ৰাজ্যৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চূড়ান্ত উপদ্ৰৱ চলোৱাৰ সমান্তৰালভাৱে আন বহু অঞ্চলত বান্দৰেও অব্যাহত ৰাখিছে চূড়ান্ত উপদ্ৰৱ। বান্দৰৰ উপদ্ৰৱৰ ফলত ত্ৰাহিমধুসূদন সুঁৱৰিছে স্থানীয় ৰাইজে। ঘৰ, বাৰি, ধাননি পথাৰ সকলোতে এতিয়া বান্দৰৰ সন্ত্ৰাস।
নগাঁও জিলাৰ পুৰণিগুদামৰ পাৰঘাট, বৰপানীগাঁও, কেওঁতৰচুক, ম’ৰাচুক, নলবৰা গাঁৱকে আদি কৰি পুৰণিগুদামৰ বেছিভাগ অঞ্চলৰ ৰাইজৰ মূল সমস্যা ৰূপে পৰিগণিত হৈ পৰিছে এসময়ত হনুমান হিচাপে শ্ৰদ্ধা কৰা বান্দৰ।
শ শ সংখ্যাত অহা বান্দৰৰ উপদ্ৰৱৰ বাবে ধান কেঁচাতে কাটিবলৈ বাধ্য হৈছে গাঁৱৰ কৃষকে। বান্দৰৰ জাকে কেঁচা ধাননিত সোমাই এফালৰ পৰা খাই তহিলং কৰিছে ধাননি পথাৰ। বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ পুৱাৰ পৰা নিশাৰ ভাগলৈকে পথাৰত পহৰা দিব লগা হৈছে গাঁও বাসীয়ে।
ইফালে পথাৰৰ ধানক বাদ দি মানুহে শাক পাচলিৰ আকশলংঘী মূল্য বৃদ্ধি হোৱাৰ সময়তো ঘৰৰ বাৰীত কৰিব নোৱাৰে কোনোধৰণৰ শাক পাচলিৰ খেতি।
বান্দৰৰ সমস্যাৰ ওপৰত যদি বন বিভাগে গুৰুত্ব প্ৰদান নকৰি কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া সৰ্বসাধাৰই ৰাইজ ইয়াতকৈয়ো ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’ব লগীয়া হ’ব।
সেয়ে স্থানীয় ৰাইজে এই ক্ষেত্ৰত বন বিভাগক উচিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে।