• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূটানৰ পৰা বিদ্যুৎ আনি মোদী চৰকাৰে অন্য প্ৰদেশ পোহৰাব; অসমলৈ অন্ধকাৰ আনিব : অসম সংগ্ৰামী মঞ্চ

মোদীৰ প্ৰতিটো ভূটান ভ্ৰমণৰ সৈতে নদীবান্ধৰ বিষয় জড়িত : অসম সংগ্ৰামী মঞ্চ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2019 10:24 pm
Modi_Bhutan Visit

মোদীৰ ভূটান ভ্ৰমণৰ এটা দৃশ্য। ফটোৰ উৎস : টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ ৰাজগড়স্থিত ৰাজ্যিক কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই আজি কয় যে মোদীৰ প্ৰতিটো ভূটান ভ্ৰমণৰ সৈতে বৃহৎ নদী বান্ধ নিৰ্মাণৰ সম্পৰ্ক আছে।

মোদী চৰকাৰে চুবুৰীয়া দেশখনত বৃহত নদীবান্ধ নিৰ্মাণ কৰি অসমৰ ভৱিষ্যত অন্ধকাৰ কৰিব বিচাৰিছে।

“ভূটানৰ পৰা বিদ্যুৎ আনি মোদী চৰকাৰে অন্য প্ৰদেশ পোহৰ কৰি অসমলৈ অন্ধকাৰ আনিব বিচাৰিছে”, ভূটানৰ নিৰ্মীয়মাণ বান্ধে অসমৰ মানুহৰ বাবে বিপদ কঢ়িয়াই আনিব বুলি শংকা প্ৰকাশ কৰি বেজবৰুৱাই কয়।

বেজবৰুৱাই কয়, “কুৰিশ্বু নদীৰ ওপৰত নিৰ্মিত কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পই ২০০৪ চনত পানী এৰি দিয়াৰ ফলত সমগ্ৰ নামনি অসমত হোৱা ভয়াৱহ বানৰ কথা ৰাইজৰ নিশ্চয় মনত আছে।”

মাত্ৰ ৬০ মেগাৱাট উৎপাদন ক্ষমতাৰ কুৰিশ্বু বান্ধে এৰা পানীতে নামনি অসমৰ কেইবাখনো জিলা বুৰাই পেলোৱা কথাটো উনুকিয়াই দি বেজবৰুৱাই কয়, “তেনেক্ষেত্ৰত চলিত মাহতে মুকলি হোৱা ৭২০ মেগাৱাট উৎপাদন ক্ষমতাসম্পন্ন মধ্য ভূটানত অৱস্থিত মাংডিচু প্ৰকল্পই এৰি দিয়া পানীয়ে আহি থকা দিনসমূহত কি অৱস্থাৰ সৃষ্টি কৰিব সেয়া সহজেই অনুমেয়।”

ইয়াৰোপৰি, হিমালয়ৰ পাদদেশত অৱস্থিত ভূটান বা ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল পৃথিৱীৰ আটাইতকৈ ভূমিকম্প প্ৰৱণ অঞ্চলবোৰৰ অন্তৰ্গত বুলি উল্লেখ কৰি বেজবৰুৱাই কয়, “এনে পৰিপ্ৰেক্ষিত ভূটানত নিৰ্মীয়মাণ এই জলবিদ্যুৎ প্ৰকল্পসমূহ ভূমিকম্পৰ সন্মুখীন হৈ ধ্বংস হ’লে নামনি অসমৰ বৰপেটা, বঙাইগাওঁ, নলবাৰী আদি অঞ্চলৰ জীৱন তথা সম্পত্তিৰ সুৰক্ষা একেবাৰে নাথাকিব।”

বেজবৰুৱাই তথ্য দি কয়, বৰ্তমান ভূটানত ভিন্ন স্তৰৰ ১৬টা নদীবান্ধৰ ভিতৰত ৬টা নদীবান্ধৰ কাম সম্পূৰ্ণ হ’ল আৰু বাকী সকলোৰে কাম চলি আছে।

ইয়াৰ প্ৰায়খিনি নদীবান্ধতে ভাৰত চৰকাৰৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত চলি আছে বুলি দাবী কৰে বেজবৰুৱাই।

তেওঁৰ মতে, ভূটানৰ সৈতে ২০০৯ চনত স্বাক্ষৰিত চুক্তি অনুসৰি ভূটানে ভাৰতৰ সহায় লৈ ২০২০ চনৰ ভিতৰত ১০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব।

মোদীৰ ভূটান ভ্ৰমণৰ সৈতে নদীবান্ধ সম্পৰ্ক দেখুৱাই বেজবৰুৱাই কয়, “মোদীৰ ২০১৪ চনৰ প্ৰথম ভূটান ভ্ৰমণ কালত ৬০০ মেগাৱাট খলংচু জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। ২০১৯-ৰ আগষ্ট মাহৰ মোদীৰ ভ্ৰমণকালত ৭২০ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতাসম্পন্ন মাংডিচু জলবিদ্যুৎ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd