মোদীৰ স্বচ্ছ ভাৰত মিশ্যনৰ উদ্দেশ্য ব্যৰ্থ; ৰাজ্যত তিনি বছৰত লক্ষ্যৰ ২০ শতাংশ শৌচাগাৰহে নিৰ্মাণ

swachhata-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত মিশ্যনৰ অংশ হিচাপে অহা বছৰৰ দুই অক্টোবৰৰ ভিতৰত দেশ তথা ৰাজ্যক মুকলিত মল ত্যাগ মুক্ত হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু ২০১৫ বৰ্ষতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢাক ঢোল বজাই আৰম্ভ কৰা স্বচ্ছ ভাৰত মিশ্যন ভেঁকো-ভাওনাৰে ভৰা আঁচনিলৈ পৰিণত হৈছে।

ইফালে অসমতো স্বচ্ছ ভাৰত মিশ্যন ভেঁকো-ভাওনাত পৰিণত হোৱাৰ তথ্য পোহৰলৈ আহিছে। স্বচ্ছ ভাৰত মিশ্যন (নগৰ), অসমে ২০১৬ৰ পৰা ২০১৯ৰ ২ অক্টোবৰলৈ চাৰি বছৰত লক্ষ্য নিৰ্ধাৰণ কৰা ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ কৰা কাম যোৱা তিনি বছৰত মাত্ৰ বিশ শতাংশহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। বাকী নিৰ্ধাৰিত আশী শতাংশ ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ কৰা কাম এতিয়াও আধৰুৱা হৈ আছে।

স্বচ্ছ ভাৰত মিশ্যন (নগৰ) অসমৰ তথ্য মতে স্বচ্ছ ভাৰত মিশ্যন (নগৰ) অসমে অহা ২০১৯ৰ ২ অক্টোবৰৰ ভিতৰত ৰাজ্যত  ৬৮,৩৮৮টা ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু বিগত প্ৰায় আঢ়ৈ বছৰত অৰ্থ্যাৎ ২০১৬ চনৰ পৰা আজিলৈকে নিৰ্ধাৰণ কৰা ৬৮,৩৮৮ টা ব্যক্তিগত শৌচাগাৰৰ ভিতৰত বিশ শতাংশ অৰ্থ্যাৎ মাত্ৰ ১৩,১০৬টা শৌচাগাৰৰহে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

আকৌ  স্বচ্ছ ভাৰত অভিযান (নগৰ) অসমে ৰাজ্যত ২০১৬ৰ পৰা অহা ২০১৯ৰ ২ অক্টোবৰৰ ভিতৰত ২০০০টা ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।  নিৰ্ধাৰণ কৰা ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰ ভিতৰত এতিয়ালৈ মাত্ৰ  ৯ শতাংশ অৰ্থ্যাৎ মাত্ৰ ১৪৬টা ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰহে নিৰ্মাণ সম্পূৰ্ণ হৈছে।

এইধৰণৰ ব্যৱস্থাপনাৰ মাজেৰে স্বচ্ছ ভাৰত অভিযান (নগৰ) অসমে সামৰি লোৱা ৰাজ্যৰ ৯৬খন নগৰ কমিটীৰ ৯১খন নগৰ কমিটীয়ে নিজাৱবীয়াকৈ মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰিছে। ইয়াৰ ভিতৰত ৩৩খন নগৰ কমিটীক কেন্দ্ৰীয় চৰকাৰে মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰিছে।

নগৰ কমিটীয়ে নিজাৱবীয়াকৈ মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰা প্ৰক্ৰিয়াটোত কিমান নিৰ্ভৰযোগ্যতা আছে তাক লৈ সন্দেহৰ প্ৰশ্ন উঠিছে। ব্যক্তিগত, ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ নগৰবোৰে নিজাববীয়াকৈ মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰি আছে।

মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত মিশ্যনে (নগৰ) নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলী পৌৰ সভাবোৰে পালন কৰা দেখা নাযায়। মুকলিত মল মুক্ত ঠাই হিচাপে ঘোষণা কৰাৰ গোটেই প্ৰক্ৰিয়াটোৰ বাবে মুঠ ন মাহৰ প্ৰয়োজন হয়। কিন্তু বাস্তৱত স্থানীয় নিকায়সমূহে নগৰখনত প্ৰথমে ব্যক্তিগত, ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰ অভাৱ পূৰণ নকৰাকৈ তিনিমাহৰ ঠাইত তিনিদিনত পৰীক্ষনৰ ব্যৱস্থা কৰাৰ পিছত নিজাৱবীয়াকৈ নগৰসমূহক মুকলিত মল মুক্ত হিচাপে ঘোষণা কৰি আছে।

আৰম্ভণিতে ব্যক্তিগত শৌচাগাৰ নিৰ্মাণৰ বাবদ কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ৪০০০ টকা দিছিল। ব্যক্তিগত শৌচাগাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ত হিতাধাকাৰীক মাত্ৰ ২০০০ টকা মোকলাই দিছিল। পিছত  অৰ্থ্যাৎ  চলিত বৰ্ষৰ পৰা  ব্যক্তিগত শৌচাগাৰ নিৰ্মাণৰ বাবদ দিয়া টকাৰ পৰিমাণ কেন্দ্ৰীয় চৰকাৰে  ৪০০০ টকাৰ পৰা ১০,৮০০ টকালৈ বৃদ্ধি কৰিবলৈ বাধ্য হয়। এনেদৰে অদূৰদৰ্শীতা আৰু অৱহেলাৰে চলি আছে  স্বচছ ভাৰত মিশ্যন।