NORTHEAST NOW (Assamese)

ভোগালী বিহু উপলক্ষে নৰেন্দ্ৰ মোদীৰ অসমীয়াত কৰা টুইটযোগে অসমবাসীলৈ শুভেচ্ছা

January 15, 2020 10:49 am · এন ই নাও নিউজ
Updated: January 15, 2020 10:53 am
প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী। ফাইল ফটো

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোগালী বিহুৰ শুভেচ্ছা জনাইছে অসমবাসীক।

ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে লিখা এটা টুইটযোগে মোদীয়ে আজি পুৱা দহ বজাত এই শুভেচ্ছা যাচে।

মোদীৰ টুইটটোত এটা ইমেইজ হিচাপে দিয়া কথাখিনি এনে ধৰণৰ-

“ভোগালী বিহুৱে কঢ়িয়াই আনে আশা আৰু সমৃদ্ধিৰ বাৰ্তা। মাঘৰ এই মোহনীয় উৎসৱত মই বিশেষকৈ অসমৰ ভাতৃ-ভগ্নীসকললৈ ওলগ জনাইছো। এই উৎসৱে সমাজত আনন্দ সঞ্চাৰ কৰক”

ইয়াৰ লগতে আজি পুৱাৰ ভাগত দেশবাসীক মকৰ সংক্ৰান্তিৰো শুভেচ্ছা জনায় প্ৰধান মন্ত্ৰীজনে।

উল্লেখ কৰিব পাৰি যে অসমীয়া মানুহে মোদী চৰকাৰে জাপি দিয়া বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে।

প্ৰতিবাদ, বিৰোধ, আন্দোলনৰ মাজতে পতা ভোগালীত মেজিৰ জুইত CAA-ৰ প্ৰতিলিপি দাহ কৰিছে অসমীয়া ৰাইজে।

অসমীয়া মানুহৰ তীব্ৰ প্ৰতিবাদ দেখিয়েই গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়া উদ্বোধন কৰিবলৈ ১০ জানুৱাৰিত আহিব পৰা নাছিল প্ৰধান মন্ত্ৰী মোদী।

তাৰ পূৰ্বেও এই প্ৰতিবাদৰ বাবেই জাপানৰ প্ৰধান মন্ত্ৰী শ্বিনজো আবেৰ সৈতে গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বৈঠক বাতিল কৰিবলৈ বাধ্য হৈছিল মোদীয়ে।

Related News