• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ দ্বিতীয়টো কাৰ্যকালত বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যাই অতিক্ৰম কৰিছে কোটিৰ ঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2025 12:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাত মোডী চৰকাৰে ব্যৰ্থ হোৱাৰ আন এটা দিশ উদঙাই দিছে শিক্ষা মন্ত্ৰালয়ৰ ইউনিফাইড জিলা তথ্য ব্যৱস্থাই (UDISE) ২০২৩–২৪ শিক্ষাবৰ্ষত বিদ্যালয়ত নামভৰ্তি আচৰিত ধৰণে ৩৭ লাখ হ্ৰাস পোৱাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে।

এই ভয়াৱহ তথ্যই প্ৰকৃত গ্ৰগতিৰ তুলনাত ৰাজনৈতিক তত্ত্বত অধিক মনোনিৱেশ কৰা শাসন ব্যৱস্থাৰ অধীনত শিক্ষাৰ অৱনতি ঘটা অৱস্থাকেই প্ৰতিফলিত কৰে।

Apply Now

ইউডিআইএছইৰ তথ্য অনুসৰি ২০২২-২৩ চনত বিদ্যালয়ত মুঠ নামভৰ্তিৰ হাৰ ২৫.১৭ কোটিৰ পৰা ২০২৩-২৪ চনত ২৪.৮০ কোটিলৈ যথেষ্ট হ্ৰাস পাইছে। ইয়াত ছাত্ৰীৰ নামভৰ্তি ১৬ লাখ আৰু ছাত্ৰৰ নামভৰ্তি ২১ লাখ হ্ৰাস পাইছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

এই হ্ৰাস কেৱল পৰিসংখ্যাগত বিজুতি নহয়। সমালোচকসকলে যুক্তি আগবঢ়াইছে যে ই ‘মোডিনমিক্স’ৰ পৰা জন্ম হোৱা গভীৰ অৰ্থনৈতিক দুৰ্দশাক প্ৰতিফলিত কৰে, য’ত বৃদ্ধি পোৱা বৈষম্য আৰু অৰ্থনৈতিক অব্যৱস্থাপনাই পৰিয়ালসমূহক, বিশেষকৈ আৰ্থ-সামাজিক স্তৰৰ নিম্ন অংশত থকা পৰিয়ালসমূহক নিজৰ সন্তানক বিদ্যালয়ৰ পৰা উলিয়াই নিবলৈ বাধ্য কৰাইছে।

প্রতিবেদনত প্রকাশ কৰা হৈছে যে উত্তৰ প্রদেশ, মধ্য প্রদেশ আৰু অসমৰ দৰে ৰাজ্যসমূহত নামভর্তিৰ হাৰ কমি অহাৰ বাবে বিদ্যালয় কক্ষৰ ব্যৱহাৰ কম হোৱাৰ বিপৰীতে তেলেংগানা, পশ্চিম বংগ, পঞ্জাৱৰ দৰে ৰাজ্যসমূহে অতিমাত্রা বোজাৰ বাবে আন্তঃগাঁথনিৰ সৈতে যুঁজি আছে৷

কেন্দ্ৰত দ্বিতীয়টো মোডীৰ শাসনকালত সমগ্ৰ দেশৰ এক কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰিছে? শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি এই বিষয়ত বিতৰ্কই তুংগত উপনীত হৈছে।

দেখা গৈছে যে ২০১৮-১৯ বিত্তীয় বৰ্ষত সমগ্ৰ দেশৰ বিদ্যালয়ত ২৬২,৯৪,২১৬ টা শিশুৱে নামভৰ্তি কৰিছিল। কিন্তু ২০২৩-২৪ বিত্তীয় বৰ্ষত সেই সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত সমগ্ৰ দেশৰ বিদ্যালয়ত ২৪.৮ কোটি ৪৫ হাজাৰ ৮২৮ শিশুৱে নামভৰ্তি কৰে। অৰ্থাৎ ২০১৮-১৯ৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈ বিগত পাঁচ বছৰত দেশজুৰি বিদ্যালয়ত নামভৰ্তিৰ হাৰ ১কোটি ২২লাখ ৪৮হাজাৰ ৩৮৮ জন হ্ৰাস পাইছে।

কেৱল সেয়াই নহয়। এই হ্ৰাসৰ পৰিমাণ মাত্ৰ এবছৰত ৩৭ লাখতকৈ অধিক। কাৰণ ২০২২-২৩ বিত্তীয় বৰ্ষত সমগ্ৰ দেশৰ বিদ্যালয়ত নামভৰ্তি আছিল ২৫ কোটি ১৭ লাখ ৯১ হাজাৰ ৭২২জন। অৰ্থাৎ ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত ‘ নামভৰ্তি’ৰ সংখ্যা ৩,৭৪৫,৮৯৪ টা হ্ৰাস পাইছে। স্বাভাৱিকতে শিক্ষা মন্ত্ৰালয়ৰ এই পৰিসংখ্যাই উদ্বেগৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে শিক্ষা মন্ত্ৰালয়ক সংসদত দেশজোৰা বিদ্যালয় এৰাৰ হাৰ সন্দৰ্ভত প্ৰশ্ন কৰে। লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে উপৰোক্ত পৰিসংখ্যা দাঙি ধৰে। প্ৰশ্ন উত্থাপন হয়, কেন্দ্রৰ মোডী চৰকাৰে শিশুসকলক স্কুললৈ যাবলৈ উৎসাহিত কৰাৰ বাবে কিবা পদক্ষেপ লৈছে নেকি?

উল্লেখ্য যে শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে গ্ৰহণ কৰা ‘ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম ফৰ এডুকেচন প্লাছ’ (UDISE Plus) কাৰ্যসূচীৰ ভিত্তিত দেশজুৰি বিদ্যালয়ত নামভৰ্তিৰ পৰিসংখ্যা প্ৰকাশ কৰিছে জয়ন্ত চৌধুৰীয়ে। এই সন্দৰ্ভত শিক্ষা মন্ত্ৰালয়ে ৰাজ্যভিত্তিক খতিয়ানো প্ৰকাশ কৰিছে। সেই ৰাজ্যভিত্তিক পৰিসংখ্যাবোৰলৈ চকু ফুৰাই শিক্ষা বিশেষজ্ঞসকল যথেষ্ট চিন্তিত হৈ পৰিছে।

ৰাজ্যভিত্তিক তালিকাত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ চনলৈকে বিদ্যালয়ৰ ‘নামভৰ্তি’ৰ তথ্য দেখুওৱা হৈছে। ইয়াত দেখা যায় যে এই ক্ষেত্ৰত বিজেপি শাসিত ৰাজ্যসমূহৰ অৱস্থা অতি বেয়া। পাঁচ বছৰত যোগী ৰাজ্য উত্তৰ প্ৰদেশত ‘নামভৰ্তি’ ২৮ লাখ ২৬ হাজাৰ ৭৬৪ হ্ৰাস পাইছে। ‘ডাবল ইঞ্জিন’ মহাৰাষ্ট্ৰত হ্ৰাস পাইছে ১৮ লাখ ৫৫ হাজাৰ ৭২৩জন। নৰেন্দ্ৰ মোডীৰ গুজৰাটত সেই পাঁচ বছৰত বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা ২.৫ লাখৰো অধিক হ্ৰাস পাইছে। আন এখন বিজেপি শাসিত ৰাজ্য হাৰিয়ানাত প্ৰায় তিনি লাখ হ্ৰাস পাইছে। মধ্যপ্ৰদেশত বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা ৯ লাখ ২৩ হাজাৰ ২৩৫ জন হ্ৰাস পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd