এক দেশ এক নিৰ্বাচন কাৰ্যকৰী কৰাৰ দিশত আৰু এঢাপ আগুৱালে মোদীচৰকাৰে। এক কথাত এইবাৰ এক নিৰ্ণায়ক পদক্ষেপ আগবঢ়াইছে নৰেন্দ্ৰ মোদীৰ নেতৃ্ত্বাধীন এনডিএ চৰকাৰে। বৃহস্পপিতবাৰে মোদীৰ কেবিনেটে এক দেশ এক নিৰ্বাচন নীতিক অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদনৰ পাছত এই সন্দৰ্ভত বিধেয়কখন সংসদত দাখিল কৰাৰ বাট মুকলি হৈছে।
উল্লেখ্যে যে, এক দেশ, এক নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত মোডী চৰকাৰে এখন কমিটী গঠন কৰিছিল। এই কমিটীয়ে ১৪ মাৰ্চত প্ৰতিবেদন দাখিল কৰিছিল। ছেপ্টেম্বৰ মাহত কেবিনেটে এই প্ৰতিবেদন গ্ৰহণ কৰিছিল। প্ৰায় তিনিমাহৰ পিছত কেবিনেটে বিধেয়কখনৰ খচৰাত অনুমোদন জনালে। সংসদৰ চলিত অধিৱেশনতে মোদী চৰকাৰে এই বিধেয়কখন উত্থাপন কৰিব বুলি আশা কৰা হৈছে।
কেন্দ্ৰীয় কেবিনেটে দুখন বিধেয়কক অনুমোদন জনাইছে- সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিব। দ্বিতীয়খন হ’ল উমৈহতীয়া বিধেয়ক, যিখন বিধেয়ক লোকসভাৰ লগতে অন্যান্য ৰাজ্যৰ উপৰি দিল্লী, পুডুচেৰী আৰু জম্মু-কাশ্মীৰতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উত্থাপন কৰা হ’ব। এতিয়া প্ৰশ্ন হ’ল চলিত শীতকালীন অধিবেশনতে গৃহীত হ’ব নেকি এই দুই বিধেয়ক?
লগতে পঢ়কঃ ন্যায়াধীশসকল ফেচবুকত কিয়! সন্ন্যাসীৰ দৰে জীৱনশৈলী আৰু অক্লান্ত পৰিশ্ৰমৰ বাৰ্তা উচ্চতম ন্যায়ালয়ৰ
চলিত অধিৱেশনত বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা নাই। আশা কৰা হৈছে যে সদনত বিধেয়কসমূহ দাখিল কৰাৰ লগে লগে যুটীয়া সংসদীয় সমিতি (জেপিচি)লৈ প্ৰেৰণ কৰা হ’ব।
এক দেশ, এক নিৰ্বাচন বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ পুৰণি এজেণ্ডা। প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা মোদীয়ে ইয়াৰ পোষকতা কৰি আহিছে। দ্বিতীয় কাৰ্যকালত ২০২৩ চনৰ ২ ছেপ্টেম্বৰত কোবিন্দ সমিতি গঠন কৰি প্ৰথম পদক্ষেপ গ্ৰহণ কৰে। কিন্তু এই আইনখন ২০২৯ চনৰ পৰা কাৰ্যকৰী হ’ব নে ২০৩৪ চনৰ পৰা কাৰ্যকৰী হ’ব সেই সন্দৰ্ভত চৰকাৰে একো কোৱা নাই।
বিজপি তথা মোদী চৰকাৰৰ দাবী যে এক দেশ, এক নিৰ্বাচনে দেশৰ ধন ৰাহি কৰিব আৰু চৰকাৰসমূহে উন্নয়নমূলক কাম কৰিবলৈ অধিক সময় পাব। কোবিন্দ কমিটীয়েও যুক্তি আগবঢ়ায় যে সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিলে অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি নহ’ব, ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি হ’ব আৰু ধন ৰাহি হ’ব, যিটো চৰকাৰে অন্যান্য ৰাজহুৱা কামত ব্যয় কৰিব পাৰে।
ইফালে কংগ্ৰেছে ইয়াক গণতন্ত্ৰৰ নীতিৰ বিৰোধী আৰু ৰাজ্যসমূহৰ অধিকাৰ কৰ্তনৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। এই নীতিৰ দ্বাৰা কেন্দ্ৰই দেশৰ ফেডাৰেল গাঁথনিক বিলোপ কৰাৰ যড়যন্ত্ৰ কৰিছে বুলিও দাবী কৰিছে। ইফালে তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধয়েকখনকে অসংবিধানিক বুলি আখ্যা দিছে। এনে প্ৰেক্ষাপটত মোদী চৰকাৰে আইনখন গৃহীত কৰি কাৰ্যকৰী কৰিবলৈ সক্ষম হ’ব নে নাই তাক লৈ বৃহৎ প্ৰশ্নৰ উদয় হৈছে।
লগতে পঢ়কঃ ‘বিদেশলৈ গ’লে লাজতে মুখ লুকুৱাই ৰাখোঁ’-কিয় এনেকৈ ক’লে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে?
কাৰণ, ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাৰ বাবে শাসকীয় দলৰ বাবে সহজ নহয়। ১১৩ জন এন ডি এ, ছয়জন মনোনীত আৰু দুজন নিৰ্দলীয় সাংসদকে ধৰি শাসকীয় শিবিৰটোৱে সহজেই ১২১টা ভোট লাভ কৰিব পাৰে। কিন্তু, দুই তৃতীয়াংশৰ সমৰ্থনৰ বাবে তেওঁলোকক ১৫৪টা ভোটৰ প্ৰয়োজন হ’ব। এই ৩৩ টা ভোটৰ ব্যৱস্থা কৰাটো শাসীকয় পক্ষৰ বাবে প্ৰায়ে অসম্ভৱ বুলিয়ে আশংকা কৰা হৈছে। কাৰণ এনডিএ বিৰোধী দলবোৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।
এনে অৱস্থাত এক দেশ এক নিৰ্বাচন বিধেয়ক গৃহীত কৰি ২০২৯ বা ২০৩৪ৰ নিৰ্বাচনত কাৰ্যকৰী কৰাৰ প্ৰত্যাহ্বান চৰকাৰে কেনেকৈ পাৰ কৰে সেয়া লক্ষণীয় হ’ব।