NORTHEAST NOW (Assamese)

বান্দৰে থপিয়াই নিলে কোভিড-১৯ ৰোগীৰ তেজৰ নমুনা; video ভাইৰেল

May 29, 2020 7:32 pm · এন ই নাও নিউজ
Updated: May 29, 2020 7:35 pm
প্রতিনিধিত্বমূলক ছবি। ইণ্টাৰনেটৰ পৰা সংগৃহীত।

আজি উত্তৰ-প্ৰদেশৰ মীৰুটত এটা বান্দৰে এগৰাকী লেব টেকনিচিয়ানৰ পৰা কোভিড-১৯ ৰোগীৰ তেজৰ নমুনা থপিয়াই নিয়া ঘটনাই চাঞ্চল্যৰ লগতে উদ্ধেগৰ সৃষ্টি কৰিছে।

মীৰুট চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী লেব টেকনিচিয়ানৰ পৰা বান্দৰটোৱে তেজৰ নমুনা থপিয়াই নিয়ে।

বান্দৰটোৱে এজোপা গছৰ ওপৰত বহি নমুনাখিনি সোমোৱাই থোৱা এটা বগা ৰঙৰ পেকেট চোবাই থকা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

মীৰুট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ এছ কে গাৰ্গে কয়, ‘ঘটনাটো আমি দৃষ্টিগোচৰ হোৱাত আমি লেব টেকনিচিয়ানজনক এই বিষয়ে প্ৰশ্ন কৰোঁ। আমাৰ মতে থপিয়াই নিয়া নমুনাখিনি ৰোগীৰ ডিঙি আৰু জিভাৰ পৰা সংগ্ৰহ কৰা স্বাব চেম্পুল নহয়।’

‘এইসমূহ কোভিড-১৯ ৰোগীৰ পৰা নিয়মীয়া চিকিৎসাৰ সময়ত গ্ৰহণ কৰা তেজৰ নমুনা হয়। কোভিড-১৯ৰ নমুনাসমূহ এটা বাকচত ভৰাই থোৱা থাকে কিন্তু এই সমূহ নমুনা নাখাকে।’ তেওঁ লগতে কয়।

অৱশ্যে অধ্যক্ষ গাৰ্গে কয় যে যিহেতু এই পৰ্যন্ত জন্তুৰ পৰা কোভিড-১৯ সংক্ৰমিত হোৱা কোনোধৰণৰ তথ্য নাই গতিকে ইয়াক লৈ বিশেষ চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই।

Related News