NORTHEAST NOW (Assamese)

মহেন বুঢ়াগোহাঁই আহোম সভাৰ নতুন সভাপতি নিৰ্বাচিত; নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সংগ্ৰামৰ সিদ্ধান্ত সভাৰ

January 6, 2019 2:59 pm · এন ই নাও নিউজ

ডিব্ৰুগড়ত চলি থকা অসম আহোম সভাৰ ৬১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ ৫ জানুৱাৰিত অনুষ্ঠিত প্ৰতিনিধি সভাই মহেন বুঢ়াগোহাঁইক আহোম সভাৰ পৰৱৰ্তী সভাপতি আৰু হেমকান্ত দিহিঙীয়াক সম্পাদক নিৰ্বাচিত কৰে। প্ৰতিনিধি সভাই নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰে। উল্লেখযোগ্য যে মহেন বুঢ়াগোহাঁই অধিৱেশনখনৰ আদৰণি সমিতিৰ সভাপতি আছিল।

প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় আহোম সভাই। তাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ কৰাৰ দাবীত আন্দোলন, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সৈতে ঐক্যবদ্ধ আন্দোলন চলাই নিয়াৰ পোষকতা কৰে সভাই।

আনহাতে প্ৰতিনিধি সভাই অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং ছ্যুকাফাৰ নামত এখন বিশ্ববিদ্যালয় আৰু বৰ্তমানৰ কেওখন বিশ্ববিদ্যালয়তে তেওঁৰ নামত আসন প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰক দাবী জনাবলৈও প্ৰস্তাৱ গ্ৰহণ কৰে।

৫ জানুৱাৰিৰ দুপৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড0 ভীমকান্ত বৰুৱাৰ সঞ্চালনাত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনাটোত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পুষ্পধৰ গগৈয়ে মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সুদৰ্শন বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্ৰাধ্যাপক তথা ছাত্ৰ কল্যাণ বিভাগৰ ডীন ড০ জিতেন হাজৰিকা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ সংগীতা গগৈ আৰু মৰাণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নিৰোদ গোহাঁয়েও আলোচক হিচাপে অংশগ্ৰহণ কৰে।

Related News