীনৰ বিৰুদ্ধে চলালে ডিজিটেল ষ্ট্ৰাইক।