অসমক মন্ত্ৰী দিয়াত কৃপণালি কৰিছে মোদীয়ে

গুৱাহাটীত সংবাদমেলযোগে মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

Modi shows misery in giving cabinet berths to Assam MPs, says former CM Tarun Gogoi

নৰেন্দ্ৰ মোদীৰ নতুন চৰকাৰত অসমৰ পৰা কেৱল এজনক মন্ত্ৰিত্ব দিয়াক লৈ সুখী নহয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

শুকুৰবাৰে দিচপুৰস্থিত বিধায়ক আৱাসত এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘অসমৰ পৰা এজন মন্ত্ৰী দিয়াত সুখী হোৱা নাই। অসমত মন্ত্ৰী দিয়াত মোদীয়ে কৃপণালি কৰিছে। মোদীয়ে সেই কৃপণালি দূৰ কৰাটো বিচাৰিছো। কাম নাইকিয়া বিভাগ এটা দিছে ৰামেশ্বৰ তেলীক। এই বিভাগত কেন্দ্ৰীয় চৰকাৰে দিয়া ফাণ্ডৰ পৰিমাণ কম।‘ ডিব্ৰুগড়ৰ সাংসদজনক কেন্দ্ৰীয় ৰাজ্যিক খাদ্য সংসাধন বিভাগৰ দায়িত্ব দিয়াক লৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ মন্তব্য।

গগৈয়ে কয় যে অসমৰ পৰা দুই বা তিনিজনে মোদীৰ কেবিনেটত স্থান পাব বুলি ৰাইজে আশা কৰি আছিল।

‘মোদীয়ে যিহেতু ডিঙিত গামোচা পিন্ধি থাকে, গতিকে গামোচাক সন্মান দেখুৱাই অন্ততঃ দুজন মন্ত্ৰী দিব লাগিছিল। যিজনক মন্ত্ৰিত্ব দিছে তেওঁক স্বতন্ত্ৰ হিচাপে দিয়া নাই। তাৰ বিপৰীতে অসমৰ ৰাইজে মোদীক বিপুল ভোট দি সমৰ্থন জনাইছে।‘

কংগ্ৰেছৰ পূৰ্বৰ চৰকাৰসমূহৰ উদাহৰণ দি গগৈয়ে কয় যে কংগ্ৰেছৰ চৰকাৰত দুই তিনিজনতকৈ কম মন্ত্ৰী অসমৰ পৰা দিয়া নাছিল।

‘ইন্দিৰা গান্ধীৰ দিনত দুজন মন্ত্ৰী, মনমোহন সিঙৰ দিনত বিজয় সন্দিকৈ আৰু পৱন সিং ঘাটোৱাৰ আছিল। নৰসিমহা ৰাওৰ দিনত মই নিজে কেন্দ্ৰীয় ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী আছিলো।‘‘আমাৰ দিনৰ সেই উদাহৰণ আজি আছে নেকি?’ বুলি প্ৰশ্ন কৰি গগৈৰ মন্তব্য।

আনহাতে, ৰাওৰ মন্ত্ৰীসভাত তেওঁ নিজেও তেলীক দিয়া বিভাগৰ মন্ত্ৰী আছিলো বুলি উল্লেখ কৰি তেওঁ কয় ‘ময়ো এই বিভাগটোৰ মন্ত্ৰী আছিলো। মই স্বতন্ত্ৰ আছিলো। ক’কাক’লা, কেন্তাকি চিকেন এইবিলাক মোৰ দিনতে আনিছিলো।‘

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই মোদীৰ কেবিনেটত স্থান পাব বুলি চলা বহুল চৰ্চাক লৈয়ো গগৈয়ে মন্তব্য কৰে।

‘হিমন্ত মন্ত্ৰী হ’ব, সাংসদ হ’ব, কিবা কিবি হ’ব, তেওঁ এতিয়া প্ৰধান মন্ত্ৰী হ’বলৈহে বাকী আছে। তেওঁ ৰাস্তা নিৰ্মাণৰ কামকেইটাই ভালকৈ কৰকচোন। মোৰ দিনত হিমন্তই কাম কৰিছিল। এতিয়া হিমন্তই কাম কৰা মই দেখা নাই। এতিয়া তেওঁক হাস্পতাললৈ যোৱা দেখা নাই।‘ গগৈয়ে কয়।

লগতে পঢ়ক– নতুন দিল্লীত উত্তৰ-পূবৰ “কম প্ৰতিনিধিত্ব” অব্যাহত থাকিল