Agnipath Protests: মোদী চৰকাৰৰ বাবে কৃষি আইনৰ দৰেই অৱস্থা হ’ব নেকি অগ্নিপথৰো? কিয় জোকাই লৈছে ‘অগ্নিবীৰ’ সকলক?

মোদী চৰকাৰৰ বাবে কৃষি আইনৰ দৰেই অৱস্থা হ’ব নেকি অগ্নিপথৰো? ইখনৰ পাছত সিখন নতুন আইন, আঁচনিৰ বাবে প্ৰতিবাদৰ সন্মুখীন হোৱা মোদী চৰকাৰে বাতিল কৰিব নেকি অগ্নিপথ? ইতিমধ্যে অগ্নিপথৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ বাবে দেশজুৰি আজি ৫০০ খন ৰেল বাতিল কৰা হৈছে। কিন্তু ইয়াৰ মাজতে সেনাবাহিনীয়ে এক জাননী জাৰি কৰি কৈছে যে অহা জুলাই মাহৰ পৰা অগ্নিপথৰ নিযুক্তিৰ বাবে পঞ্জীয়নপৰ্ব মুকলি কৰা হ’ব। এই জাননীয়ে মুখ্যতঃ সকলো প্ৰতিবাদক অগ্ৰাহ্য কৰিছে।

একোজন অগ্নিবীৰে চাৰি বছৰৰ পাছত বিজেপিৰ দলীয় কাৰ্যালয়সমূহত চিকিউৰিটী গাৰ্ড হিচাপে নিয়োজিত হ’ব পাৰে। তেওঁলোকক ইয়াৰ বাবে প্ৰথম অগ্ৰাধিকাৰ দিয়া হ’ব। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ই এই আমোদজনক মন্তব্য আগবঢ়াইছে।

উল্লেখ্য যে অগ্নিবীৰ আঁচনি অনুসৰি এজন সৈনিকে চাৰি বছৰৰ বাবেহে সেনাবাহিনীত সেৱা আগবঢ়াব পাৰিব। একোটা বেটছৰ মাত্ৰ ২৫ শতাংশ সৈনিকৰ চাকৰিহে চাৰি বছৰৰ পাছত নিয়মীয়া কৰা হ’ব। বাকী ৭৫ শতাংশ বাদ পৰিব। এই বাদ পৰিব লগা সৈনিকসকলকলৈ কৈলাশ বিজয়বৰ্গীয়ৰ এই মন্তব্য স্বাভাৱিকতে অপমানজনক।

তেওঁ পৰোক্ষভাৱে দেশৰ সুৰক্ষাৰ হকে সেৱা আগবঢ়োৱা একোজন সৈনিকৰ মৰ্যাদা বিজেপিৰ কাৰ্যালয়ৰ চিকিউৰিটী গাৰ্ডৰ সমতুল্য কৰি তুলিলে। ইতিমধ্যে তেওঁৰ মন্তব্যক অৰবিন্দ কেজৰিৱাল, বৰুণ গান্ধীৰ দৰে নেতাসকলে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে।

বিজয়বৰ্গীৰ মন্তব্যৰ বিৰুদ্ধে মুখৰ হৈ উঠিছে মমতা বেনাৰ্জীও। পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে এই আঁচনি বিজেপি দলৰ সুবিধাৰ বাবে গ্ৰহণ কৰিছে। ইয়াৰ জড়িয়তে বিজেপিৰ সদস্য বৃদ্ধি আৰু দলীয় সশস্ত্ৰ বাহিনী গঢ়ি তুলিব বিচাৰিছে।

জনতা দল ছেকুলাৰৰ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়েও অনুৰূপ মন্তব্য আগবঢ়াইছে। তেওঁ কৈছে যে অগ্নিপথ আঁচনিৰ দ্বাৰা দেশৰ সেনা বাহিনীক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অধীনলৈ অনাৰ পৰিকল্পনা কৰা হৈছে। এইক্ষেত্ৰতত তেওঁ হিটলাৰৰ নাজী বাহিনীৰ স’তেও অগ্নিপথ আঁচনিখনক তুলনা কৰে।

এইসমূহ হৈছে ৰাজনৈতিক নেতাসকলৰ মন্তব্য। প্ৰতিবাদ চলি থকাৰ মাজতে আজি এনডি টিভিত সুধীন্দ্ৰ কুলকাৰ্ণী নামৰ এগৰাকী পৰ্যালোচকে এটা তাৎপৰ্যপূৰ্ণ লেখা লেখিছে। তেওঁ লিখিছে যে কৃষি আইনৰ দৰেই মোদী চৰকাৰে অগ্নিপথৰ ক্ষেত্ৰতো একেই ভুল কৰিবলৈ অগ্ৰসৰ হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই সুধীন্দ্ৰ কুলকাৰ্ণী আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্যতম পৰামৰ্শদাতা। বিজেপিৰ পিতামহস্বৰূপ বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিল, সেই সময়ত কুলকাৰ্ণী আছিল তেওঁৰ সোহাঁতস্বৰূপ।

আজি বিজেপিৰ মোদীভক্তসকলে বাজপেয়ীৰ বন্দনা কৰে, কিন্তু তেওঁৰ পৰামৰ্শদাতাই কি কি লিখিছে এবাৰ চাও আহক। অগ্নিপথক লৈ বিহাৰত কিদৰে প্ৰতিবাদে বিৰাজ কৰিছে সেই বিষয়েই মূলতঃ তেওঁৰ লিখাটোৰ বিষয়বস্তু। অগ্নিপথৰ বিৰুদ্ধে কিয় এইধৰণে প্ৰতিবাদ হৈছে, সেয়া তেওঁ ব্যাখ্যা কৰি কৈছে যে অগ্নিপথ মোদী চৰকাৰৰ এখন আঁচনি। সাধাৰণতে চৰকাৰী আঁচনিসমূহে লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ মনলৈ আশাৰ সঞ্চাৰ কৰে। কিন্তু অগ্নিপথৰ নিযুক্তি সংখ্যা অত্যন্ত কম। প্রথম পৰ্বত কেৱল ৪৫,০০০ প্ৰাৰ্থীহে ইয়াত বাচনি কৰা হ’ব। নিযুক্তি সংখ্যাই প্ৰতিবাদকাৰীসকলক আশাহত কৰিছে বুলি কুলকাৰ্ণীয়ে মন্তব্য কৰিছে।

আনহাতে, চাৰি বছৰৰ পাছত একোজন অগ্নিবীৰে যদি নিয়মীয়া সৈনিক হিচাপে নিৰ্বাচিত নহয়, তেন্তে তেওঁ কি কৰিব? কোনোধৰণৰ পেন্সনো নাপাব তেওঁলোকে। কুলকাৰ্ণীয়ে লিখিছে যে এইসমূহে অগ্নিপথৰ বিৰুদ্ধে প্ৰতিবাদ ব্যাপক কৰি তুলিছে। প্ৰতিবাদ ব্যাপক হোৱাৰ আন এটা কাৰণত তেওঁ সামাজিক দিশৰ আলোকপাত কৰিছে।

তেওঁ লিখিছে- সেনাবাহিনীত সেৱা আগবঢ়োৱা জোৱানসকলক ‘ফৌজী’ হিচাপে দেশৰ গ্ৰাম্যাঞ্চলসমূহত বিশেষভাৱে সন্মান প্ৰদৰ্শন কৰা হয়। দেশৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়োৱা একোজন ফৌজী স্থানীয় অঞ্চলসমূহৰ গৌৰৱ হিচাপে পৰিগণিত হয়। কিন্তু অগ্নিপথ আঁচনিৰ দ্বাৰা নিযুক্তি লাভ কৰি চাৰি বছৰৰ পাছত যেতিয়া একোজন অগ্নিবীৰ ঘৰলৈ ঘূৰি আহিব, তেতিয়া তেওঁক সেই সন্মান প্ৰদান কৰা নহ’ব। ইয়াৰ কাৰণ হৈছে সেই অগ্নিবীৰজনে নিয়মীয়া সৈনিক হিচাপে উন্নীত হ’বৰ বাবে যোগ্য নহয়। অগ্নিবীৰসকলৰ পৰিয়ালৰ মাজত তেওঁক পৰাজিত, অসফল হিচাপে বিবেচিত কৰা হ’ব। ই সামাজিক মোহভংগ অৱস্থাৰ সূচনা কৰিব।

দেশৰ এগৰাকী সফল প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ পৰামৰ্শদাতাই এইদৰে লিখিছে। তেনেস্থলত অগ্নিপথৰ সমৰ্থনত মোদীভক্তসকলে যি শ্ৰুতলিপি গাই গৈছে, সেয়া নিতান্তই ৰাজনৈতিক পক্ষপাতমূলক। সঁচাকৈয়ে, কৃষি আইনৰ দৰেই ভুলৰ পুনৰাবৃত্তি কৰিছে নেকি চৰকাৰে? প্ৰথমে কৃষক, তাৰপাছত এতিয়া লাখ লাখ সেনাবাহিনীৰ চাকৰিপ্ৰাৰ্থীসকলক জোকাই লৈছে নেকি মোদী চৰকাৰে?