বন্ধ হ’ল মোদীৰ মন কী বাত : এতিয়া ‘কাম কী বাত’ হ’বনে?

তিনিমাহৰ বাবে প্ৰচাৰ নহয় প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ ‘মন কি বাত’। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই কথা কয়। 

কিন্তু কিয়? আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এই ৰেডিঅ’ অনুষ্ঠান আৰু সম্প্ৰচাৰ বন্ধ কৰিছে নৰেন্দ্ৰ মোদীয়ে। নিৰ্বাচনৰ নিয়ম অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। 

দেওবাৰে মান কী বাটৰ ১১০ সংখ্যক খণ্ডত সেই কথাই ক’লে প্ৰধানমন্ত্ৰীয়ে। 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত লোকসভা নিৰ্বাচনৰ পৰিৱেশ সৃষ্টি হৈছে। যোৱাবাৰৰ দৰে মাৰ্চ মাহতো জাৰি হ’ব পাৰে নিৰ্বাচনী আচৰণ বিধি। 

তেওঁ আৰু কয়, ‘যোৱা ১১০টা খণ্ডত আমি মান কি বাতক চৰকাৰৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰখাটো আমাৰ সফলতা। 

ৰাজনৈতিক নীতি অনুসৰি অহা ৩ মাহলৈ মান কি বাত প্ৰচাৰ নহ’ব। অৱশ্যে প্ৰধানমন্ত্ৰীয়ে এই কথাও অৱগত কৰে যে নিৰ্বাচনৰ পিছত পুনৰ এই অনুষ্ঠান আলোচনা কৰা হ’ব। 

এতিয় নৰেন্দ্ৰ মোদীৰ এই সিদ্ধান্তৰ পিছত প্ৰশ্নত উত্থাপন হৈছে – ইমান দিনে মোদীয়ে ‘মন কী বাত’ কৰিছিল, কাম কী বাত কেতিয়া কৰিব? ইমান দিনে মোদীয়ে নিজৰ মনৰ কথা কৈ আহিছিল, এইবাৰ ৰাইজৰ মনৰ কথা শুনিবনে প্ৰধানমন্ত্ৰীয়ে?