ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে অসমক ড্ৰাগছ মুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ শপত গ্ৰহণ কৰাৰ পিছত স্পষ্ট কৰি দিছিল যে তেওঁৰ চৰকাৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক সকলো ধৰণৰ ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। এই পৰ্যন্ত ৰাজ্যখনত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৯ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
তাৰ মাজতে ৰাজ্যখনৰ মৰিগাঁও জিলাৰ এক অভিনৱ ঘোষণাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জিলাখনৰ মৈৰাবাৰীত ঘোষণা কৰা হৈছে যে ড্ৰাগছ গ্ৰহণ কৰা বা সৰবৰাহৰ লগত জড়িত কোনো ব্যক্তিৰ মৃত্যু হ’লে তেওঁক সেই অঞ্চলত কবৰ দিব নোৱাৰিব।
লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উপেক্ষা কৰি দিল্লীৰ আমোলা নিযুক্তিৰ ক্ষমতা পুনৰ নিজৰ হাতলৈ নিলে কেন্দ্ৰই
মৈৰাবাৰী টাউন কবৰস্থান সমিতিৰ সভাপতি মেহবুব মুক্তাৰে কয়, “কবৰস্থান কমিটিয়ে এক সাহসী সিদ্ধান্ত লৈছে। যদি ড্ৰাগছ আসক্তিৰ বাবে বা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত কোনো ব্যক্তিৰ মৃত্যু হয় তেন্তে তেওঁক কবৰ দিব নোৱাৰিব। আমাৰ অঞ্চলত ড্ৰাগছ সৰবৰাহৰ ঘটনা বন্ধ কৰিবলৈকে আমি এই সিদ্ধান্ত লৈছো।”
তেওঁ লগতে কয় যে তেওঁলোকৰ অঞ্চলৰ বহু যুৱক এই ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ লগত জড়িত হৈ পৰে। নাবালকসকলো ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে এনে পদক্ষেপ এই পৰিৱেশৰ পৰা মুক্ত হোৱাৰ বাবে।
তেওঁ কয় যে কেৱল তেওঁলোকক কবৰ দিবলৈ নিদিয়াই নহয়, ড্ৰাগছ আসক্ত বা ড্ৰাগছ সৰবৰাহকাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাতো কাকো অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব।
লগতে পঢ়ক: জোনমণি ৰাভাৰ মৃত্যু ৰহস্য: মুখ্য কাৰ্যালয়ত “ক্ল’জ” কৰা হ’ল চাৰিজন আৰক্ষী বিষয়াক
মৈৰাবাৰীৰ এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে যোৱা ২ বছৰে তেওঁৰ চৰকাৰে ড্ৰাগছ সৰবৰাহ বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৯ হাজাৰ ৩০৯ জন লোকক গ্ৰেপ্তাৰ কৰাৰ উপৰি অসম চৰকাৰে ১ হাজাৰ ৪৩০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। ৪২০ একৰ ভাং আৰু আফিং খেতিও ধ্বংস কৰা হৈছ।