• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউন; দেশৰ কোন কোন ৰাজ্যত খাটি খোৱা লোকৰ বাবে ৰাজ সাহায্য? অসমত কিমান?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2020 9:40 am
1informal_sector_workers_505_071519082200

প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য-ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত ইতিমধ্যে ২১ দিনীয়া ল’কডাউন ঘোষণা কৰা হৈছে।

ল’কডাউনৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দিন মজুৰি কৰাৰ লগতে পথ ব্যৱসায়ী, ফেৰীৱালা, অসংগঠিত শ্ৰমিক আদি দৈনিক আয়ৰ ওপৰত জীৱন নিৰ্বাহ কৰা সাধাৰণ শ্ৰেণী লোকসকল।

Apply Now

ইতিমধ্যে দিল্লী আৰু কেৰেলা চৰকাৰে এনে জনহিতৈষী আঁচনি লোৱাৰ পিছতে অন্য কিছুমান ৰাজ্যও এনে ব্যৱস্থাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে, দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে সাধাৰণ শ্ৰেণী লোকৰ বাবে ৰেচন বিনামূলীয়া কৰাৰ লগতে ইয়াৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি কৰিছিল।

সামূহিক খাদ্য যোগান আঁচনিৰ দ্বাৰা পদ পথৰ আৱাসীসকলৰ বাবে খাদ্য যোগানো ধৰিছে কেজৰিৱাল চৰকাৰে। তেওঁলোকৰ বাবে আশ্ৰয়স্থলৰো ব্যৱস্থা কৰা হৈছে। আনহাতে কেৰেলা চৰকাৰে ঘৰে ঘৰে বিনামূলীয়া ৰেচন দিয়াৰ ব্যৱস্থা কৰিছে ল’কডাউনৰ পূৰ্বে।

ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, গুৱৰাট, তেলংগানা, ৰাজস্থান, উত্তৰাখণ্ডৰ লগতে জন্মু আৰু কাশ্মীৰতো এনে ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰা হৈছে।

উত্তৰ প্ৰদেশ চৰকাৰে শ্ৰমিক ভৰণ পোষণ যোজনাৰ অধীনত ৩৫ লাখ এনে সাধাৰণ শ্ৰেণী খাটি খোৱা লোকৰ বাবে মাহে ১০০০ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

হিতাধিকাৰীসকলৰ একাউন্টত এই ধন জমা কৰা হ’ব। বেংক একাউন্ট নথকাসকলৰ বাবে বিশেষ ব্যৱস্থাৰে এই ধন দিয়াৰ ব্যৱস্থা কৰা হ’ব।

অন্ধ্ৰ প্ৰদেশ চৰকাৰে অসংগঠিত এনে শ্ৰেণীলোকৰ লগতে বি পি এল হিতাধিকাৰীক মাহে ১০০০ টকাকৈ আগবঢ়াব। অহা ৪ এপ্ৰিলৰ পৰা এই ধন ৰাশি গাঁৱ আৰু ৱাৰ্ডৰ স্বেচ্ছাসেৱকসকলে হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ প্ৰদানৰ কৰিব। অন্ধ্ৰৰ চৰকাৰে তেওঁলোকক তেল নিমখৰ লগতে ১ কিলোগ্ৰামকৈ দাইল দিব।

গুজহাট চৰকাৰে ৬০ লাখ তেনেলোকৰ বাবে ১ এপ্ৰিলৰ পৰা গাইপতি ২.৫ কিলোগ্ৰাম ঘেঁহু, ১.৫ কিলোগ্ৰাম চাউল, দাইল নিমখ আৰু চেনী দিয়াৰ ব্যৱস্থা কৰিছে। গুজৰাট চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে এই খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰিব।

তেলেংগা চৰকাৰে তেনেলোকৰ বাবে মাহে ১,৫০০ টকা প্ৰদান কৰাৰ লগতে পহিলা এপ্ৰিলৰ পৰা পূৰ্বৰ ৬ কিলোগ্ৰামৰ পৰিৱৰ্তে ১২ কিলোগ্ৰাম চাউল বিনামূলীয়াকৈ যোগান ধৰিব। ২০১৪ চনত কৰা সৰ্বাত্মক পৰিয়াল সমীক্ষাৰ জৰিয়তে খাদ্যসামগ্ৰী যোগান ধৰাৰ পৰিৱৰ্তে বেংক একাউন্টত ধন জমা কৰি দিব।

ৰাজস্থান চৰকাৰে তেনে শ্ৰেণীলোকক সামাজিক নিৰাপত্তা বীমা আঁচনিৰ জৰিয়তে মাহে ১০০০ টকাকৈ আগবঢ়াব। জিলা প্ৰশাসনৰ দ্বাৰা তেনে শ্ৰেণীলোকক চিনাক্ত কৰি ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ যোগেদি বেংকৰ একাউন্টত এই ধন জমা কৰা হ’ব।

জন্মু আৰু কাশ্মীৰত ৰাজ্যিক কৰ্মচাৰী বীমা নিগম( ESIC)ৰ যোগে এই শ্ৰেণীলোকক মাহে ১০০০ টকাকৈ প্ৰদান কৰা হ’ব। শ্ৰম আৰু নিয়োগ বিভাগে এই লোকসকলক চিনাক্ত কৰিব।

উত্তৰাখণ্ড চৰকাৰে তেনেশ্ৰণী লোকক ১০০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে। জিলা দণ্ডাধীশ আৰু শ্ৰম বিষয়াই তেনে শ্ৰেণী লোকক সমীক্ষাৰ যোগেদি বাচনি কৰি বেংক একাউন্টত আৰু বেংক একাউন্ট নথকাসকলক নগদ ধন প্ৰদান কৰিব।

আনহাতে অসম চৰকাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ কথা ঘোষণা কৰাৰ বাহিৰে এই শ্ৰেণী লোকৰ বাবে কোনো ব্যৱস্থা বৰ্তমানলৈকে লোৱা নাই। যাৰ বাবে সামাজিক মাধ্যমত অসম চৰকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে সচেতন নাগৰিকৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd