• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক দেশ এক নিৰ্বাচন কাৰ্যকৰী কৰাৰ বাবে তৎপৰ মোদী চৰকাৰ; কেবিনেটৰ অনুমোদন, আৰু কিমান বাট?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2024 12:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক দেশ এক নিৰ্বাচন কাৰ্যকৰী কৰাৰ দিশত আৰু এঢাপ আগুৱালে মোদীচৰকাৰে। এক কথাত এইবাৰ এক নিৰ্ণায়ক পদক্ষেপ আগবঢ়াইছে নৰেন্দ্ৰ মোদীৰ নেতৃ্ত্বাধীন এনডিএ চৰকাৰে। বৃহস্পপিতবাৰে মোদীৰ কেবিনেটে এক দেশ এক নিৰ্বাচন নীতিক অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদনৰ পাছত এই সন্দৰ্ভত বিধেয়কখন সংসদত দাখিল কৰাৰ বাট মুকলি হৈছে।

উল্লেখ্যে যে, এক দেশ, এক নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত মোডী চৰকাৰে এখন কমিটী গঠন কৰিছিল। এই কমিটীয়ে ১৪ মাৰ্চত প্ৰতিবেদন দাখিল কৰিছিল। ছেপ্টেম্বৰ মাহত কেবিনেটে এই প্ৰতিবেদন গ্ৰহণ কৰিছিল। প্ৰায় তিনিমাহৰ পিছত কেবিনেটে বিধেয়কখনৰ খচৰাত অনুমোদন জনালে। সংসদৰ চলিত অধিৱেশনতে মোদী চৰকাৰে এই বিধেয়কখন উত্থাপন কৰিব বুলি আশা কৰা হৈছে।

Apply Now

কেন্দ্ৰীয় কেবিনেটে দুখন বিধেয়কক অনুমোদন জনাইছে- সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিব। দ্বিতীয়খন হ’ল উমৈহতীয়া বিধেয়ক, যিখন বিধেয়ক লোকসভাৰ লগতে অন্যান্য ৰাজ্যৰ উপৰি দিল্লী, পুডুচেৰী আৰু জম্মু-কাশ্মীৰতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উত্থাপন কৰা হ’ব। এতিয়া প্ৰশ্ন হ’ল চলিত শীতকালীন অধিবেশনতে গৃহীত হ’ব নেকি এই দুই বিধেয়ক?

লগতে পঢ়কঃ ন্যায়াধীশসকল ফেচবুকত কিয়! সন্ন্যাসীৰ দৰে জীৱনশৈলী আৰু অক্লান্ত পৰিশ্ৰমৰ বাৰ্তা উচ্চতম ন্যায়ালয়ৰ

চলিত অধিৱেশনত বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা নাই। আশা কৰা হৈছে যে সদনত বিধেয়কসমূহ দাখিল কৰাৰ লগে লগে যুটীয়া সংসদীয় সমিতি (জেপিচি)লৈ প্ৰেৰণ কৰা হ’ব।

এক দেশ, এক নিৰ্বাচন বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ পুৰণি এজেণ্ডা। প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা মোদীয়ে ইয়াৰ পোষকতা কৰি আহিছে। দ্বিতীয় কাৰ্যকালত ২০২৩ চনৰ ২ ছেপ্টেম্বৰত কোবিন্দ সমিতি গঠন কৰি প্ৰথম পদক্ষেপ গ্ৰহণ কৰে। কিন্তু এই আইনখন ২০২৯ চনৰ পৰা কাৰ্যকৰী হ’ব নে ২০৩৪ চনৰ পৰা কাৰ্যকৰী হ’ব সেই সন্দৰ্ভত চৰকাৰে একো কোৱা নাই।

বিজপি তথা মোদী চৰকাৰৰ দাবী যে এক দেশ, এক নিৰ্বাচনে দেশৰ ধন ৰাহি কৰিব আৰু চৰকাৰসমূহে উন্নয়নমূলক কাম কৰিবলৈ অধিক সময় পাব। কোবিন্দ কমিটীয়েও যুক্তি আগবঢ়ায় যে সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিলে অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি নহ’ব, ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি হ’ব আৰু ধন ৰাহি হ’ব, যিটো চৰকাৰে অন্যান্য ৰাজহুৱা কামত ব্যয় কৰিব পাৰে।

ইফালে কংগ্ৰেছে ইয়াক গণতন্ত্ৰৰ নীতিৰ বিৰোধী আৰু ৰাজ্যসমূহৰ অধিকাৰ কৰ্তনৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। এই নীতিৰ দ্বাৰা কেন্দ্ৰই দেশৰ ফেডাৰেল গাঁথনিক বিলোপ কৰাৰ যড়যন্ত্ৰ কৰিছে বুলিও দাবী কৰিছে। ইফালে তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধয়েকখনকে অসংবিধানিক বুলি আখ্যা দিছে। এনে প্ৰেক্ষাপটত মোদী চৰকাৰে আইনখন গৃহীত কৰি কাৰ্যকৰী কৰিবলৈ সক্ষম হ’ব নে নাই তাক লৈ বৃহৎ প্ৰশ্নৰ উদয় হৈছে।

লগতে পঢ়কঃ ‘বিদেশলৈ গ’লে লাজতে মুখ লুকুৱাই ৰাখোঁ’-কিয় এনেকৈ ক’লে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে?

কাৰণ, ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাৰ বাবে শাসকীয় দলৰ বাবে সহজ নহয়। ১১৩ জন এন ডি এ, ছয়জন মনোনীত আৰু দুজন নিৰ্দলীয় সাংসদকে ধৰি শাসকীয় শিবিৰটোৱে সহজেই ১২১টা ভোট লাভ কৰিব পাৰে। কিন্তু, দুই তৃতীয়াংশৰ সমৰ্থনৰ বাবে তেওঁলোকক ১৫৪টা ভোটৰ প্ৰয়োজন হ’ব। এই ৩৩ টা ভোটৰ ব্যৱস্থা কৰাটো  শাসীকয় পক্ষৰ বাবে প্ৰায়ে অসম্ভৱ বুলিয়ে আশংকা কৰা হৈছে। কাৰণ এনডিএ বিৰোধী দলবোৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

এনে অৱস্থাত এক দেশ এক নিৰ্বাচন বিধেয়ক গৃহীত কৰি ২০২৯ বা ২০৩৪ৰ নিৰ্বাচনত কাৰ্যকৰী কৰাৰ  প্ৰত্যাহ্বান চৰকাৰে কেনেকৈ পাৰ কৰে সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd