NORTHEAST NOW (Assamese)

মোদী হৈছে দুৰ্নীতিৰ ৰজা : সুস্মিতা দেব

March 16, 2019 6:51 pm · এন ই নাও নিউজ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দুৰ্নীতিৰ ৰজা আখ্যা দিলে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি তথা শিলচৰৰ সাংসদ সুস্মিতা দেবে। আজি শিলচৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত এখন দলীয় সভাত ভাগ লৈ দেৱে এই মন্তব্য কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ প্ৰথম খন প্ৰাৰ্থীৰ তালিকাত সুস্মিতা দেবে শিলচৰৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে।

এইবাৰ নিৰ্বাচনত মোদীয়ে জয়লাভ নকৰে বুলি উল্লেখ কৰি তেওঁ কয়, ‘মোদীয়ে দুৰ্নীতি নিৰ্মুল কৰাৰ কথা ইমান কৈ আহিছে। কিন্তু তেওঁ আৰু তেওঁৰ দলেই দুৰ্নীতিত পোত খাই আছে। লাগিলে সেয়া ৰাফালেই হওক বা বিমুদ্ৰাকৰণেই হওক।‘

ইয়াৰ উপৰি দেশত নিবনুৱাৰ সংখ্য বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১৪ চনত যুৱ প্ৰজন্মৰ ভোটেৰে ক্ষমতালৈ অহা নৰেন্দ্ৰ মোডীক এইবাৰ যুৱ প্ৰজন্মই ভোট নিদিয়ে।

জিলাখনৰ প্ৰতিখন ব্লক, মণ্ডলৰ কৰ্মকৰ্তা উপস্থিত থকা আজিৰ উক্ত সভাত শিলচৰৰ সাংসদ গৰাকীয়ে তেওঁক প্ৰাৰ্থীত্ব দিয়াৰ বাবে এ আই চি চি আৰু এ পি চি চিক ধন্যবাদ জনায়।  আনহাতে সুস্মিতা দেবে প্ৰাৰ্থীত্ব পোৱাৰ বাবে সুখ প্ৰকাশ কৰি জিলা কংগ্ৰেছে তেওঁৰ জয় নিশ্চিত বুলি কয়। উল্লেখযোগ্য যে ২০১৬ চনৰ নিৰ্বাচনত তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থক পৰাজিত কৰিছিল।

Related News