• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিছু সময় বিৰতিৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে অন্য এক ভাল খবৰ

Kalpa Saikia কল্পজ্য়োতি শইকীয়া
গুৱাহাটী , May 29, 2020 7:43 pm

2 min read

দ্ৰুত গতিত বাঢ়িছে ক’ৰ’না : ইয়াৰ মাজতে স্বাস্থ্য মন্ত্ৰীয়ে দিলে এক সুখৰ বতৰা

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

111.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ক’ৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ মাজতে আজিৰ দিনটোত পুনৰ ১৬ গৰাকী ক’ৰ’না আক্ৰান্তক সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ইয়াৰে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ পৰা ১২ গৰাকী লোকক মুক্তি দিয়া হয়। কামৰূপ মহানগৰৰ ৯ গৰাকী, নগাঁও, হোজাইৰ আৰু বাক্সাৰ এগৰাকী লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া হয়।

মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত মুঠ ১৪৫ গৰাকী ক’ৰ’না আক্ৰান্তক ভৰ্তি কৰোৱা হৈছিল আৰু ইয়াৰ ভিতৰত বৰ্তমানলৈ ৭৩ গৰাকী সুস্থ হৈ ঘৰলৈ উভটিছে।

ইয়াৰোপৰি শিলচৰ মেডিকেল কলেজ হস্পিটেলৰ পৰা তিনিগৰাকী, যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ পৰা এগৰাকী লোকক মুক্তি দিয়া হৈছে।

আটাইকেইগৰাকী লোকক দুবাৰকৈ টেষ্ট কৰাত ফলাফল নিগেটিভ ওলোৱাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

অৱশ্যে, লোককেইগৰাকীৰ নাম প্ৰকাশ কৰা নাই স্বাস্থ্য মন্ত্ৰীয়ে।

ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত ৩৮ গৰাকীকৈ লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

কিছু সময় পূৰ্বে ক’ৰ’ণামুক্ত হৈছিল ৬ গৰাকী লোক। জি এম চি এইচৰ পৰা মুক্তি দিয়া হৈছিল লোক কেইগৰাকীক। লোককেইগৰাকীক দুবাৰকৈ টেষ্ট কৰাত ফলাফল নিগেটিভ ওলোৱাত জি এম চি এইচৰ পৰা যাবলৈ দিয়া হয়।

কালি নিশা প্ৰায় ৮:৩০ বজাত ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

ইয়াৰে ১৫ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা আৰু এগৰাকীক শিলচৰ মেডিকেল কলেজৰ পৰা মুক্তি দিয়া হৈছিল।

কালিৰ পৰা আজিলৈকে ৪৮ গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত ৭৯৪ লৈ হ্ৰাস পালে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত এতিয়ালৈকে ১২৫ গৰাকী লোক ক’ৰ’ণা মুক্ত হৈছে।

যোৱা ২৭ মে’ত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

২৩ মে’ ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক জি এম চি এইচৰ পৰা মুক্তি দিয়া হৈছিল।

তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল জি এম চি এইচৰ পৰা।

দুয়োগৰাকীৰ দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত কোভিড-১৯ নিগেটিভ ওলোৱাত যাবলৈ দিয়া হৈছিল চিকিৎসালয়ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত জি এম চি এইচৰ কনিষ্ঠ চিকিৎসক ডা০ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছে।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ৫৫ গৰাকী লোক এই কোভিড-১৯ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ৯০০ অতিক্ৰম কৰাত সকলো আতংকিত হৈ আছে যদিও ২৪ ঘণ্টাত ৩৮ গৰাকীকৈ ৰোগী ক’ৰ’নামুক্ত হোৱাটোৱে কিছু পৰিমানে সুখৰ বতৰা কঢ়িয়াই আনিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd