ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে নতুন ডাক টিকট আৰু ১০০ টকীয়া স্মৃতিচাৰণ মুদ্ৰা।
ভাৰতীয় সংস্কৃতি ৰক্ষা আৰু জাতিৰ সেৱাত আৰ এছ এছৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে সংগঠনটোক প্ৰশংসা কৰে। মোডীৰ ভাষাত “আৰ এছ এছৰ গৌৰৱময় ১০০ বছৰ ত্যাগ, নিস্বাৰ্থ সেৱা, জাতি গঠন আৰু অনুশাসনৰ এক অসাধাৰণ নিদৰ্শন।”
দিল্লীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু আৰ এছ এছৰ নেতাসকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে কয়, “১৯৬৩ চনত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলেও ২৬ জানুৱাৰীৰ পেৰেডত অংশ লৈছিল। তেওঁলোকে অন্তৰত দেশপ্ৰেম লৈ গৌৰৱ আৰু সন্মানেৰে সমদল উলিয়াইছিল। জাতিটোৰ সেৱা আৰু সমাজৰ উন্নয়নত অহৰহ নিয়োজিত সংঘৰ স্বেচ্ছাসেৱকসকল এই ডাক টিকটত প্ৰতিফলিত হ’ব।”
ইফালে নৰেন্দ্ৰ মোদীৰ এই পদক্ষেপক সমালোচনা কৰিছে বিৰোধীয়ে। একালত দেশৰ ৰাষ্ট্ৰীয় পতাকা নিজৰ কাৰ্যালয়ত উত্তোলন নকৰা আৰু মহাত্মা গান্ধীৰ ঘাতক নাথুৰাম গডছেক আদৰ্শ বুলি ভবা সাম্প্ৰদায়িক আৰ এছ এছৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত এনে চৰকাৰী সন্মান গণতন্ত্ৰৰ বিৰোধী বুলি অভিহিত কৰিছে সচেতন মহলে।





