কলকাতাৰ মহমেদান আৰু দুলীয়াজানৰ অইলৰ মাজত হ’ব বৰদলৈ ট্ৰফীৰ ফাইনেল

06-11-18 Guwahati- Bordoloi Trophy BSF vs Mohammedan sporting (2)

কলকাতাৰ মহমেদান স্প’ৰ্টিং আৰু জলন্ধৰৰ বি এছ এফ দলৰ মাজত হোৱা বৰদলৈ ট্ৰফীৰ প্ৰথমখন ছেমিফাইনেলৰ এক দৃশ্য ফটো : য়ু বি

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ৬৫ সংখ্যক ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ট্ৰফীৰ ফাইনেলত কলকাতাৰ মহমেদান স্প’ৰ্টিং ক্লাব আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল দল দুটাই প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

মঙলবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ দুয়োখন ছেমিফাইনেল অনুষ্ঠিত হৈছিল। ইয়াৰে প্ৰথমখন ছেমিফাইনেলত কলকাতাৰ মহমেদান স্প’ৰ্টিঙে জলন্ধৰৰ বি এছ এফ দলক ছাডেন ডেথৰ সহায়ত ৬-৫ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়।

আনহাতে দ্বিতীয়খন ছেমিফাইনেলত দুলীয়াজানৰ অইল ইণ্ডিয়াই ইম্ফলৰ ট্ৰাউ দলক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। অতি উত্তেজনাপূৰ্ণ মেচখনত ট্ৰাউ দলৰ হৈ এমেকাই দুটা গ’ল কৰাৰ বিপৰীতে অইল ইণ্ডিয়াৰ হৈ মেণ্ডিলা ৰংমে দুটা আৰু চিৰণদীপ মৰাণে এটা গ’ল প্ৰদান কৰে।

এতিয়া অহা ৮ নৱেম্বৰত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামতে সন্ধিয়া ৫ বজাৰ পৰা মহমেদান স্প’ৰ্টিং ক্লাব আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল দলৰ মাজত ফাইনেল মেচখন অনুষ্ঠিত হ’ব।